ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত আৰু ভাৰতীয় লোকসকলক হিয়া উজাৰি প্ৰশংসা কৰিছে। ৰাছিয়াৰ একতা দিৱসৰ কাৰ্যসূচীত দেশ খনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাছিয়াৰ সকলো দেশবাসীৰ সন্মুখত ভাষণ দিয়ে। ভাষণৰ সময়ত পুটিনে কেৱল তেওঁৰ দেশৰেই নহয় ভাৰতৰো প্ৰশংসা কৰে।
ৰাছিয়ান ভাষাত দিয়া ভাষণ পুটিনে কয় যে ভাৰতে উন্নয়নৰ পথত আগুৱাই গৈছে। তেওঁ সকলো ভাৰতীয়ক “গুণী” বুলিও অভিহিত কৰে। পুটিনে কয়, “ভৱিষ্যতে ভাৰত আৰু উন্নত হ’ব। ভাৰতৰ জনসংখ্যা ১.৫ বিলিয়ন। সেই দেশৰ লোকসকল বহুত প্ৰতিভাশালী। “কিন্তু কেৱল ভাৰতেই নহয়, পুটিনে তেওঁৰ ভাষণত আফ্ৰিকাৰ কথাও উল্লেখ কৰে। তেওঁ আফ্ৰিকাৰ ঔপনিৱেশিক ৰীতি-নীতি, ইয়াৰ ইতিহাসৰ প্ৰসংগ উত্থাপন কৰে।
ৰাছিয়াৰ সংস্কৃতি আৰু সভ্যতাৰ বিষয়ে আলোকপাত কৰি পুটিনে ৰাছিয়াৰ বাসিন্দা সকলোকো প্ৰশংসাৰে ওপচাই দিয়ে। গুজৰাটত ওলোমা দলং খহি বহু লোকৰ মৃত্যু ঘটাৰ শাকাৱহ পৰিবেশত ৰাছিয়া ভাৰতৰ কাষত থিয় দিছে বুলিও তেওঁ কয়। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখিছিল, “গুজৰাটৰ দলং দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।
আনকি মস্কোত এক আলোচনাত পুটিনে ভাৰত আৰু ৰাছিয়াৰ সন্দৰ্ভত কৈছিল, “প্ৰধানমন্ত্ৰী মোদী এজন মহান দেশপ্ৰেমী। নৰেন্দ্ৰ মোদী বিশ্বৰ সেই নেতাসকলৰ মাজৰ এজন যিয়ে নিজৰ দেশ আৰু মানুহৰ স্বাৰ্থত এক স্বতন্ত্ৰ বৈদেশিক নীতি অনুসৰণ কৰিবলৈ সক্ষম হৈছে। মই নিশ্চিত যে ভাৰতৰ ভৱিষ্যত অতি উজ্জ্বল।
ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে স্পষ্টভাৱে কয়, “ভাৰতৰ সৈতে আমাৰ কোনো অমীমাংসিত সমস্যা নাই। আমি সদায় ইজনে সিজনক সমৰ্থন কৰি আহিছো। মই আশাবাদী যে এনে সম্পৰ্ক ভৱিষ্যতেও অটুট থাকিব। ”