গোলাঘাট নিৰ্বাচন জিলাত বিশেষভাৱে সক্ষম, ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতা আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাৰ প’ষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভ হৈছে ।
গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত ৯৫-গোলাঘাট সমষ্টিত ভোটগ্ৰহণকাৰীৰ দলে ঘৰে ঘৰে গৈ বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাৰ প’ষ্টেল বেলটসমূহ সংগ্ৰহ কৰে ।
প্ৰতিটো ভোটগ্ৰহণকাৰী দলত এজন চুপাৰভাইজাৰ, এজন চেক্টৰ বিষয়া, এজন মাইক্ৰ’ অৱজাৰ্ভাৰ, ভিডিঅ’গ্ৰাফাৰ আৰু আৰক্ষীৰ লোক নিয়োগ কৰা হয় ।
পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ সম্পন্ন কৰা হৈছে ।
গোলাঘাট সমষ্টিত আবেদন কৰা ৬৯৮ গৰাকী ৮০ উৰ্ধৰ ভোটদাতা আৰু ২২৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ নাম প’ষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছিল ।
ইফালে খুমটাই সমষ্টিত এতিয়ালৈকে ৪৪৯জনে দিলে প’ষ্টেল বেলটযোগে ভোট ।
ইয়াৰে ৭৬ জন বিশেষভাৱে সক্ষম আৰু ৩৭৩জন ৮০ বছৰ বয়সৰ উৰ্ধৰ ।সমষ্টিটোত ৪৪১ গৰাকী ৮০ উৰ্ধৰ আৰু ৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ নাম প’ষ্টেল বেলটৰ বাবে বৈধ পোৱা গৈছিল ।
উল্লেখযোগ্য যে গোলাঘাট নিৰ্বাচন জিলাত প’ষ্টেল বেলটযোগে ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই ভোট দিব পাৰিব ।
দুয়োটা সমষ্টিত ৮০ বছৰ বয়সৰ উৰ্ধৰ ১,১৩৯ গৰাকী আৰু বিশেষভাৱে সক্ষম ৩২৬ গৰাকী ভোটদাতাৰ নাম প’ষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছে ।