DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাইলৈ পৰা শিৱসাগৰ জিলাৰ ঘৰে ঘৰে আশী উৰ্ধৰ ভোটাৰৰ ভোট সংগ্ৰহ অভিযান আৰম্ভ হ’ব

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 16, 2021 9:08 pm
16x9_M
537
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰদান কৰা নিৰ্দেশ অনুসৰি এইবাৰৰ নিৰ্বাচনত আশী বছৰৰ ওপৰৰ ভোটাৰ, বিশেষ ভাৱে সক্ষম ভোটাৰ আৰু ক’ভিড ৰোগত আক্ৰান্ত হোৱা ভোটাৰসকলক ঘৰতেই পোষ্টেল বেলট যোগেদি ভোটদান কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে।

নিৰ্বাচন আয়োগৰ এই নিদেৰ্শনা পালন কৰি শিৱসাগৰ নিৰ্বাচন জিলাৰ অন্তৰ্গত ১০৩ আমগুৰি, ১০৭ থাওৰা আৰু ১০৮ শিৱসাগৰ বিধানসভা সমষ্টিৰ এই শ্ৰেণীৰ ভোটাৰক ইতিমধ্যে ফৰ্ম ১২(ঘ) প্ৰদান কৰা হৈছে।

ইতিমধ্যে এই আবেদনকাৰী ভোটাৰসকলৰ সকলো তথ্য পৰীক্ষণৰ অন্তত শিৱসাগৰ নিৰ্বাচনী জিলাত কাইলৈৰ পৰা অৰ্থাৎ ১৭ মাৰ্চৰ পৰা ভোট সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দিহা কৰা হৈছে।

শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনিটা সমষ্টিত থকা ৫৭টা ছেক্টৰত পাঁচজনীয়া একোটাকৈ দলে এই ভোট সংগ্ৰহ অভিযানত ব্ৰতী হ’ব। ১০৩-আমগুৰি বিধানসভা সমষ্টিৰ বাবে ১৯টা, ১০৭-থাওৰা বিধানসভা সমষ্টিৰ বাবে ১৮টা আৰু ১০৮-শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে ২০টাকৈ দল ইতিমধ্যে সাজু কৰা হৈছে। প্ৰতিটো দলত ২জনকৈ পলিং বিষয়া, ১জন ভিডিঅ’গ্ৰাফাৰ, ১জন মাইক্ৰ’ অৱজাৰভাৰ আৰু ১জন নিৰাপত্তাৰক্ষী থাকিব।

১২(ঘ) নং ফৰ্মযোগে আবেদন জনোৱা উক্ত শ্ৰেণীৰ যোগ্য বুলি বিবেচিত হোৱা ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ এই দলটোৱে ভোটাৰজনক বেলট পেপাৰ প্ৰদান কৰিব।

এই বেলট পেপাৰত আবেদনকাৰী ব্যক্তিজনে গোপনে ভোটদান কৰি দলটোৱে লগত লৈ যোৱা কেনভাছ বেগত বেলট পেপাৰ ভৰাই দিব। এনদৰে প’লিং দলটোৱে সংগ্ৰহ কৰা কেনভাছ বেগ দলটোৱে সমষ্টি অনুযায়ী সহকাৰী ৰিটাৰ্ণিং বিষয়াৰ হাতত জমা দিব।

সহকাৰী ৰিটাৰ্ণিং বিষয়াই সিদিনাই এই কেনভাছ বেগসমূহ ষ্ট্ৰং ৰুমত ৰখাৰ ব্যৱস্থা কৰিব আৰু ভোট গণনাৰ দিনা এই কেনভাছ বেগত থকা ভোটসমূহ গণনাৰ বাবে ভোটগণনা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব।

যিসকল ভোটাৰে এনেদৰে ভোটদানৰ আবেদন জনাই যোগ্য বুলি বিবেচিত হৈছে তেওঁলোকে ঘৰত উপস্থিত নথকাৰ বাবে ভোটদান কৰিব নোৱাৰিলে কিন্তু ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব নোৱাৰিব, কিয়নো ভোটাৰ তালিকাত তেওঁলোকৰ নামৰ কাষত এইবাৰৰ বাবে এবছেন্টি ভোটাৰ হিচাবে ৰঙা চিয়াঁহীৰে PB চিহ্নিত কৰা হৈছে।

শিৱসাগৰ নিৰ্বাচনী জিলাত ১২(ঘ) ফর্মৰ জৰিয়তে ঘৰতে ভোটদান কৰিব বিচৰা বিশেষভাৱে সক্ষম ভোটাৰৰ সংখ্যা ৫০৫ গৰাকী। ইয়াৰে ১০৩ আমগুৰি বিধানসভা সমষ্টিত ১৯২ গৰাকী, ১০৭ থাওৰা বিধানসভা সমষ্টিত ১০৯ গৰাকী আৰু ১০৮ শিৱসাগৰ বিধানসভা সমষ্টিত ২০৪ গৰাকী।

একেদৰে আশীৰ উৰ্ধৰ ভোটাৰৰ মুঠ সংখ্যা ১৮৪৪ গৰাকী। ইয়াৰে ইয়াৰে ১০৩ আমগুৰি বিধানসভা সমষ্টিত ৫৭২ গৰাকী, ১০৭ থাওৰা বিধানসভা সমষ্টিত ৫৬২ গৰাকী আৰু ১০৮ শিৱসাগৰ বিধানসভা সমষ্টিত ৭১০ গৰাকী।

শিৱসাগৰ নির্বাচনী জিলাত কোনো ক’ভিড ৰোগীয়ে ১২(ঘ) প্ৰপত্ৰ যোগে আবেদন জনোৱা নাই।

উল্লেখযোগ্য যে, বহুসংখ্যক ভোটাৰে এই এবছেন্টি ভোটাৰৰ বাবে আবেদন জনাইছিল যদিও শুদ্ধ তথ্যৰ অভাৱত বহু আবেদনকাৰীৰ আবেদন নাকচ হয়।

অবশ্যে, এইসকল ভোটাৰে ভোটগ্ৰহণৰ দিনা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰিব পাৰিব। কাইলৈৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ’ব আৰু তিনি চাৰি দিনৰ ভিতৰত এই প্ৰক্ৰিয়াৰ অন্ত পৰিব বুলি আশা কৰা হৈছে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd