NORTHEAST NOW (Assamese)

কাৰাগাৰত বাৰে বাৰে ধৰ্ষিতা হৈছিলো: চৌডি নাৰীবাদী নেত্ৰীৰ স্বীকোৰোক্তিত ব্যাপক প্ৰতিক্ৰিয়া

February 11, 2021 8:37 pm · এন ই নাও নিউজ
ফাইল ফটো

অৱশেষত প্ৰায় আঢ়ৈ বছৰ কাৰাগাৰৰ বন্ধ কুঠৰীত নাৰকীয় জীৱন কটোৱা চৌডি আৰৱৰ নাৰীবাদী নেত্ৰী লুইজেন অল হাথলাউলক চৌডি আৰৱৰ চৰকাৰে মুক্তি দিছে।

চৌডি আৰৱৰ মহিলাক গাড়ী চলোৱাৰ অনুমতি প্ৰদানৰ লগতে পুৰুষৰ সমানেই আগুৱাই নিয়াৰ দাবীত আন্দলনৰ নেতৃত্ব দিয়াৰ বাবেই লুইজেনক ২০১৮ চনৰ মে’ মাহত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল।

লুইজেনৰ মুক্তিৰ দাবীত বিশ্বৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰতিবাদ হৈছিল যদিও চৌডি চৰকাৰে কোনো প্ৰতিবাদলৈ ভ্ৰূক্ষেপ কৰা নাছিল।

ইয়াৰ মাজতে চৌডি আৰৱৰ চৰকাৰে দেশ খনৰ মহিলাক গাড়ী চলোৱাৰ অনুমতি দিবলৈ বাধ্য হয় যদিও লুইজেন কাৰাগাৰতে বন্দী হৈ থাকিবলগীয়া হৈছিল।

আজি কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পিছতে লুইজেনে কাৰাগাৰৰ ভিতৰত হোৱা নাৰকীয় অভিজ্ঞতা বৰ্ণনা কৰি কয় যে তদন্তকাৰী বিষয়াসকলে বাৰে বাৰে তেওঁক ধৰ্ষণ কৰিছিল।

তদন্তকাৰী বিষয়াক চুম্বন কৰিবলৈ তেওঁক বাধ্য কৰোৱা হৈছিল। লুইজেনৰ এনে স্বীকাৰোক্তিয়ে এতিয়া বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনে লুইজেনৰ ওপৰত চলোৱা অত্যাচাৰক গৰিহণা দিয়াৰ লগতে মহিলাৰ অধিকাৰ সুৰক্ষাত চৌডিৰ চৰকাৰ ব্যৰ্থ হোৱা বুলি মন্তব্য কৰিছে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনেও লুইজেনক মুক্তি দিয়া কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰিছে।

অৱশ্যে মুক্তি পালেও লুইজেনে অহা পাঁচ বছৰৰ বাবে দেশ এৰি বিদেশলৈ যাব নোৱাৰিব।

Related News