NORTHEAST NOW (Assamese)

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

May 20, 2022 1:49 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী

উজনিৰ পৰা নামনিলৈ এতিয়া বাৰিষাৰ বলীয়া বানে তাণ্ডৱ চলাইছে।

নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। গুৱাহাটীৰ কাছাৰীঘাটত থকা ব্ৰহ্মপুত্ৰৰ বিপদসীমা চুবলৈ বাকী মাত্ৰ ১.৬৭ মিটাৰ।

শুক্ৰবাৰে পানীৰ মাত্ৰা ৪৮.০১ ছেন্টিমিটাৰ বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে।

ইফালে বৃহস্পতিবাৰৰ দিনা পানীৰ মাত্ৰা আছিল ৪৭.৯৪ ছেন্টিমিটাৰ। জানিব পৰা মতে প্ৰতি ঘণ্টাত ৩ পৰা ৪ ছেন্টিমিটাৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ পানী।

বিগত বছৰত ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হোৱা ফলত ফাঁচীবাজাৰত বানপানী হৈছিল যাৰ ফলত ৰাস্তাৰ এটা অংশ খহি পৰিছিল।

বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰাও জাননী দিয়া হৈছে যে গুৱাহাটীৰ লগতে ৰাজ্যজুৰি আৰু এক সপ্তাহ জোৰা বৰষুণ হৈ থকাৰ সম্ভাৱনা আছে।

ইফালে ব্ৰহ্মপুত্ৰৰ পানীৰ বৃদ্ধি হোৱা ফলত বানত ডুব যাব পাৰে লাচিতঘাটকে ধৰি অনান্য বহু ঘাট। ইয়াৰ লগতে বিগত কিছুদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত স্মাৰ্ট গুৱাহাটীৰ বহু অঞ্চল যেনে হাতীগাঁও, জুৰোড, অনিল নগৰ,নবীন নগৰ,বেলতলা, ডাউন টাউনকে ধৰি বহু অঞ্চল কৃত্ৰিম বানপানীত ডুব যোৱা দেখা পোৱা গৈছে।

ধাৰাসাৰ বৰষুণৰ লগতে পাহাৰৰ পৰা পানী নামি অহা নাইবা নিপকোকে ধৰি অন্য প্ৰকল্পই পানী এৰি দিয়াৰ ফলত ওফন্দি উঠিছে ৰাজ্যৰ অন্য নৈসমূহৰো বুকু। জলপৃষ্ঠ বাঢ়ি অহাৰ ফলত উজনিৰ পৰা নামনিলৈ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে।

Related News