NORTHEAST NOW (Assamese)

জিলা উপায়ুক্তৰ কণ্ঠদানেৰে মাজুলীত ভোটাৰ সজাগতামূলক গীত উন্মোচন

March 27, 2019 3:46 pm · মিটু খাটনিয়াৰ

লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলী বিধানসভা সমষ্টিক সামৰি থকা মাজুলী জিলাত ১৭ সংখ্যক লোকসভা নিৰ্বাচনকলৈ মাজুলী জিলা নিৰ্বাচন বিভাগৰ প্ৰযোজনাত প্ৰস্তুত কৰি উলিওৱা এটা ভোটাৰ সজাগতামূলক গীতৰ ভিডিঅ’ সংস্কৰণ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ’য়।

‘আকৌ আহিল ভোট’ শীৰ্ষক এই ভিডিঅ’ গীতটো মঙ্গলবাৰে দুপৰীয়া গড়মূৰস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এক অনুষ্ঠানত মাজুলীৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া দেৱপ্ৰসাদ মিশ্ৰই উন্মোচন কৰে।

মাজুলীৰ অতিৰিক্ত উপায়ুক্ত নৰেণ দাস, নিৰ্বাচন বিষয়া মগেন নৰহ, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিত শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যাপক উমাকান্ত ৰাজখোৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট নাগৰিকৰ উপস্থিতিত উপায়ুক্ত মিশ্ৰই গীতটো মুকলি কৰি অনুষ্ঠানত কয় যে, মাজুলী জিলাৰ যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰা নতুন ভোটাৰসকলৰ লগতে গ্ৰামাঞ্চলৰ মহিলা আৰু আৱাল বৃদ্ধ আদি সকলো শ্ৰেণীৰ ভোটাৰ ৰাইজক অহা ১১ এপ্ৰিলত নদীদ্বীপ জিলাখনত হ’ব লগা নিৰ্বাচনত দলে-বলে ব্যাপক হাৰত ভোটদানৰ বাবে উদ্বুদ্ধ কৰিবলৈ এই ‘থীম ছং’টো প্ৰস্তুত কৰি প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে।

অনুষ্ঠানটোত জিলাখনৰ সাংবাদিক, জ্যেষ্ঠ নাগৰিক, মহিলা তথা প্ৰথমবাৰলৈ ভোটাধিকাৰ পোৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ লগতে পঞ্চায়তসমূহত মহিলা ভোটাৰৰ মাজত সজাগতা অনাৰ বাবে নিয়োজিত ‘চন্দ্ৰপ্ৰভা’সকলে অংশগ্ৰহণ কৰে।

মাজুলীৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া মিশ্ৰৰ সামগ্ৰিক পৰিকল্পনাৰে প্ৰস্তুত কৰা গীতটিত প্ৰমুখ কণ্ঠশিল্পী হিচাপে উপায়ুক্তগৰাকী নিজেও কণ্ঠদান কৰিছে।

জিলাস্তৰীয় ভোটাৰ সজাগতা কাৰ্যসূচী (এছ ভি ই ই পি)ৰ অংশ হিচাপে যুগুতোৱা এই ‘থীম ছং’টো ৰচনা কৰিছে মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথৰ লগতে ডি ডি এম এৰ কাৰ্যবাহী দিব্যজ্যোতি শইকীয়াই। গীতটোৰ সংগীত ব্যৱস্থাপক আৰু সুৰকাৰ ক্ৰমে শ্যামল ভূঞা আৰু দিব্যজ্যোতি শইকীয়া।

উপায়ুক্তৰ উপৰি সহশিল্পী হীচাপে গীতটোত কণ্ঠদান কৰিছে পাপৰি বৰা, পূৱালী দত্ত, সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰা আৰু দিব্যজ্যোতি শইকীয়াই।

Related News