মেৰুদণ্ডহীন নহয় সকলো; কুলবিন্দৰ কৌৰক উদ্দেশ্যি সংগীতজ্ঞ বিশাল দাদলানীৰ মন্তব্য-‘হিংসাৰ বিৰোধিতা কৰোঁ কিন্তু মই তোমাৰ সৈতে আছোঁ’

৬ জুনত চণ্ডীগড় বিমানবন্দৰত কংগনা ৰানাৱটক চৰ মৰা বুলি অভিযোগ উত্থাপন কৰা চিআইএছএফৰ জোৱানগৰাকীক সহায় কৰাৰ প্ৰস্তাৱ দিছে গায়ক-সুৰকাৰ বিশাল দাদলানীয়ে।বিশালে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা টোকা শ্বেয়াৰ কৰি চিআইএছএফৰ মহিলা জোৱানগৰাকীক সমৰ্থন কৰে।

নিৰাপত্তা পৰীক্ষাৰ পাছত বৰ্ডিং পইণ্টলৈ আগবাঢ়ি যোৱাৰ সময়ত কংগনা ৰানাৱটক চিআইএছএফৰ কুলৱিন্দৰ কৌৰে চৰ মাৰিছিল বুলি অভিযোগ উঠিছে। এই কাণ্ডৰ পাছতে বিশাল দাদলানীয়ে এটা পোষ্ট শ্বেয়াৰ কৰি চিআইএছএফৰ জোৱানগৰাকীৰ চাকৰি নিশ্চিত কৰিব বিচাৰিছিল

দাদলানীয়ে লিখে যে, “মই কেতিয়াও হিংসাক সমৰ্থন নকৰোঁ, কিন্তু এই CISFৰ কৰ্মীসকলৰ ক্ষোভ বুজি পাওঁ। যদি চিআইএছএফে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে মই নিশ্চিত কৰিম যে তেওঁ গ্ৰহণ কৰিবলৈ ইচ্ছুক হ’লে তেওঁৰ বাবে এটা চাকৰি অপেক্ষা কৰি আছে। জয় হিন্দ,জয় জোৱান, জয় কিছান”

ঘটনাৰ পাছতে চিআইএছএফৰ কনিষ্টবল কুলৱিন্দৰ কৌৰক আটক কৰি ৰখা হয়। খবৰ অনুসৰি ইন্দিৰা গান্ধী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ৰানাৱটে চিআইএছএফৰ বিষয়াৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পাছতে তেওঁক নিলম্বন কৰা হয়।লগতে আজি কুলবিন্দৰক গ্ৰেপ্তাৰো কৰা হয়৷