উজবেকিস্তানত আৰম্ভ হোৱা ৮ খন ৰাষ্ট্ৰৰ ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্বই কোভিড-১৯ মহামাৰীক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।কোভিড-১৯ আৰু ইউক্ৰেইন সংকটৰ ফলত বিশ্বব্যাপী যোগান শৃংখলাত ব্যাঘাত জন্মিছে। আমি সেইবোৰো অতিক্ৰম কৰিব লাগিব।
তেওঁ কয়, “আমি জনকেন্দ্ৰিক উন্নয়ন আৰ্হিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। আমি প্ৰতিটো ক্ষেত্ৰতে উদ্ভাৱনক সমৰ্থন কৰি আছো। আজি আমাৰ দেশত ৭০,০০০ তকৈও অধিক ষ্টাৰ্ট-আপ আৰু ১০০ তকৈও অধিক ইউনিকৰ্ণ আছে,” । মোদীয়ে লগতে কয় “আমি ভাৰতক এক উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব বিচাৰো।”
প্ৰধানমন্ত্ৰীয়ে এছচিঅ’ৰ সদস্য ৰাষ্ট্ৰসমূহক ইখন দেশে সিখন দেশৰ বাবে পৰিবহনৰ সুবিধা সৃষ্টি কৰিবলৈ আৰু এনেদৰে স্থিতিস্থাপক যোগান শৃংখলা নিশ্চিত কৰাৰ বাবেও আহ্বান জনায়। যুদ্ধবিধ্বস্ত আফগানিস্তানলৈ সামগ্ৰী প্ৰেৰণৰ বাবে ভাৰতক এনে সুবিধা প্ৰদান কৰিবলৈ পাকিস্তানকমোদীয়ে আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে এছচিঅ’ দেশসমূহৰ মাজত পাৰস্পৰিক বিশ্বাস আৰু সহযোগিতাক সমৰ্থন কৰে। লগতে কয়, “মহামাৰী আৰু ইউক্ৰেইনৰ সংকটে বিশ্বব্যাপী যোগান শৃংখলাত বহুতো ব্যাঘাত সৃষ্টি কৰিছে, যাৰ ফলত বিশ্ব অভূতপূৰ্ব শক্তি আৰু খাদ্য সংকটৰ সন্মুখীন হৈছে।”
এই বছৰৰ প্ৰত্যাহ্বানপূৰ্ণ গোলকীয় আৰু আঞ্চলিক পৰিৱেশত এছচিঅ’ৰ কাৰ্যকৰী নেতৃত্বৰ বাবে উজবেক ৰাষ্ট্ৰপতি মিৰ্জিয়োয়েভক অভিনন্দন জনায় মোদীয়ে।আজি, যেতিয়া সমগ্ৰ বিশ্বই মহামাৰীৰ পিছত অৰ্থনৈতিক পুনৰুদ্ধাৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, এছ.ই.অ’.-ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
এছইঅ’ৰ সদস্য দেশসমূহে বিশ্বব্যাপী জিডিপিৰ প্ৰায় ৩০ শতাংশ অৰিহণা যোগায় আৰু বিশ্বৰ জনসংখ্যাৰ ৪০ শতাংশ লোক এছইঅ’ দেশসমূহত বাস কৰে। ভাৰতে এছইঅ’ৰ সদস্যসকলৰ মাজত অধিক সহযোগিতা আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধিত গুৰুত্ব দি আহিছে বুলি মোদীয়ে উল্লেখ কৰে।