• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ সমস্যা অসমীয়াক লৈ নহয়, অসমত থকা বহিৰাগতক লৈহে : নিচি এলিট ছ’চাইটি

নিচি এলিট ছ’চাইটিৰ দ্বাদশ সাধাৰণ সভালৈ আমন্ত্ৰিত অসম সাহিত্য সভাৰ সভাপতি

NE NOW NEWS ডেমিয়েন লেপচা
ছেপ্পা , October 28, 2019 10:10 pm

2 min read

Nishi Elite Society

নিচি এলিট ছ'চাইটিৰ দ্বাদশ সাধাৰণ সন্মিলনৰ এটা দৃশ্য।

5.7k
VIEWS
Share on FacebookShare on Twitter

নিচি এলিট ছ’চাইটিৰ দ্বাদশ সাধাৰণ সন্মিলনত আজি আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

পূব কামেং জিলাৰ ছেপা ৰাজহ চক্ৰৰ অন্তৰ্গত ৱেছাঙত অনুষ্ঠিত সাধাৰণ অধিৱেশনত উপস্থিত থাকি ৰাজবংশীয়ে দুয়োখন ৰাজ্যৰ মাজত আন্তঃৰাজ্যিক পাৰপত্ৰক কেন্দ্ৰ কৰি থকা সন্দেহ-সংশয় দূৰ কৰা উচিত বুলি মন্তব্য কৰে।

“আমি হৃদয়ত মৰম লৈহে শান্তি বজাই ৰাখিম, হাতত অস্ত্ৰ লৈ নহয়” ৰাজবংশীয়ে কয়।

সভাৰ সভাপতিজনে জনগোষ্ঠীটোৰ সংস্কৃতি, খাদ্যাভ্যাস, পৰম্পৰা, ভাষা, সাজপাৰক প্ৰশংসা কৰাৰ লগতে নিচি এলিট ছ’চাইটিক অসম সাহিত্য সভাৰ এটা অংশ বুলি কয়।

নিচি এলিট ছ’চাইটিৰ সভাপতি বেনজিয়া টলুমেও অসম আৰু অৰুণাচলৰ আন্তৰিকতাপূৰ্ণ সম্পৰ্কৰ বিষয়ে ভাষণত উল্লেখ কৰে।

সাহিত্য সভাৰ সভাপতি ৰাজবংশীৰ শংকা দূৰ কৰি টলুমে কয়, “আমি যুগ যুগ ধৰি ককাই-ভাইৰ দৰে আছো। সদৌ নিচি ছাত্ৰ সন্থাই ইনাৰ লাইন পাৰ্মিট (আন্তঃৰাজ্যিক পাৰপত্ৰ) বিচৰা অভিযানক লৈ ভুল বুজাবুজি সৃষ্টি হ’ব নালাগে।”

উল্লেখযোগ্য যে অলপতে সদৌ নিচি ছাত্ৰ সন্থাই ইনাৰ লাইন পাৰ্মিট বিচৰাৰ নামত অসমৰ পৰা গৈ তাত বাস কৰি থকা একাংশক হাৰাশাস্তি কৰা বুলি অভিযোগ উঠিছিল।

এই সন্দৰ্ভত অসমৰ কিছু সংখ্যক সংবাদ মাধ্যমে ভুল বুজাবুজিৰ সৃষ্টি কৰা বুলি অভিযোগ কৰি তেওঁ কয়, “অৰুণাচলৰ অসমীয়া মানুহক লৈ সমস্যা নাই। সমস্যা আছে অসমত থকা অনা অসমীয়াক লৈহে।”

আনহাতে তেওঁ অসমৰ লেখকসকলক তেওঁলোকৰ ৰচনাত নিচিসকলক “ডফলা” শব্দেৰে নুবুজাবলৈ বা উল্লেখ নকৰিবলৈ অনুৰোধ কৰে।

“শব্দটো অপমানজনক আৰু এই শব্দটো বহু বছৰৰ আগতেই সাংবিধানিক প্ৰক্ৰিয়াৰ মাজেৰে বাদ দিয়া হৈছে”, টলুমে কয়।

নিচি এলিট ছ’চাইটি জনগোষ্ঠীটোৰ অন্যতম শীৰ্ষ সংস্থা। সন্মিলনখনত নিচি বসতিপ্ৰধান ৮খন জিলাৰ পৰা অহা প্ৰায় ৩০০০ প্ৰতিনিধি উপস্থিত থাকে।

উপস্থিত থকা ৰাজ্যখনৰ গৃহ মন্ত্ৰী বামাং ফেলিক্সে অসমৰ প্ৰতিনিধিসকলক কয় যে ইনাৰ লাইন পাৰ্মিট অভিযানটো চলি থাকিব, কিয়নো ইয়াক ৰাজ্যখনৰ আইনৰ দ্বাৰা বান্ধি লোৱা হৈছে। “ৰাজ্যখনৰ অপৰাধৰ ৯০ শতাংশই ৰাজ্যখনত অবৈধভাৱে প্ৰৱেশ কৰা লোকৰ দ্বাৰা সংঘটিত হৈছে”, গৃহ মন্ত্ৰীজনে কয়।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd