পতঞ্জলিৰ ভুৱা বিজ্ঞাপন সন্দৰ্ভত বাবা ৰামদেৱৰ ক্ষমা নাকচ সৰ্বোচ্চ ন্যায়ালয়ৰ

Supreme Court on Patanjali Ads Case

আজি সৰ্বোচ্চ ন্যায়ালয়ে পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে প্ৰতিষ্ঠাপক ৰামদেৱ আৰু বালকৃষ্ণই দাখিল কৰা ক্ষমা নাকচ কৰে৷ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ এ আমানুল্লাৰ বিচাৰপীঠে কয় যে, “ক্ষমাপ্ৰাৰ্থনাৰ কথা আমি মানি ল’বলৈ অস্বীকাৰ কৰিছোঁ, আমি ইয়াক ইচ্ছাকৃতভাৱে ইয়াক নীতি উলংঘা বুলি গণ্য কৰোঁ।”

কাৰ্যবিধিৰ আৰম্ভণিতে বিচাৰপীঠে লক্ষ্য কৰিছিল যে ৰামদেৱ আৰু বালাকৃষ্ণই প্ৰথমে সংবাদ মাধ্যমলৈ ক্ষমাপ্ৰাৰ্থনা প্ৰেৰণ কৰিছিল। ন্যায়াধীশ কোহলীয়ে কয় যে, “যেতিয়ালৈকে বিষয়টো আদালতত আছিল, তেওঁলোকে আমালৈ শপতনামা প্ৰেৰণ কৰাটো উপযুক্ত বুলি বিবেচনা কৰা নাছিল।”

“তেওঁলোকে প্ৰথমে সংবাদ মাধ্যমলৈ শপতনামা প্ৰেৰণ কৰিছিল, কালি সন্ধিয়া ৭.৩০ বজালৈকে আমাৰ বাবে আপলোড কৰা হোৱা নাছিল। তেওঁলোকে প্ৰচাৰতহে অধিক বিশ্বাস কৰে।”- বিচাৰপীঠে লগতে কয়।

ইয়াৰ পাছতে আদালতে উত্তৰাখণ্ড চৰকাৰৰ ফালে প্ৰশ্ন উত্থাপন কৰে যে অনুজ্ঞাপত্ৰ প্ৰদানকাৰী পৰিদৰ্শকে কিয় কাম নকৰিলে আৰু সেয়েহে তিনিজন বিষয়াক নিলম্বন কৰিব লাগে। তদুপৰি ৰাজ্যৰ বিষয়াসকলে এইক্ষেত্ৰত একো কৰা নাই বুলি আদালতে নিজৰ বক্তব্যত উল্লেখ কৰে।