মন্ত্ৰীৰ আসনত অতুল-কেশৱ-ফণী : পূৰ্ব নিৰ্ধাৰিত আছিল নেকি অগপ-বিজেপিৰ পুনৰ মিত্ৰতা?

09-01-19-Guwahati-AGP-resignation-their-ministries-3-750x375

ফাইল ফটো : য়ু বি

দুমাহ পূৰ্বে মন্ত্ৰিত্ব ত্যাগ কৰা অগপৰ তিনি মন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী নাটকখনৰ যৱনিকা পেলাই বুধবাৰে দিচপুৰৰ মন্ত্ৰীৰ আসনখনলৈ উভতি আহিল। ডিঙিত ফুলাম গামোচা লৈ পুনৰ হাস্যবদনে মন্ত্ৰীৰ আসনত বহিল।

অগপৰ তিনি মন্ত্ৰীৰ প্ৰত্যাবৰ্তনৰ পাছত তেওঁলোকৰ দুমাহ আগত মন্ত্ৰিত্ব ত্যাগ কৰাটোও যেন এক নাটকহে আছিল সেয়া সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।

১২ মাৰ্চত গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত বিজেপিৰ সৈতে পুনৰ মিত্ৰতাত আৱদ্ধ হোৱা অগপই আজি দিনৰ ভাগত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। ইয়াৰ পাছতেই মুখ্য মন্ত্ৰীৰ আহ্বান মৰ্মে জনতা ভৱনলৈ আহি পুনৰ দায়িত্ব গ্ৰহণ কৰে অগপৰ অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত তীব্ৰ আন্দোলন চলি থকাৰ পাছতো অগপই বিধেয়কখনৰ বিৰোধিতা কৰা বুলি ক’লেও বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰা নাছিল। যাৰ বাবে সমালোচনাৰো সন্মুখীন হৈছিল দলটো।

পৰৱৰ্তী সময়ত বিধেয়ক লোকসভাত উত্থাপন হোৱাটো নিশ্চিত হোৱাতহে যোৱা ৭ জানুৱাৰিত অগপৰ নেতৃত্বই নতুন দিল্লীত মিত্ৰতা ভংগ ঘোষণা কৰিছিল। ৯ জানুৱাৰিত অগপৰ তিনি মন্ত্ৰীয়ে মুখ্য মন্ত্ৰীৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছিল।

কিন্তু পদত্যাগৰ দুটা মাহ উকলি যোৱাৰ পাছতো তেওঁলোকৰ পদত্যাগ পত্ৰ ৰাজ্যপালৰ ওচৰ পোৱাগৈ নাছিল। একেদৰে জনতা ভৱনৰ মন্ত্ৰী কেইজন বহা কক্ষৰ দুৱাৰমুখৰ পৰাও আঁতৰা নাছিল তেওঁলোকৰ মন্ত্ৰীৰ পদবী সম্বলিত নামফলক।

বিধেয়ক বিৰোধী আন্দোলনৰ সময়ত অগপই বিজেপিৰে মিত্ৰতা ত্যাগ নকৰা পৰ্যন্ত আন্দোলনকাৰী দল-সংগঠন আৰু ৰাইজৰ সমালোচনাৰ পৰা হাত সাৰিবলৈ দলটোৰ এয়া এক কৌশল আছিল নেকি? লগতে অগপই বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰাতোও পূৰ্ব নিৰ্ধাৰিত আছিল নেকি?

মুখ্য মন্ত্ৰী সোণোৱালে অগপৰ তিনিজন মন্ত্ৰীয়ে পদত্যাগ কৰাৰ পাছত ইমানদিনে সেই পদত্যাগ পত্ৰ গৃহীত নকৰা বিষয়টোৱে বাৰু ইয়াকেই নুসূচায়নে?