NORTHEAST NOW (Assamese)

সামূহিক মেটেকা সংগ্ৰহ কাৰ্য্যসূচী; ‘মূল্যহীন’ মেটেকাৰ পৰাই জীৱিকা আহৰণ মাজুলীৰ ২৫গৰাকী মহিলাৰ

September 28, 2018 6:38 pm · এন ই নাও নিউজ
Updated: September 28, 2018 8:24 pm
মেটেকাৰ সামগ্ৰী নিৰ্মাণ কৰি জীৱিকা আহৰণ কৰা মহিলাসকল। ফটো : মিটু খাটনিয়াৰ।

সচৰাচৰ কোনো মূল্য নাই বুলি ভবা মেটেকাক শিল্প-উদ্যোগৰ জ্ঞানেৰে কমাত লগাই যে জীৱিকা আহৰণ কৰিব পাৰি, সেয়া প্ৰমাণ কৰিছে মাজুলীৰ বহুকেইগৰাকী মহিলাই।

ALPED ( Association for Livelihood Promotion and Entrepreneurship Development )  নামৰ বেচৰকাৰী সংস্থাটোৰ দিকদৰ্শনত মাজুলীৰ ২৫গৰাকী মহিলাই মেটেকাৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰি সেইবোৰ বিক্ৰীৰে স্বাৱলম্বী হোৱা দেখা গৈছে। আজি এই বেচৰকাৰী সংস্থাটোৰ উদ্যোগত মাজুলীৰ চামগুৰিত সামূহিক মেটেকা সংগ্ৰহ কাৰ্য্যসূচী লোৱা হয়।

মাজুলীত মেটেকাৰ সামগ্ৰী নিৰ্মাণেৰে স্বাৱলম্বিতাৰ বাট বিষয়ক সভাৰ দৃশ্য।

আজিৰ কাৰ্য্যসূচীটো উদ্বোধন কৰে মাজুলীৰ অতিৰিক্ত উপায়ুক্ত  শ্ৰী চিন্ময় নাথে।  শ্ৰী চিন্ময় নাথে সংস্থাটোৰ এই ব্যতিক্ৰমী কামৰ শলাগ লয় আৰু প্ৰশাসনৰ ফালৰ পৰা সম্ভৱপৰ সকলো সহায় আগ বঢ়াব বুলি আশ্বাস দিয়ে।

মেটেকা সংগ্ৰহ কাৰ্য্যসূচীৰ পিছত এখন সভা আয়োজন কৰা হয়। সভাখনত সভাপতিত্ব কৰে শিক্ষাবিদ শ্ৰী ৰেব বৰাই।

সভাখনত ALPED ৰ সাধাৰণ সম্পাদক  ডাঃ কাব্যজ্যোতি বৰাই মাজুলীত তেওঁলোকে কৰা কামৰ খতিয়ান দাঙি ধৰে। মেটেকাৰ সামগ্ৰী নিৰ্মাণ কৰাৰ জৰিয়তে ২৫গৰাকী মহিলাই কিদৰে নিজৰ জীৱিকা উলিয়াইছে তাৰ বিৱৰণ কাব্যজ্যোতি বৰাই দাঙি ধৰে। সভাত মহিলাসকলে তৈয়াৰ কৰা মেটেকাৰ সামগ্ৰী প্ৰদৰ্শন কৰা হয়।

Related News