Mizoram 2023 Assembly Election Result: নাটকীয় উত্থানেৰে মিজোৰামত চৰকাৰ গঠনৰ দিশে জেড পি এম! ছন্দপতন জোৰামথাংগাৰ এম এন এফৰ

আজি পুৱাই ডাক বেলট গণনাৰ জৰিয়তে মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ইয়াৰ পূৰ্বে ৩ ডিচেম্বৰত ভোটগণনা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পিছত ভাৰতৰ নিৰ্বাচন আয়োগে ৪ ডিচেম্বৰলৈ স্থানান্তৰ কৰে। ৰাজনৈতিক দল আৰু নাগৰিক সমাজে নিৰ্বাচন আয়োগক গণনাৰ তাৰিখ সলনি কৰিবলৈ আহ্বান জনাইছিল।

তেওঁলোকে কৈছিল যে দেওবাৰ খ্ৰীষ্টানসকলৰ বাবে এক শুভ দিন কাৰণ তেওঁলোকে গণ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে। মিজোৰাম খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্য। বৰ্তমানৰ মুখ্যমন্ত্ৰী জোৰামথাংগা মিজো নেচনেল ফ্ৰণ্টৰ নেতা। আন দলসমূহ হ’ল জেড পি এম, কংগ্ৰেছ আৰু বিজেপি।

মিজোৰামৰ বিধানসভা নিৰ্বাচনত ৪০ খন আসন আৰু সংখ্যাগৰিষ্ঠতা পাবলৈ ২১ খন আসনৰ প্ৰয়োজন।

ভোটগণনাৰ শেহতীয়া ফলাফল অনুসৰি ৰাজ্যখনৰ প্ৰধান বিৰোধী দল জোৰাম পিপলছ মুভমেন্ট (জেড পি এম) য়ে ২৮খন আসনত আগবাঢ়ি আছে আৰু নতুন চৰকাৰ গঠনৰ দিশে আগবাঢি়ছে।

ৰাজ্যখনৰ শাসকীয় দল মিজো নেশ্যনেল ফ্ৰন্ট (এম এন এফ)য়ে ৮ খন আসনত আগবাঢি় আছে আৰু এইবাৰ ক্ষমতা হেৰুওৱাৰ দিশে গতি কৰিছে।

আনহাতে, বিজেপিয়ে ৩খন আৰু কংগ্ৰেছে ১খন আসনত আগবাঢ়ি আছে।

আটাইতকৈ ডাঙৰ চমক হিচাপে বিবেচিত হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম এন এফৰ নেতা জোৰামথাংগা ভোটগণনাত পিছ পৰি আছে। আইজল পূব সমষ্টিত তেওঁ জেড পি এম দলৰ প্ৰাৰ্থী লালথানছাংগাতকৈ ৬৪০ টা ভোটত পিছ পৰি আছে।