• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০১১ চনৰ বিশ্বকাপ বিজয়ৰ ১০ বছৰ পূৰ্তি : কি অনুভৱ ব্যক্ত কৰিলে যুৱৰাজ, সেহৱাগ, গম্ভীৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2021 2:48 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১০ বছৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট জগত এক বিৰল ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছিল।

১৯৮৩ চনৰ পাছত দ্বিতীয়বাৰৰ বাবে টীম ইণ্ডিয়াই আইচিচি বিশ্বকাপ জয় কৰি ভাৰতীয় ক্ৰিকেটানুৰাগীৰ এটি বহুদিনীয়া আকাংক্ষা পূৰণ কৰিছিল।

Apply Now

বিশ্বকাপৰ ফাইনেলখন অনুষ্ঠিত হৈছিল ২০১১ চনৰ ২ এপ্ৰিলত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত।

বিপক্ষ আছিল শ্ৰীলংকা।

মহেন্দ্ৰ সিং ধোনীয়ে কোবোৱা এটা বিশাল ছয়ৰ জৰিয়তে ভাৰতে বিজয়লক্ষ্যত উপনীত হৈছিল।

বিজকাপ বিজয়ৰ দহ বছৰ পূৰ্তি উপলক্ষে টুইটাৰ আৰু ইনষ্টাগ্ৰামত টীম ইণ্ডিয়াৰ বিশ্বকাপবিজয়ী খেলুৱৈসকলে আজি কৰা প’ষ্টসমূহে চৰ্চা লাভ কৰিছে।

যুৱৰাজ সিং, হৰভজন সিং, বিৰেন্দৰ সেহৱাগ- কোনো এইক্ষেত্ৰত পাছ পৰি থকা নাই।

যুৱৰাজ সিঙে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে যে ২০১১ চনৰ ২ এপ্ৰিল তাৰিখটোত এটা ইতিহাস ৰচনা কৰা হৈছিল।

ভিডিঅ’টোত বিশ্বকাপখনৰ কেইবাটাও মুহূৰ্ত তেওঁ সংলগ্ন কৰিছে।

 

View this post on Instagram

 

A post shared by Yuvraj Singh (@yuvisofficial)

বিশ্বকাপ বিজয়ত অন্যতম অৰিহণা যোগাই ‘মেন অৱ দ্যা চিৰিজ’ সন্মান লাভ কৰা তাৰকা অলৰাউণ্ডাৰজনে ইনষ্টাগ্ৰাম প’ষ্টটোত লিখে যে দেশৰ গৌৰৱপূৰ্ণ এই অনুভৱটো প্ৰকাশ কৰিবলৈ তেওঁ কোনো শব্দ বিচাৰি পোৱা নাই।

টীম ইণ্ডিয়াৰ তদানীন্তন প্ৰশিক্ষক গেৰী কাৰ্ষ্টেনক সোঁৱৰণ কৰি যুৱৰাজ সিঙে কয় যে কাৰ্ষ্টেনে তেওলোকৰ মাজত ঐক্য আনিছিল আৰু বিশ্ববিজয়ী হোৱাৰ বাবে আত্মবিশ্বাসী কৰি তুলিছিল।

বিশ্বকাপ বিজয়ী দলটোৰ অন্যতম মেৰুদণ্ডস্বৰূপ শচীন টেণ্ডুলকাৰকো সোঁৱৰণ কৰি যুৱৰাজে কয় যে টেণ্ডুলকাৰে দশক ধৰি কঢ়িয়াই লৈ ফুৰা সপোনটো পূৰণ কৰিবলৈ তেওঁলোক উন্মুখ হৈ আছিল।

তদুপৰি ভিডিঅ’টোত তেওঁ মহেন্দ্ৰ সিং ধনী, বিৰেন্দৰ সেহৱাগ, শচীন টেণ্ডুলকাৰ, জাহিৰ খানে বিশ্বকাপবিজয়ত যোগোৱা অনবদ্য অৰিহণাকো সোঁৱৰণ কৰে।

যুৱৰাজ সিঙৰ উপৰিও টীম ইণ্ডিয়াৰ প্ৰাক্তন মাৰমুখী অপেনাৰ বিৰেন্দৰ সেহৱাগেও টুইটাৰযোগে নিজৰ মনোভাৱ প্ৰকাশ কৰিছে।

April 2: 10 years ago , the moment of a lifetime. #TeamIndia 🇮🇳 pic.twitter.com/mhicAPqDL2

— Virender Sehwag (@virendersehwag) April 2, 2021

সেহৱাগে টুইটাৰত লিখিছে যে ১০ বছৰ পূৰ্বৰ ২ এপ্ৰিল তাৰিখটো জীৱনজোৰা এটা স্মৰণীয় মুহূৰ্ত।

আনহাতে, বিশ্বকাপখনৰ ফাইনেলত ৯৭ ৰাণৰ দূৰ্দান্ত এটা ইনিংছ খেলা টীম ইণ্ডিয়াৰ প্ৰাক্তন অপেনাৰ গৌতম গম্ভীৰেও সাংবাদিকক কয় যে এই সময় হৈছে ভাৰতীয় ক্ৰিকেটে আগুৱাই যোৱাৰ সময়।

”হয়তো, এই সময় হৈছে পৰৱৰ্তী বিশ্বকাপ বিজয় কৰাৰ।”- গম্ভীৰে এইদৰে কয়।

তেওঁ কয় যে যোৱা দহ বছৰত ২০১৫ আৰু ২০১৯ চনত ভাৰতে বিশ্বকাপ জয় কৰা হ’লে দেশখন ‘ক্ৰিকেট চুপাৰপাৱাৰ’ হৈ পৰিলেহেঁতেন।

তেওঁ কয় যে বিশ্বকাপবিজয়ী ক্ৰিকেটাৰসকলে আচৰিত ধৰণৰ একো কাম কৰা নাছিল, বিশ্বকাপৰ দলত স্থান লাভ কৰি কেৱল নিজৰ দায়িত্ব পালন কৰিছিল।

”পাছলৈ বেছিকৈ ঘূৰি চালে, আমি আগলৈ আগবাঢ়িব কেতিয়াও নোৱাৰো।”- গম্ভীৰে এইদৰে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd