NORTHEAST NOW (Assamese)

ভাৰতৰ বজাৰত ভিভ’ৰ নতুন স্মাৰ্টফোন ভিভ’ ৱাই-৫১ মুকলি

December 10, 2020 5:40 pm ·

বিশ্বৰ অন্যতম মোবাইল ফোন নিৰ্মাণকাৰী সংস্থা ভিভ’ই ভাৰতৰ বজাৰত নতুন স্মাৰ্টফোন এটা মুকলি কৰে।

ভাৰতীয় মোবাইল গ্ৰাহক সকলক উদ্দেশ্য কৰি মুকলি কৰা ভিভ’ৰ নতুন স্মাৰ্টফোনটোৰ নাম হৈছে ভিভ’ ৱাই ৫১।

নতুন স্মাৰ্টফোনটোত গ্ৰাহক সকলে ৬.৫৮ ইন্সিৰ ডিছপ্লেৰ লগতে ৮ জিবি ৰেম আৰু ১২৮ জিবি ইন্টাৰনেল ষ্ট’ৰেজ লাভ কৰিব।

নতুন ভিভ’ ৱাই ৫১ স্মাৰ্ট ফোনত ত্ৰিপল ৰীয়েৰ কেমাৰ ছেট আপৰ লগতে অধিক ক্ষমতা যুক্ত শক্তিশালী বেটাৰী সংযুক্ত কৰা হৈছে।

ভাৰতীয় বজাৰত এই নতুন ভিভ’ ৱাই ৫১ স্মাৰ্টফোনটোৰ বজাৰ মূল্য হৈছে ১৭,৯৯০ টকা।

মোবাইল ফোন ভালপোৱা সকলৰ বাবে আগন্তুক সময়ত ভিভ’ ৱাই ৫১ এক অন্যতম পছন্দ হ’ব পাৰে বুলি প্ৰতিষ্ঠানটোৱে ধাৰণা কৰিছে।

আগন্তুক নৱ বৰ্ষ আৰু খ্ৰীষ্টমাছৰ সময়ত গ্ৰাহকে ভিভ’ ৱাই ৫১ স্মাৰ্ট ফোন ক্ৰয় কৰিব বুলি ভিভ’ৰ এগৰাকী বিষয়াই উল্লেখ কৰে।

Related News