বগা হাতীত পৰিণত ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁ‌চনি

IMG-20200210-WA0031

পৰিত্যক্ত হৈ ৰৈছে পানী যোগান কেন্দ্ৰ। ফটো: নৰ্থইষ্ট নাও

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত ১নং আলুবাৰী অঞ্চলত থকা অসম চৰকাৰৰ অধীনস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁ‌চনিখন এতিয়া বগা হাতীত পৰিণত হোৱাৰ অভিযোগ উঠিছে।

২০০৯ চনতে স্থাপন কৰা পানী যোগান আঁ‌চনিখন বিকল হৈ থকাৰ ফলত স্থানীয় ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা আজিও বঞ্চিত হৈ থাকিব লগা হৈছে।

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত ১নং আলুবাৰীত কেইবাখনো গাওঁক সামৰি ২০০৯ চনতে নিৰ্মাণ হৈছিল এখন বিশুদ্ধ খোৱা পানী যোগান আঁ‌চনি।

কৰ্ম সংস্থাপনৰ আশাত ১ নং আলুবাৰীৰ এজন লোকে উক্ত পানী যোগান আঁচনিৰ কেন্দ্ৰটো নিৰ্মাণ কৰিবৰ বাবে তেওঁৰ মাটি চৰকাৰক প্ৰদান কৰিছিল।

সেই সময়ৰ মাৰ্ঘেৰিটাৰ বিধায়ক তথা মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে উক্ত মাটিৰ ক্ষতিপুৰণ দিয়াৰ লগতে চকীদাৰ হিচাবে মাটিৰ মালিকক এটা চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

কিন্তু আজি প্ৰায় এঘাৰটা বছৰ পাৰ হোৱাৰ পাছত লোকজনে চৰকাৰৰ পৰা নাপালে সামান্য এটা চাকৰি। ক্ষতিপূৰণ হিচাবে নাপালে এটা ফুটাকড়িও৷

তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনতেই ২০০৯ চনতে নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ কিছু দিন ৰাইজে বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ কৰিছিল যদিও বিগত প্ৰায় কেইবা বছৰৰ পৰা বন্ধ হৈ আছে পানী যোগান কেন্দ্ৰটো, যাৰফলত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজে এতিয়া হাহাকাৰ কৰিব লগা হৈছে।

কেইবা লক্ষাধিক টকাৰে নিৰ্মাণ কৰা পানী যোগান আঁ‌চনিখন পুনৰ কাৰ্যক্ষম কৰি বিশুদ্ধ খোৱা পানী যোগান দিবৰ বাবে স্থানীয় ৰাইজে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাক আহ্বান জনাইছে।

উল্লেখ যে ১নং আলুবাৰী পানী যোগান কেন্দ্ৰটোৰ উপৰিও আৰু বহুকেইটা পানী যোগান কেন্দ্ৰ মাৰ্ঘেৰিটা সমষ্টিত বিকল হৈ আছে যদিও বিভাগীয় কৰ্তৃপক্ষই এক্ষেত্ৰত চকুমুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন হৈছে।