বৰ্বৰ! বিয়াঘৰত ব্যৱহৃত প্লেট অতিথিৰ গাত লগাৰ বাবেই প্ৰাণ ল’লে ৱেইটাৰৰ

Waiter beaten to death

প্ৰতিনিধিত্বমূলক ছবি

এক বিবাহ অনুষ্ঠানত কিছু ব্যৱহৃত খাদ্যৰ প্লেট এগৰাকী ৱেইটাৰে কঢ়িয়াই নিয়াৰ সময়তে অনুষ্ঠানত থকা দুজন অতিথিৰ শৰীৰত স্পৰ্শ কৰে আৰু এই সামান্য ঘটনাৰ বাবে নিজৰ জীৱন হেৰুৱাবলগা হয় ৱেইটাৰে।

কেইগৰাকীমান ব্যক্তিয়ে এই সামান্য কথাৰ বাবেই প্ৰহাৰ কৰাৰ ফলস্বৰূপে মৃত্যু হয় ৱেইটাৰজনৰ। এই জঘন্য কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত।

যোৱা ১৭ নৱেম্বৰৰে সন্ধিয়া গাজিয়াবাদৰ পুস্তা ৰোডৰ চি জি এছ ভাটিকা নামৰ এক অতিথিশালাত সংঘটিত হয় এই ঘটনা। অতিথিশালাটোত অনুষ্ঠিত হৈছিল এক বিবাহ অনুষ্ঠান।

অনুষ্ঠানটিত অতিথিসকলক খাদ্য পৰিৱেশন কৰাৰ পিছত ব্যৱহৃত প্লেটসমূহ কঢ়িয়াই নিছিল ৱেইটাৰগৰাকীয়ে। সেইসময়তে তেওঁ কঢ়িয়াই নিয়া প্লেটসমূহে দুজনমান লোকৰ শৰীৰত স্পৰ্শ কৰে।

এই কথাতে ৱেইটাৰজনক তীব্ৰ গালি-গালাজ কৰে লোককেইজনে আৰু তাৰ মাজতে বিবাহস্থলীতে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰে। আক্ৰমণত মাটিত ঢলি পৰে ২৬ বৰ্ষীয় পংকজ নামৰ ৱেইটাৰজন।

ইফালে পংকজৰ মৃত্যু ঘটা বুলি ভীতিগ্ৰস্ত হৈ আক্ৰমণকাৰী কেইজনে পংকজৰ দেহটো এখন জংঘলত পেলাই দিয়ে। পিছদিনা জংঘলত উদ্ধাৰ হয় পংকজৰ মৃতদেহ।

মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাত মূৰত গভীৰ ঘাঁৰ চিন পোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তৰ সময়ত পংকজৰ মাতৃয়ে আৰক্ষীক বিয়াৰ স্থানত কাম কৰিবলৈ যোৱাৰ পিছত পংকজ ঘৰলৈ উভতি অহা নাছিল বুলি জানিবলৈ দিয়ে।

ইয়াৰ পিছতে আৰক্ষীয়ে জানিব পাৰে যে পংকজে মনোজ গুপ্তা নামৰ এজন ঠিকাদাৰৰ জৰিয়তে অতিথিশালাটোত ৱেইটাৰ হিচাপে কাম কৰি আছিল। উক্ত ব্যক্তিজন আছিল অতিথিশালাটোৰ অংশীদাৰ।

আৰক্ষীয়ে পিছত ঘটনাৰ তদন্ত ক্ষীপ্ৰতৰ কৰি তোলে আৰু ঘটনাৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰে। তদন্তত কাজিয়াৰ সময়ত মনোজ গুপ্তায়ো পংকজক আক্ৰমণ কৰা বুলি আৰক্ষীয়ে জানিব পাৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে মনোজ গুপ্তাৰ লগতে ঘটনাত জড়িত থকাৰ অভিযোগত অমিত কুমাৰ আৰু ঋষভ নামৰ আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ধৃত তিনিওকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে।