অদ্ভুত,আশ্চৰ্যকৰ! মন্দিৰৰ খুঁটাই শুনায় সুমধুৰ সংগীত,ক’ত আছে এনে মন্দিৰ?

mandir

পোন্ধৰ শতিকাতে নিৰ্মাণ কৰা এটা মন্দিৰ।

মন্দিৰটোত থকা প্ৰতিটো খুঁটাই সৃষ্টি কৰি আহিছে সুমধুৰ সংগীতৰ।

কোনো যান্ত্ৰিক ব্যৱস্থা নাই,নাই কোনো সংগীত পৰিৱেশন কৰা লোকো।

তথাপি মন্দিৰটোৰ নিৰ্জীৱ খুঁটাবোৰে বছৰৰ পিচত বছৰ ধৰি সৃষ্টি কৰি আহিছে সুমধুৰ সংগীতৰ।

অদ্ভুত,আশ্চৰ্যকৰ এই মন্দিৰৰ গীত সৃষ্টিকাৰী খুঁটাবোৰক লৈ কৌতুহলৰ সৃষ্টি হোৱাত ব্ৰিটিছে দুটা খুঁটা কাটি ভিতৰতনো কি আছে চাইছিল যদিও সংগীত সৃষ্টিৰ ৰহস্য পিছে উদ্ঘাটন কৰিব নোৱাৰিলে।

ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে  স্বীকৃতি দিয়া এই মন্দিৰটো আছে কৰ্ণাটকৰ হাম্পি নামৰ ঠাই খনত।

কেইবা শতিকা প্ৰাচীন হাম্পিৰ ভিট্টালা মন্দিৰৰ খুঁটাবোৰে সৃষ্টি কৰি আহিছে সুমধুৰ সংগীতৰ।

কেৱল মাত্ৰ এটা শিলতে কাটি উলিওৱা  খুঁটাবোৰত কৰা আছে নানান কাৰুকাৰ্য।

ভিট্টালা মন্দিৰৰ মূল মণ্ডপ ৰংগ মাটাপ্পাৰ ৫৬ টা খুঁটাই সৃষ্টি কৰে সংগীতৰ।

আপুনি মাথো আঙুলিৰে খুঁটা একোটাত টোকৰ মাৰি দিলেই হ’ল,বাজি উঠিব সুন্দৰ সংগীত।

ভিট্টালা দেৱীৰ এই মন্দিৰক লৈ বিশ্বৰ বিভিন্ন দেশৰ বহু বিশেষজ্ঞই গৱেষণা চলাইছে যদিও ৰহস্যৰ কোনো আঁত বিচাৰি পোৱা নাই।