আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে সংগীত শিল্পী বিদ্যাসাগৰ বৰা আৰু অভিনেত্ৰী আশা বৰদলৈয়ে।
কন্ঠশিল্পী বিদ্যাসাগৰে ২০০৯ চনতে বিজেপিত যোগদান কৰিছিল যদিও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা নাছিল কোনো ৰাজনৈতিক কাৰ্যসূচীত।
আজি পুনৰ বিজেপিত যোগদান কৰাৰ পাছতে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিস্ফোৰক মন্তব্য কৰে কন্ঠশিল্পীগৰাকীয়ে।
তেওঁ কয় ‘যতীন বৰা আৰু মোৰ মাজত পাৰ্থক্য নাই। যতীন দাৰো আৱেগ আছিল মোৰো আবেগ আছিল। কাৰণ কা আন্দোলনৰ মই নেতৃত্ব দিয়া নাছিলো। মানসিকভাৱে অত্যাচাৰ কৰি কা আন্দোলনলৈ আমাক লৈ যোৱা হৈছিল।‘
অৱশ্যে কোনে শিল্পীগৰাকীক মানসিকভাৱে অত্যাচাৰ কৰি কা আন্দোলনত জড়িত কৰাইছিল সেয়া স্পষ্টকৈ কোৱা নাই যদিও জনতাৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণকেই যে ইংগিত কৰিছে সেয়া স্পষ্ট হৈ পৰিছে তেওঁৰ ভাষ্যত।
বিদ্যাসাগৰৰ দাবী ‘মোৰ স্থিতি পূৰ্বৰ পৰাই একে আছিল। যেতিয়া মিডিয়াৰ লগত কথা হৈছিল তেতিয়া মোৰ স্থিতিৰ কথা মই কৈছিলো। মোৰ মন্তব্যৰ পাছতে বিতৰ্ক হৈছে আৰু মোক মানসিকভাৱে হাৰাশাস্তি কৰা হৈছে। যদি মোৰ ঘৰৰ তলত চাইগৈ তেন্তে দেখিব এতিয়াও টায়াৰ জ্বলাৰ চিন আছে। পৰিস্থিতিৰ দাস হৈ আহিলো।‘
ইপিনে, বিজেপি দলত সক্ৰিয়ভাৱে যোগদান কৰি শিল্পীগৰাকী কি ভূমিকাত অৱতীৰ্ণ হ’ব বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত বিদ্যাসাগৰে কয় ‘মোৰ ক্ষেত্ৰখন হৈছে সাংস্কৃতিক ক্ষেত্ৰ। মোৰ সংগীত ভালপোৱা বহুতো শ্ৰোতা আছে। গতিকে বৰগীত ক্ষেত্ৰখনক আৰু অধিক আগুৱাই নিয়াৰ চেষ্টা কৰিম। বাহিৰৰ মানুহহে যাতে গানবোৰ শুনিব পাৰে, তাৰ বাবে চেষ্টা কৰিম।‘
ইপিনে, বিজেপিত যোগদান কৰি অভিনেত্ৰী আশা বৰদলৈয়েও সাংস্কৃতিক জগতখনত আগুৱাই নিব বুলি দাবী কৰে।
বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত শিল্পী দুগৰাকীৰ লগতে প্ৰাক্তন আছু নেতা তপন দাস আৰু বিশিষ্টা শিক্ষাবিদ প্ৰভা চৌধাৰী দস্তিদাৰে যোগদান কৰে।