চীনৰ সামগ্ৰী বৰ্জনৰ দাবীৰে খলকনি ছ’চিয়েল মিডিয়াত; ব্যৱসায়িক সংস্থাৰ তৎপৰতা আৰম্ভ

social-media

প্ৰতিনিধিত্বমূলক ফটো

পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰক নিষিদ্ধ কৰাত ৰাষ্ট্ৰসংঘত বাধা দিয়া চীনৰ আশ্চৰ্যজনক স্থিতিক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত কাৰ্যতঃ এক অঘোষিত যুদ্ধৰ অৱতাৰণা হৈছে।

ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামকে ধৰি ছ’চিয়েল মিডিয়াৰ সকলোবোৰ প্লেটফৰ্মতে চীনৰ সামগ্ৰী বৰ্জনৰ আহ্বান জনোৱা মেছেজেৰে ভৰি পৰিছে।

কিছুমানে আনকি এপ ব্যৱহাৰকাৰীসকলক সম্পূৰ্ণৰূপে চীনৰ এপ বৰ্জন কৰাৰো আহ্বান জনাইছে।

মাছুদ আজাহৰৰ ফাইল ফটো : সৌজন্য ইণ্ডিয়া টুডে

আন কিছুমানে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক (বিচিচিআই) আইপিএলত টাইটেল স্পনছ’ৰৰ পৰা ভিভ’ ব্ৰেণ্ডে প্ৰস্তুত কৰা চীনা মোবাইল হেণ্ডছেট পৰিহাৰ কৰাৰ বাবেও আহ্বান জনাইছে।

ইয়াৰ মাজতে পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰক এগৰাকী আন্তৰ্জাতিক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ বাবে ৰাষ্ট্ৰসংঘক ভাৰতে জনোৱা আবেদনক চীনে ভেটো দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাই দ্য কনফেডাৰেশ্যন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (চিএআইটি)এ বৃহস্পতিবাৰে ইয়াৰ সদস্যসকলক দেশখনত চীনৰ সামগ্ৰী বৰ্জন কৰাৰ বাবে আহ্বান জনাইছে।

চিএআইটিৰ ৰাষ্ট্ৰীয় সচিব প্ৰধান প্ৰবীন খাণ্ডেলৱালে কয় যে তেওঁলোকে ব্যৱসায়ীসকলক, বিশেষকৈ হোলীৰ আগত চীনৰ সামগ্ৰী ক্ৰয় বা বিক্ৰী নকৰিবলৈ আহ্বান জনাই এক ৰাষ্ট্ৰজোৰা প্ৰচাৰ অভিযান চলাব।

আনহাতে, প্ৰতিবাদস্বৰূপে ব্যৱসায়িক সংস্থাটোৱে ইয়াৰ সদস্যসকলক অহা ১৯ মাৰ্চত চীনৰ সামগ্ৰী জ্বলাবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰক চীনৰ আমদানিকৃত সামগ্ৰীৰ ওপৰত উচ্চ নিৰিখত শুল্ক কৰ আৰোপ কৰাৰ বাবে আহ্বান জনায়।

‘’চীনে পাকিস্তানৰ ভাৰত বিৰোধী কাৰ্যকলাপক উদগণি দিয়াৰ পৰিণতি ভোগ কৰা উচিত,’’- খাণ্ডেলৱালে কয়।