তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি; মঙলবাৰে দেশৰ ৯৩ খন আসনৰ বাবে হ’ব ভোটদান

প্ৰতিনিধিত্বমূলক ফটো।

দেওবাৰে সন্ধিয়া ৬ বজাত ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটদানৰ বাবে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হয়। অহা ৭ মে’ত দেশৰ ১০খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

তৃতীয় পৰ্যায়ত অসমৰ ৪ খন, বিহাৰৰ ৫ খন, ছত্তীশগড়ৰ ৭ খন, গোৱাৰ ২খন, গুজৰাটৰ ২৬ খন, কৰ্ণাটকৰ ১৪ খন, মধ্য প্ৰদেশৰ পৰা ৮ খন, মহাৰাষ্ট্ৰৰ ১১ খন, উত্তৰ প্ৰদেশৰ ১০ খন, পশ্চিম বংগৰ ৪ খন, জম্মু-কাশ্মীৰত এখন আসন, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউত দুখন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

নিৰ্বাচন আয়োগে তৃতীয় পৰ্যায়ৰ ভোটদানৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে আৰু ভোট কেন্দ্ৰসমূহত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হ’ব।

লগতে পঢ়কঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত থিয় হোৱা অসমৰ আটাইতকৈ ধনী প্ৰাৰ্থী কোন? কোনগৰাকী প্ৰাৰ্থী আটাইতকৈ দুখীয়া?

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়া, মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, কংগ্ৰেছ নেতা দিগ্বিজয় সিং, এন চি পি (এছ পি) নেতা আৰু শৰদ পাৱাৰৰ কন্যা সুপ্ৰিয়া চুলে, মহাৰাষ্ট্ৰৰ উপ-মুখ্য মন্ত্ৰীৰ পত্নী সুনেত্ৰা পাৱাৰ, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱ আৰু কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ দৰে নেতা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব।

অসমৰ চাৰিটা সমষ্টি গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু ধুবুৰীতো কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। গুৱাহাটী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰৰ মাজতে প্ৰতিদ্বন্দ্বিতা সীমিত হোৱাৰ বিপৰীতে বৰপেটাত অগপৰ প্ৰাৰ্থী ফণীভুষণ চৌধুৰী আৰু চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ মাজতে প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। ধুবুৰীত কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এআইইউডিএফৰ বদৰুদ্দিন আজমলৰ মাজৰ যুঁজখনলৈও সকলোৱে দৃষ্টি ৰাখিছে।

লগতে পঢ়কঃ IPL 2024: অপ্ৰতিৰোধ্য নাৰাইন! লক্ষ্ণৌক পৰাজিত কৰি প্লে অফ নিশ্চিত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে

উল্লেখ্য যে নিৰ্বাচন আয়োগে দেশত ৭টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। দুটা পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে হৈ গৈছে। ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৬৬.১৪ শতাংশ আৰু ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ৬৬.৭১ শতাংশ ভোটদান হোৱাৰ কথা নিৰ্বাচন আয়োগে সদৰী কৰিছে।