অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ তুমুল প্ৰতিবাদ আৰু আন্দোলনকো নেওচি নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ লোকসভাত ইতিমধ্যে গৃ্হীত হৈছে। যিকোনো মুহূৰ্তত সি ৰাজ্যসভাতো উত্থাপিত হ’ব পাৰে। কিবা প্ৰকাৰে তাত গৃ্হীত হ’লে ই আইনত পৰিণত হোৱাৰ বাট প্ৰশস্ত হৈ পৰিব। আইনত পৰিণত হ’লে তাৰ বিৰুদ্ধে আইনী যুদ্ধ কিমান সফলকাম হ’ব সতকাই কোৱা টান। গতিকে, কনিবিহৰ সঁচ তপতে তপতে মাৰিব লাগিলে বিধেয়কখন ৰাজ্যসভাত ৰখাবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিবই লাগিব।
বিজেপিৰ পৰা এই ক্ষেত্ৰত আশা শূন্য হৈ পৰাৰ মুহূৰ্তত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলবাসীৰ হাতত কি ব্ৰহ্মাস্ত্ৰ বাকী আছে? এই ব্ৰহ্মাস্ত্ৰ আন একো নহয়, ই হৈছে সমূহ বিৰোধী দলৰ সদস্যৰ দ্বাৰা বিধেয়কখনৰ বিৰুদ্ধে ভোটদানৰ নিশ্চিতি। প্ৰতিবাদ-আন্দোলনৰ গুৰি ধৰোতাসকলে সেই নিশ্চিতি আদায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব নালাগিবনে? বিধেয়কখনৰ বিৰুদ্ধে বিৰোধীয়ে যাতে সন্মিলিতভাৱে ভোট দি তাক নাকচ কৰে, সেইকথা বাস্তৱায়িত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব নালাগিবনে?
আন্দোলনকাৰী নেতৃবৃন্দই বিধেয়ক প্ৰসংগত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক লগ কৰাত যিসকলৰ গা ফৰ্-ফৰাইছে বা কলিজা ধৰ্-ফৰাইছে সেইসকল জাতিধ্বংসী এই বিধেয়কৰ বাতিলকৰণক লৈ ছিৰিয়াছ নে? আমি ভাবোঁ- তেওঁলোক হয় পৰিস্থিতিৰ গম-গতি নোপোৱা লোক, নহয় মুকলিকৈ বা গুপুতে গুপুতে বিজেপিৰ মানুহ। বিধেয়ক প্ৰসংগই কংগ্ৰেছক লাভান্বিত কৰিব বুলি ভাবি এই দ্বিতীয়চামৰ মাথা বেয়া হৈ গৈছে। এওঁলোকৰ মতে লাগিলে জাতি-মাটি-ভেটিৰে সৰ্বনাশ হওক, তথাপি কংগ্ৰেছক ৰাজনৈতিক লাভ লুটিবলৈ এৰি দিব নোৱাৰি। কংগ্ৰেছ সতিনীৰ যাত্ৰা ভংগ কৰিবলৈ এওঁলোকে অসমীয়াৰ নাক কাটিবলৈকো প্ৰস্তুত।
পাহৰিলে নচলে যে জাতি, গণতন্ত্ৰ আৰু দেশৰ সংবিধান বিপন্ন হোৱাৰ সময়ত দলীয় ৰাজনৈতিক হিচাপ-নিকাচবোৰ সকলোৱে কাষৰীয়াকৈ থোৱা উচিত। কংগ্ৰেছ জনগণৰ মহামিত্ৰ বুলি আমিও নাভাবোঁ। কিন্তু, ৰাজ্যসভাত বিজেপিক বাদ দি কংগ্ৰেছৰেই আসন যিহেতু সৰ্বাধিক, সেয়ে তাত বিধেয়কখন ওফোৰাব লাগিলে কংগ্ৰেছৰ সহায় লোৱাত বাহিৰে কি গত্যন্তৰ আছে? কেৱল কংগ্ৰেছেই নহয়- সকলো বিৰোধী দলে যাতে ঐক্যবদ্ধভাৱে বিধেয়কৰ বিৰুদ্ধে ভোট দিয়ে তাৰ বাবে সকলো বিৰোধী দলৰ নেতৃবৃন্দৰ সৈতে কথা পাতিবই লাগিব। বিধেয়কৰ বিৰুদ্ধে সমূহ বিৰোধী দলক ঐক্যবদ্ধ কৰাটো বৃ্হত্তম বিৰোধী দল হিচাপে কংগ্ৰেছৰ পক্ষেই বেছি সুবিধাজনক। সেয়ে কংগ্ৰেছৰ লগত কথা পাতিবই লাগিব। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে যাতে এইক্ষেত্ৰত কোনো ঢিলা-ঢিলি নকৰে, বিষয়টো যাতে খুব গুৰুত্বসহকাৰে লয়, অহৰহ যাতে সতৰ্ক থাকে, নিৰ্দিষ্ট সময়ত যাতে সংসদত সকলো উপস্থিত থাকে আৰু ওলাই নাহি যাতে ঐক্যবদ্ধভাৱে তাৰ বিৰুদ্ধে ভোট দিয়ে- সেইকথা জাতি-মাটি-ভেটিৰ স্বাৰ্থতে আন্দোলনকাৰী নেতৃবৃন্দই তেওঁলোকক বুজাব লাগিব। উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰত বিষয়টোৱে যিহেতু এতিয়ালৈকে বিশেষ গুৰুত্ব পোৱাই নাই, সেয়েহে আচল সময়ত কিবা অজুহাতত বা ব্যক্তিগত অসুবিধাবশতঃ কোনো কোনো বিৰোধী সদস্য অনুপস্থিত হৈ থাকিলে মহা পয়মাল হ’ব। সেয়ে বিৰোধীৰ মাজত এক সজাগতা অভিযানৰ কাৰ্যসূচী আন্দোলনৰ নেতৃত্বই নোলোৱাকৈ থাকিব নোৱাৰে।
বিশেষকৈ ৰাজ্যসভাৰ বহু সাংসদ পোনপটীয়াকৈ নিৰ্বাচনী ৰাজনীতিৰ পৰা নাহি ক্ৰীড়া, সাহিত্য, সংস্কৃতি আদি ক্ষেত্ৰৰ পৰা অহা। উদাহৰণ শচীন টেণ্ডুলকাৰ। বিতৰ্কিত বিধেয়কখনে যিহেতু দেশৰ পৰিৱেশ উত্তাল কৰা দূৰৈৰ কথা- দেশত বৰ বিশেষ বিতৰ্কৰো সৃষ্টি কৰিব পৰা নাই- সেয়েহে উক্ত চাম সাংসদে বিষয়টোৰ গুৰুত্ব অনুধাৱন নকৰি ছুটী-টুটী লৈ অনুপস্থিত থাকিব পাৰে। বিজেপিয়ে বিধেয়কখন পাৰ কৰাই নিবলৈ নানা কূট-কৌশলৰ আশ্ৰয় ল’ব পাৰে। বহু কোটি টকাৰ বিনিময়ত বিৰোধীৰেই একাংশ সাংসদক বিধেয়কৰ সপক্ষে ভোট দিয়াব পাৰে। অথবা যিদিনা বা যিসময়ত বিৰোধী সদস্যৰ সংখ্যা কমি থাকে, সিদিনা বা সেই সময়তে বিধেয়ক উত্থাপন কৰি বিজেপিয়ে অভীষ্ট সিদ্ধি কৰিব পাৰে। সেয়েহে সমূহ বিৰোধী যাতে অত্যন্ত সতৰ্ক হৈ থাকে আৰু দহোবন কাতি কৰিও বিধেয়কখনক বাধা দিয়ে- তাৰ বাবে তেওঁলোকক জাগৰুক কৰি ৰাখিবলৈ আন্দোলনৰ নেতৃবৃন্দই সমূহ বিৰোধী নেতাৰ সৈতে বিতং আলোচনা কৰিবই লাগিব। পাহৰিলে নচলে যে হিন্দুত্ববাদীৰ বাবে এই বিধেয়ক হৈছে হিন্দুৰাষ্ট্ৰৰ লক্ষ্যত উপনীত হ’বলৈ নিৰ্মীয়মাণ সোপানৰে এটা পৰীক্ষামূলক ঢাপ।
গতিকে কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৭০টা সংগঠন, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০টা সংগঠন আৰু ডঃ হীৰেন গোহাঁই, মনজিৎ মহন্ত আদিয়ে ৰাহুল গান্ধী প্ৰমুখ্যে বিৰোধী নেতাসকলক লগ ধৰি বিধেয়কখনৰ বিৰুদ্ধে অনমনীয় আৰু ঐক্যবদ্ধ স্থিতি ল’বলৈ তেওঁলোকক অনুৰোধ কৰাটো আৰু সকীয়াই দিয়াটো অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ স্বাৰ্থৰ সপক্ষেই এটা পদক্ষেপ বুলি আমি বিবেচনা কৰোঁ। কংগ্ৰেছ-ফ’বিয়াপ্ৰসূত যুক্তিৰে এই পদক্ষেপৰ গুৰুত্ব লাঘৱ কৰিব নোৱাৰি।
লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক
ইমেইল- [email protected]