NORTHEAST NOW (Assamese)

বিশ্বনাথত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত; মথাউৰি নিৰ্মাণত বিভাগীয় হেমাহিৰ কথা স্বীকাৰ

July 18, 2019 12:25 pm · কাজি জেইদুল ইছলাম

বিশ্বনাথ ঘাটত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ সকলো মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গাফিলতি কৰাৰ কথা অকপটে স্বীকাৰ কৰে। আজি বিশ্বনাথত বান পৰিস্থিতি আৰু গৰাখহনীয়া সন্দৰ্ভত বুজ লোৱাৰ বাবে বিশ্বনাথ ঘাটত উপস্থিত হওঁতে জলসম্পদ মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত এই কথা স্বীকাৰ কৰে।

যোৱা নিশা প্ৰায় ১০ মান বজাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা জলসম্পদ মন্ত্ৰী গৰাকী বিশ্বনাথ জিলা আৱৰ্ত ভৱনত উপস্থিত হয়।

মন্ত্ৰী গৰাকী উপস্থিত হৈ জিলা উপায়ুক্ত ,জিলা আৰক্ষী অধীক্ষকৰ লগতে জিলা খনৰ প্ৰতিটো বিভাগৰ মুৰব্বী সকলৰ সৈতে এক আলোচনাত মিলিত হয় ।

আজি পুৱা ৮ বজাত বান পৰিস্থিতি আৰু গৰাখহনীয়া সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে বিশ্বনাথ ঘাটত উপস্থিত হয় মন্ত্ৰী গৰাকী। মন্ত্ৰী গৰাকীয়ে প্ৰথম অৱস্থাত বিশ্বনাথ ঘাটৰ চণ্ডী মন্দিৰৰ সমীপত হোৱা গৰাখহনীয়া পৰিদৰ্শন কৰে।

ইয়াৰ পিছত পোনে পোনে গাংমৌথান, লালপুখুৰী, ডাঠকলা শিবিৰ, কৰিবিল বঙালী গাঁও, কল্যাণী মন্দিৰ আদি বহু কেইখন ঠাইত বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰাৰ বাবে ৰাওনা হয়।

উল্লেখযোগ্য যে পুৱাই উপস্থিত হোৱা বিশ্বনাথ ঘাটৰ গৰাখহনীয়া পৰিদৰ্শন কৰি খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত তথা বিশেষ আঁচনি লোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জলসম্পদ মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

জলসম্পদ মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰসহ বিশ্বনাথ জিলা উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ড আৰু বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক ৰাকেছ ৰোচন আৰু জিলাখনৰ জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীসকল।

Related News