• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈ পৰা শিৱসাগৰ জিলাৰ ঘৰে ঘৰে আশী উৰ্ধৰ ভোটাৰৰ ভোট সংগ্ৰহ অভিযান আৰম্ভ হ’ব

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 16, 2021 9:08 pm
16x9_M
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰদান কৰা নিৰ্দেশ অনুসৰি এইবাৰৰ নিৰ্বাচনত আশী বছৰৰ ওপৰৰ ভোটাৰ, বিশেষ ভাৱে সক্ষম ভোটাৰ আৰু ক’ভিড ৰোগত আক্ৰান্ত হোৱা ভোটাৰসকলক ঘৰতেই পোষ্টেল বেলট যোগেদি ভোটদান কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে।

নিৰ্বাচন আয়োগৰ এই নিদেৰ্শনা পালন কৰি শিৱসাগৰ নিৰ্বাচন জিলাৰ অন্তৰ্গত ১০৩ আমগুৰি, ১০৭ থাওৰা আৰু ১০৮ শিৱসাগৰ বিধানসভা সমষ্টিৰ এই শ্ৰেণীৰ ভোটাৰক ইতিমধ্যে ফৰ্ম ১২(ঘ) প্ৰদান কৰা হৈছে।

Apply Now

ইতিমধ্যে এই আবেদনকাৰী ভোটাৰসকলৰ সকলো তথ্য পৰীক্ষণৰ অন্তত শিৱসাগৰ নিৰ্বাচনী জিলাত কাইলৈৰ পৰা অৰ্থাৎ ১৭ মাৰ্চৰ পৰা ভোট সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দিহা কৰা হৈছে।

শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনিটা সমষ্টিত থকা ৫৭টা ছেক্টৰত পাঁচজনীয়া একোটাকৈ দলে এই ভোট সংগ্ৰহ অভিযানত ব্ৰতী হ’ব। ১০৩-আমগুৰি বিধানসভা সমষ্টিৰ বাবে ১৯টা, ১০৭-থাওৰা বিধানসভা সমষ্টিৰ বাবে ১৮টা আৰু ১০৮-শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে ২০টাকৈ দল ইতিমধ্যে সাজু কৰা হৈছে। প্ৰতিটো দলত ২জনকৈ পলিং বিষয়া, ১জন ভিডিঅ’গ্ৰাফাৰ, ১জন মাইক্ৰ’ অৱজাৰভাৰ আৰু ১জন নিৰাপত্তাৰক্ষী থাকিব।

১২(ঘ) নং ফৰ্মযোগে আবেদন জনোৱা উক্ত শ্ৰেণীৰ যোগ্য বুলি বিবেচিত হোৱা ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ এই দলটোৱে ভোটাৰজনক বেলট পেপাৰ প্ৰদান কৰিব।

এই বেলট পেপাৰত আবেদনকাৰী ব্যক্তিজনে গোপনে ভোটদান কৰি দলটোৱে লগত লৈ যোৱা কেনভাছ বেগত বেলট পেপাৰ ভৰাই দিব। এনদৰে প’লিং দলটোৱে সংগ্ৰহ কৰা কেনভাছ বেগ দলটোৱে সমষ্টি অনুযায়ী সহকাৰী ৰিটাৰ্ণিং বিষয়াৰ হাতত জমা দিব।

সহকাৰী ৰিটাৰ্ণিং বিষয়াই সিদিনাই এই কেনভাছ বেগসমূহ ষ্ট্ৰং ৰুমত ৰখাৰ ব্যৱস্থা কৰিব আৰু ভোট গণনাৰ দিনা এই কেনভাছ বেগত থকা ভোটসমূহ গণনাৰ বাবে ভোটগণনা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব।

যিসকল ভোটাৰে এনেদৰে ভোটদানৰ আবেদন জনাই যোগ্য বুলি বিবেচিত হৈছে তেওঁলোকে ঘৰত উপস্থিত নথকাৰ বাবে ভোটদান কৰিব নোৱাৰিলে কিন্তু ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব নোৱাৰিব, কিয়নো ভোটাৰ তালিকাত তেওঁলোকৰ নামৰ কাষত এইবাৰৰ বাবে এবছেন্টি ভোটাৰ হিচাবে ৰঙা চিয়াঁহীৰে PB চিহ্নিত কৰা হৈছে।

শিৱসাগৰ নিৰ্বাচনী জিলাত ১২(ঘ) ফর্মৰ জৰিয়তে ঘৰতে ভোটদান কৰিব বিচৰা বিশেষভাৱে সক্ষম ভোটাৰৰ সংখ্যা ৫০৫ গৰাকী। ইয়াৰে ১০৩ আমগুৰি বিধানসভা সমষ্টিত ১৯২ গৰাকী, ১০৭ থাওৰা বিধানসভা সমষ্টিত ১০৯ গৰাকী আৰু ১০৮ শিৱসাগৰ বিধানসভা সমষ্টিত ২০৪ গৰাকী।

একেদৰে আশীৰ উৰ্ধৰ ভোটাৰৰ মুঠ সংখ্যা ১৮৪৪ গৰাকী। ইয়াৰে ইয়াৰে ১০৩ আমগুৰি বিধানসভা সমষ্টিত ৫৭২ গৰাকী, ১০৭ থাওৰা বিধানসভা সমষ্টিত ৫৬২ গৰাকী আৰু ১০৮ শিৱসাগৰ বিধানসভা সমষ্টিত ৭১০ গৰাকী।

শিৱসাগৰ নির্বাচনী জিলাত কোনো ক’ভিড ৰোগীয়ে ১২(ঘ) প্ৰপত্ৰ যোগে আবেদন জনোৱা নাই।

উল্লেখযোগ্য যে, বহুসংখ্যক ভোটাৰে এই এবছেন্টি ভোটাৰৰ বাবে আবেদন জনাইছিল যদিও শুদ্ধ তথ্যৰ অভাৱত বহু আবেদনকাৰীৰ আবেদন নাকচ হয়।

অবশ্যে, এইসকল ভোটাৰে ভোটগ্ৰহণৰ দিনা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰিব পাৰিব। কাইলৈৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ’ব আৰু তিনি চাৰি দিনৰ ভিতৰত এই প্ৰক্ৰিয়াৰ অন্ত পৰিব বুলি আশা কৰা হৈছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd