DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘আমি কাৰো হাতৰ পুতলা নহয়’—পাকিস্তানক কিয় সকিয়ালে ফাৰুক আব্দুল্লাই?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 31, 2020 8:52 am
farooq-abdullah
544
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানক এইবাৰ মুকলিকৈয়ে সকিয়নি দিলে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই।

যোৱা ২২ আগষ্টত কাশ্মীৰৰ ৬ টাকৈ দলে সন্মিলিত ভাবে কেন্দ্ৰীয় চৰকাৰক কাশ্মীৰৰ পৰা বাতিল কৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ পুনৰ প্ৰৱৰ্তনৰ বাবে দাবী জনাই এক বিবৃতি প্ৰকাশ কৰিছিল।

ইয়াৰ পিছতে পাকিস্তানে কাশ্মীৰৰ ৬ টা দলৰ স্থিতিক সমৰ্থন জনাই বিজেপি চৰকাৰত কটু সমালোচনা কৰিছে।

পাকিস্তানে কৈছে যে কাশ্মীৰৰ স্বাধীনতাৰ বাবে দেশ খন সদায় কাশ্মীৰী জনতাৰ ওচৰত থাকিব।

কাশ্মীৰৰ ৬ টা বিৰোধী দলক পাকিস্তানে সহায় কৰিবলৈ প্ৰস্তুত বুলিও ইংগিত দিছে।

পাকিস্তানৰ এনে তৎপৰতাক পিছে সহজ ভাবে লোৱা নাই উপত্যকাটোৰ বিৰোধী দলবোৰে।

সেয়ে পাকিস্তানক সকিয়াই কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই কৈছে যে তেওঁলোক কাৰো হাতৰ পুতলা হৈ থাকিব নিবিচাৰে।

সেয়া দিল্লীয়েই হওক বা পাকিস্তানেই হওক।  পাকিস্তানে কাশ্মীৰলৈ সন্ত্ৰাসবাদী পঠিয়াই উপত্যকাটোত ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰা বুলিও আব্দুল্লাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

তেওঁ পাকিস্তানক এনে হিংসা বন্ধ কৰিবলৈ সকিয়াই দিয়ে।

তেওঁ কয় যে কাশ্মীৰৰ জনতাই শান্তি বিচাৰে আৰু সেই শান্তি দিল্লী আৰু পাকিস্তানে নিশ্চিত কৰিব লাগিব।

উল্লেখ্য কাশ্মীৰত পুনৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰৱৰ্তন কৰাৰ দাবীৰে ঐক্যৱদ্ধ হোৱা দল কেইটাই শেহতীয়াকৈ এক সন্মিলিত বিবৃতিও প্ৰকাশ কৰিছে।

বিবৃতিটোত দল কেইটাই কৈছে যে ২০১৯ চনৰ ৫ আগষ্টৰ দিনা কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদৰ লগতে ৩৫(ক) অনুচ্ছেদ বাতিল কৰি কাশ্মীৰী জনতাৰ অধিকাৰ কাঢ়ি নিছে।

কাশ্মীৰৰ জনতাক তেওঁলোকে হেৰুওৱা অধিকাৰ পুনৰ ঘূৰাই দিয়াৰ বাবেই কাশ্মীৰত শীঘ্ৰে সংবিধানৰ ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰিছে দল কেইটাই।

সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলোপৰ বিৰুদ্ধে থিয় দিয়া ৬ টা দলৰ ভিতৰত দুটা সৰ্বভাৰতীয় দল ক্ৰমে কংগ্ৰেছ আৰু চিপিএমো আছে।

বিৰোধী ঐক্যত থকা আন দল কেইটা হৈছে ক্ৰমে নেছনেল কনফাৰেন্স,পিপ’লছ ডেম’ক্ৰেটিক পাৰ্টী,আৱামী নেছনেল কনফাৰেন্স আৰু জম্মু-কাশ্মীৰ পিপ’লছ কনফাৰেন্স।

দল কেইটাই কাশ্মীৰত পুনৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ বাহাল কৰাৰ দাবীত শীঘ্ৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি  কৈছিল।চল চাই কঠীয়া পৰাৰ নীতি অৱলম্বন কৰি পাকিস্তানে দল কেইটাৰ স্থিতিক সমৰ্থন জনাবলৈ গৈ এতিয়া মুখ থেকেচা খাবলগীয়া হৈছে।

Recent News

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd