NORTHEAST NOW (Assamese)

‘আগতে চোৰ-ডকাইটসকল জে’ললৈ গৈছিল, এতিয়া বিজেপিলৈ যায়’; কোনে কৰিলে এই বিস্ফোৰক মন্তব্য?

April 16, 2021 7:52 am · এন ই নাও নিউজ

৮ টা পৰ্যায়ত অনুষ্ঠিত হোৱা পশ্চিমবংগ বিধানসভাৰ ২০২১ৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ বাক যুদ্ধই চৰম সীমা স্পৰ্শ কৰিছে।

দুই দলৰ মাজৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ নেতা-নেত্ৰীসকলৰ মাজৰ বাকযুদ্ধও প্ৰতিপক্ষৰ প্ৰতি অধিক তীক্ষ্ম হৈ উঠিছে।

এই ধাৰা বৰ্তাই ৰাখি বৃহস্পতিবাৰে যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি অভিষেক বন্দ্যোপধ্যায়-এ বিজেপিক কটাক্ষ কৰি কয় যে আগতে চোৰ-ডকাইটসকলে জ’ললৈ গৈছিল, কিন্তু এতিয়া জে’ললৈ নহয়, বিজেপিলৈহে যায়।

কৃষ্ণ নগৰ উত্তৰ বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী কৌশানী মুখোপাধ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাক্তন তৃণমূল নেতা তথা বৰ্তমানৰ বিজেপি প্ৰাৰ্থী মুকুল ৰায়ক তুলাধুনা দি অভিষেকে কয় “তেওঁ(মুকুল ৰায়) বুজিছে যে পৰাজিত হৈছে। সেয়ে এই অঞ্চলত প্ৰচাৰ চলাবলৈ তেওঁ আহিব পৰা নাই।”

“বিত্তীয় কেলেংকাৰিৰ লগতে হত্যাৰ পৰা আদি কৰি একাধিক গোচৰ আছে বিজেপি প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে। নিজকে বচাবলৈ তেওঁ বিজেপিৰ আশ্ৰয় লৈছে। আগতে চোৰ-ডকাইটে জে’ললৈ গৈছিল, এতিয়া বিজেপিলৈ যায়।” প্ৰাক্তন তৃণমূল সাংসদ মুকুল ৰায়ক আক্ৰমণ কৰি এইদৰে কয় তৃণমূল কংগ্ৰেছৰ যুৱ নেতাগৰাকীয়ে।

সমষ্টিটোৰ দলীয় প্ৰাৰ্থী কৌশানী মুখোপাধ্যায়ৰ সপক্ষে ভোটদান কৰি মমতা বেনাৰ্জীক পুনৰ জয়ী কৰাবলৈ ভোটাৰক আহ্বান জনায় অভিষেক বন্দোপাধ্যায়ে।

Related News