গোলাঘাট কোষাগাৰত স্থাপন কৰা ষ্ট্ৰং ৰুমত ৰখা হৈছে প’ষ্টেল বেলট
গোলাঘাট নিৰ্বাচন জিলাত বিশেষভাৱে সক্ষম, ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাৰ প’ষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভ হৈছে ।
গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত ৯৫-গোলাঘাট সমষ্টিত ভোটগ্ৰহণকাৰীৰ দলে ঘৰে ঘৰে গৈ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাৰ প’ষ্টেল বেলটসমূহ সংগ্ৰহ কৰে ।
প্ৰতিটো ভোটগ্ৰহণকাৰী দলত এজন চুপাৰভাইজাৰ, এজন চেক্টৰ বিষয়া, এজন মাইক্ৰ’ অৱজাৰ্ভাৰ, ভিডিঅ’গ্ৰাফাৰ আৰু আৰক্ষীৰ লোক নিয়োগ কৰা হয় ।
পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ সম্পন্ন কৰা হৈছে ।
গোলাঘাট সমষ্টিত আবেদন কৰা ৬৯৮ গৰাকী ৮০ উৰ্ধৰ ভোটদাতা আৰু ২২৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ নাম প’ষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছিল ।
ইফালে খুমটাই সমষ্টিত এতিয়ালৈকে ৪৪৯জনে দিলে প’ষ্টেল বেলটযোগে ভোট ।
ইয়াৰে ৭৬ জন বিশেষভাৱে সক্ষম আৰু ৩৭৩জন ৮০ বছৰ বয়সৰ উৰ্ধৰ ।সমষ্টিটোত ৪৪১ গৰাকী ৮০ উৰ্ধৰ আৰু ৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ নাম প’ষ্টেল বেলটৰ বাবে বৈধ পোৱা গৈছিল ।
উল্লেখযোগ্য যে গোলাঘাট নিৰ্বাচন জিলাত প’ষ্টেল বেলটযোগে ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই ভোট দিব পাৰিব ।
দুয়োটা সমষ্টিত ৮০ বছৰ বয়সৰ উৰ্ধৰ ১,১৩৯ গৰাকী আৰু বিশেষভাৱে সক্ষম ৩২৬ গৰাকী ভোটদাতাৰ নাম প’ষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছে ।