কুম্ভমেলাত মৃত্যুঞ্জয় যজ্ঞৰ আয়োজন : অসমৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে ভৃগুগিৰি মহাৰাজৰ পদক্ষেপ
এলাহাবাদৰ প্ৰয়াগৰাজত আগন্তুক বৰ্ষৰ ১৪ জানুৱাৰিৰ পৰা ৪ ফেব্ৰুৱাৰিলৈ অনুষ্ঠিত হ’ব লগা ভাৰতবৰ্ষৰ সৰ্ববৃহৎ আধ্যাত্মিক সমাৰোহ কুম্ভমেলাত দেশৰ মহান সন্যাসী, আধ্যাত্মিক গুৰুসকলৰ লগতে অসমৰ পৰা মৃত্যূঞ্জয় সাধক ভৃগুগিৰি মহাৰাজে যোগদান কৰিব।
উল্লেখ্য যে বিগত কুম্ভমেলাত প্ৰায় এমাহ মৃত্যুঞ্জয় যজ্ঞ সম্পাদন কৰা ভৃগুগিৰি মহাৰাজে এইবাৰো তিনিকল্প মৃত্যুঞ্জয় যজ্ঞ সম্পাদন কৰিব। বৃহস্পতিবাৰে নগাঁও চহৰৰ বেংগলী পূজাবাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সংবাদ মেলত মৃত্যুঞ্জয় সাধক ভৃগুগিৰি মহাৰাজে এই কথা ব্যক্ত কৰে।
ভৃগুগিৰি মহাৰাজে জনোৱা মতে কুম্ভমেলাস্থলত মৃত্যুঞ্জয় যজ্ঞ সম্পাদন কৰা তেওঁ একমাত্ৰ সাধক। আনহাতে কুম্ভমেলাৰ তাৎপৰ্য ব্যাখ্যা কৰি ভৃগুগিৰি মহাৰাজে উক্ত মেলাত অংশগ্ৰহণ কৰিবৰ বাবে অসমৰ সৰ্বসাধাৰণ ৰাইজক আহ্বান জনায়।
ইপিনে কুম্ভমেলাত যোগদান কৰিবৰ নিমিত্তে গুৱাহাটীৰ পঞ্চকন্যা ভীমাশংকৰ ক্ষেত্ৰ আৰু মৃত্যুঞ্জয় মন্দিৰ পৰিচালনা সমিতিৰ যৌথ উদ্যোগত দোমোদাৰ ধীৰাসৰীয়াক সভাপতি আৰু প্ৰবীন গোস্বামীক সধাৰণ সম্পাদক হিচাপে লৈ প্ৰয়াগৰাজ কুম্ভমেলাৰ মৃত্যুঞ্জয় যজ্ঞ উদযাপন সমিতি গঠন কৰা হৈছে।
সম্পাদক প্ৰবীন গোস্বামীয়ে জনোৱা মতে, এলাহবাদ প্ৰয়াগৰাজত এইবাৰৰ কুম্ভমেলাত প্ৰায় এমাহ ভৃগুগিৰি মহাৰাজে যজ্ঞ, কৰ্মশালা, ধৰ্মসভা আদি অনুষ্ঠিত কৰিবলৈ পূৰ্ণ প্ৰস্তুতিৰ কামত ব্যস্ত হৈ পৰিছে।
কুম্ভমেলাত যোগদান কৰিব খোজা অসমৰ ভক্তবৃন্দৰ নিমিত্তে ভৃগুগিৰি আশ্ৰমত থকা মেলাৰ সুবিধা কৰা হৈছে। ইচ্ছুক ভক্তই কুম্ভমেলাত যদি অংশ ল’ব বিচাৰে তেন্তে অহা ৩১ ডিচেম্বৰৰ ভিতৰত পঞ্চকন্যা আশ্ৰম সমিতি অথবা পুৰণিগুদাম মৃত্যুঞ্জয় মন্দিৰ সমিতিৰে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
এই ক্ষেত্ৰত ৯৪৩৫০-৬২৪১৯, ৯৪৩৫০১৬৫১৬ অথবা ৯৪৩৫৭ ২২৬৮৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।