• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আন এক অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে, অতিক্ৰম কৰিলে ৰিকী পণ্টিঙক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 23, 2021 8:33 pm

2 min read

আন এক অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে, অতিক্ৰম কৰিলে ৰিকী পণ্টিঙক
391
VIEWS
Share on FacebookShare on Twitter

আন এক অভিলেখৰ গৰাকী হ’ল টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলী।

পুনেত ইংলেণ্ডৰ বিৰুদ্ধে আজি অনুষ্ঠিত তিনিখনিয়া শৃংখলাৰ প্ৰথমখন এদিনীয়াত তেওঁ ৫৬ ৰাণৰ এক সুন্দৰ ইনিংছ উপহাৰ দিয়ে।

এই ইনিংছটোৰে তেওঁ ঘৰুৱা মাটিত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া, টেষ্ট আৰু টি-২০ত দ্ৰুতগতিত ১০,০০০ ৰাণ সংগ্ৰহ কৰাৰ অভিলেখ স্থাপন কৰিছে।

ইয়াৰ পূৰ্বে এই অভিলেখ আছিল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকী পণ্টিঙৰ হাতত।

কোহলীয়ে অৰ্ধ শতক অৰ্জন কৰাৰ লগে লগে এই অভিলেখত উপনীত হয়।

ঘৰুৱা মাটিত বৰ্তমানলৈকে তেওঁ ৬১.৭৪ এভাৰেজ ৰাণসহ ১৯৫টা ইনিংছত ১০০০২ ৰাণ সংগ্ৰহ কৰিছে।

আনহাতে পণ্টিঙে এই অভিলেখ স্থাপনৰ বাবে খেলিব লগা হৈছিল ২১৯ টা ইনিংছ।

বৰ্তমান, এই অভিলেখৰ তালিকাত কোহলী আৰু পণ্টিঙৰ পাছতে আছে শচীন টেণ্ডুলকাৰ।

টেণ্ডুলকাৰে ২২৩টা ইনিংছত এই ৰাণ সংগ্ৰহ কৰিছিল।

ঘৰুৱা মাটিত ১০,০০০ ৰাণ সংগ্ৰহ কৰা আনকেইজন বেটছমেন হৈছে- শ্ৰীলংকাৰ মাহেলা জয়াবৰ্দেন, কুমাৰ ছাংগাক্কাৰা আৰু দক্ষিণ আফ্ৰিকাৰ জেকছ কালিছ।

আনহাতে, আজি অনুষ্ঠিত হোৱা মেচখনত ইংলেণ্ডে টছত জিকি বলিং কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

ভাৰতে প্ৰথম ইনিংছত পাঁচ উইকেটত ৩১৭ ৰাণ সংগ্ৰহ কৰি সন্মানজনক স্থানত উপনীত হয়।

অপেনাৰ শিখৰ ধাৱান (৯৮), অধিনায়ক কোহলী (৫৬), কে এল ৰাহুল (৬২) আৰু এদিনীয়া অভিষেক ঘটোৱা ক্ৰুণাল পাণ্ডিয়াই (৫৮) বেটিং বিক্ৰম প্ৰদৰ্শন কৰে।

উল্লেখযোগ্য যে মাত্ৰ ২৬টা বলতে অৰ্ধশতক অৰ্জন কৰি পাণ্ডিয়াই অভিষেক মেচত আটাইতকৈ দ্ৰুতগতিত অৰ্ধশতক কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে।

ইংলেণ্ডৰ হৈ বেন ষ্টকছে ৩টা আৰু মাৰ্ক উডে ২টাকৈ উইকেট লাভ কৰে।

বাতৰি লিখাৰ পৰলৈকে, ইংলেণ্ডে ৩১৮ ৰাণৰ লক্ষ্য আগত লৈ ২৫ অভাৰত পাঁচটা উইকেট হেৰুৱাই ১৭৬ ৰাণ সংগ্ৰহ কৰিছে।

ইংলেণ্ডৰ এই সৱল স্থিতিৰ মূলতে হ’ল জনী ব’ৰিষ্ট’ৰ ৬৬টা বলত ৯৪ ৰাণৰ এক দুৰ্দান্ত ইনিংছ।

আনহাতে, ভাৰতৰ হৈ শ্বাৰদুল ঠাকুৰে ৩টা আৰু কেৰিয়াৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ খেলা প্ৰসিদ্ধ কৃষ্ণই ২টাকৈ উইকেট লাভ কৰিছে।

Recent News

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd