• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ সমস্যা অসমীয়াক লৈ নহয়, অসমত থকা বহিৰাগতক লৈহে : নিচি এলিট ছ’চাইটি

নিচি এলিট ছ’চাইটিৰ দ্বাদশ সাধাৰণ সভালৈ আমন্ত্ৰিত অসম সাহিত্য সভাৰ সভাপতি

ডেমিয়েন লেপচা by ডেমিয়েন লেপচা
October 28, 2019 10:05 pm
Nishi Elite Society

নিচি এলিট ছ'চাইটিৰ দ্বাদশ সাধাৰণ সন্মিলনৰ এটা দৃশ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিচি এলিট ছ’চাইটিৰ দ্বাদশ সাধাৰণ সন্মিলনত আজি আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

পূব কামেং জিলাৰ ছেপা ৰাজহ চক্ৰৰ অন্তৰ্গত ৱেছাঙত অনুষ্ঠিত সাধাৰণ অধিৱেশনত উপস্থিত থাকি ৰাজবংশীয়ে দুয়োখন ৰাজ্যৰ মাজত আন্তঃৰাজ্যিক পাৰপত্ৰক কেন্দ্ৰ কৰি থকা সন্দেহ-সংশয় দূৰ কৰা উচিত বুলি মন্তব্য কৰে।

Apply Now

“আমি হৃদয়ত মৰম লৈহে শান্তি বজাই ৰাখিম, হাতত অস্ত্ৰ লৈ নহয়” ৰাজবংশীয়ে কয়।

সভাৰ সভাপতিজনে জনগোষ্ঠীটোৰ সংস্কৃতি, খাদ্যাভ্যাস, পৰম্পৰা, ভাষা, সাজপাৰক প্ৰশংসা কৰাৰ লগতে নিচি এলিট ছ’চাইটিক অসম সাহিত্য সভাৰ এটা অংশ বুলি কয়।

নিচি এলিট ছ’চাইটিৰ সভাপতি বেনজিয়া টলুমেও অসম আৰু অৰুণাচলৰ আন্তৰিকতাপূৰ্ণ সম্পৰ্কৰ বিষয়ে ভাষণত উল্লেখ কৰে।

সাহিত্য সভাৰ সভাপতি ৰাজবংশীৰ শংকা দূৰ কৰি টলুমে কয়, “আমি যুগ যুগ ধৰি ককাই-ভাইৰ দৰে আছো। সদৌ নিচি ছাত্ৰ সন্থাই ইনাৰ লাইন পাৰ্মিট (আন্তঃৰাজ্যিক পাৰপত্ৰ) বিচৰা অভিযানক লৈ ভুল বুজাবুজি সৃষ্টি হ’ব নালাগে।”

উল্লেখযোগ্য যে অলপতে সদৌ নিচি ছাত্ৰ সন্থাই ইনাৰ লাইন পাৰ্মিট বিচৰাৰ নামত অসমৰ পৰা গৈ তাত বাস কৰি থকা একাংশক হাৰাশাস্তি কৰা বুলি অভিযোগ উঠিছিল।

এই সন্দৰ্ভত অসমৰ কিছু সংখ্যক সংবাদ মাধ্যমে ভুল বুজাবুজিৰ সৃষ্টি কৰা বুলি অভিযোগ কৰি তেওঁ কয়, “অৰুণাচলৰ অসমীয়া মানুহক লৈ সমস্যা নাই। সমস্যা আছে অসমত থকা অনা অসমীয়াক লৈহে।”

আনহাতে তেওঁ অসমৰ লেখকসকলক তেওঁলোকৰ ৰচনাত নিচিসকলক “ডফলা” শব্দেৰে নুবুজাবলৈ বা উল্লেখ নকৰিবলৈ অনুৰোধ কৰে।

“শব্দটো অপমানজনক আৰু এই শব্দটো বহু বছৰৰ আগতেই সাংবিধানিক প্ৰক্ৰিয়াৰ মাজেৰে বাদ দিয়া হৈছে”, টলুমে কয়।

নিচি এলিট ছ’চাইটি জনগোষ্ঠীটোৰ অন্যতম শীৰ্ষ সংস্থা। সন্মিলনখনত নিচি বসতিপ্ৰধান ৮খন জিলাৰ পৰা অহা প্ৰায় ৩০০০ প্ৰতিনিধি উপস্থিত থাকে।

উপস্থিত থকা ৰাজ্যখনৰ গৃহ মন্ত্ৰী বামাং ফেলিক্সে অসমৰ প্ৰতিনিধিসকলক কয় যে ইনাৰ লাইন পাৰ্মিট অভিযানটো চলি থাকিব, কিয়নো ইয়াক ৰাজ্যখনৰ আইনৰ দ্বাৰা বান্ধি লোৱা হৈছে। “ৰাজ্যখনৰ অপৰাধৰ ৯০ শতাংশই ৰাজ্যখনত অবৈধভাৱে প্ৰৱেশ কৰা লোকৰ দ্বাৰা সংঘটিত হৈছে”, গৃহ মন্ত্ৰীজনে কয়।

ডেমিয়েন লেপচা

ডেমিয়েন লেপচা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd