• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্বল প্ৰাৰ্থী, জনিয়া সমষ্টিৰ বিজয়ক লৈ নিশ্চিত নহয় বিজেপি!

ৰাতাবাৰী, জনিয়াক লৈ কি অংক মিলাইছে কংগ্ৰেছ-এআইয়ুডিএফে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 26, 2019 10:48 pm
Panchayat-elections-750x375-1140x570-1024x512

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ৪ টা বিধান সভা সমষ্টিত সমাগত উপ নিৰ্বাচন। ৰঙাপাৰা, সোণাৰি, ৰাতাবাৰী আৰু জনিয়া সমষ্টিত হ’ব এই উপ নিৰ্বাচন।

উপ নিৰ্বাচনক লৈ বিশেষ তৎপৰ হৈ পৰিছে শাসনাধীষ্ঠ বিজেপি, বিৰোধী কংগ্ৰেছ আৰু এআইয়ুডিএফ দল।

Apply Now

ইতিমধ্যে, চাৰিওটা সমষ্টিৰে পৰা ৩ জনকৈ প্ৰাৰ্থীৰ নাম থকা পেনেল প্ৰস্তুত কৰি দলৰ হাইকামাণ্ডলৈ প্ৰেৰণ কৰিছে ৰাজ্যিক বিজেপিয়ে।

বুধবাৰে তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছিল যদিও জনিয়া সমষ্টিক লৈ অনিশ্চয়তাত আছিল বিজেপি, কিয়নো সেই সমষ্টিৰ পৰা ২২ গৰাকী বিজেপি নেতাই বিচাৰিল টিকট।

বুধবাৰে সন্ধিয়া বৈঠকত সিদ্ধান্ত ল’ব নোৱাৰাত উক্ত সমষ্টিটোৰ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুতৰ কৰ্তৃত্ব দিছিল ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক।

শেহতীয়া খবৰ অনুসৰি দাসে টিকট দাবীদাৰসকলৰ মাজৰ পৰা তিনিজন প্ৰাৰ্থী ক্ৰমে মুজিবুৰ ৰহমান খান, আব্দুল চামাদ আৰু ইছমাইল হুছেইনৰ নাম হাই কামাণ্ডলৈ প্ৰেৰণ কৰিছে।

নৰ্থ ইষ্ট নাওৰ গ্ৰাউণ্ড জিৰ’ ৰিপৰ্টত পোহৰলৈ আহিছে যে বিজেপিয়ে পঠিওৱা তিনিজন প্ৰাৰ্থীৰে তৃণমূল পৰ্য্যায়ত জন সমৰ্থন তাকৰ আৰু সংখ্যালঘু প্ৰধান সমষ্টিটোত জয়ী হোৱাৰ সম্ভাৱনা অত্যন্ত ক্ষীণ।

ইপিনে, জনিয়া সমষ্টিত বিজয়ৰ অনিশ্চিয়তাত থকা বিজেপিয়ে অন্য তিনিটা সমষ্টি ক্ৰমে ৰঙাপাৰা, সোণাৰি আৰু ৰাতাবাৰী সমষ্টিত জয়ী হ’বলৈ বিশেষ তৎপৰতা অৱলম্বন কৰিছে।

অৱশ্যে তিনিওটা সমষ্টিত ২০১৬’ৰ বিধান সভা নিৰ্বাচনত বিজেপি বিধায়ক জয়ী হৈছিল।

আনহাতে, এক বিশেষ সুত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি ৰাতাবাৰী আৰু জনিয়া সমষ্টিত বুজা-বুজিৰ মাধ্যমেৰে নিজৰ নিজৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে উঠি পৰি লাগিছে কংগ্ৰেছ আৰু এআইয়ুডিএফ।

বৰপেটা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰায় ২০ জনে প্ৰাৰ্থিত্ব আগবঢ়াইছে যদিও তিনিজনৰ নামহে পেনেলত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।

তাৰ ভিতৰত তিনিজন প্ৰাক্তন বিধায়ক ক্ৰমে আব্দুৰ ৰহিম খান, আব্দুৰ ৰৌফ আৰু আব্দুছ ছোভানে প্ৰাৰ্থিত্বৰ পেনেলত অন্তৰ্ভুক্ত হ’ব বুলি সুত্ৰটোৰ দাবী।

উক্ত তিনিজনৰ ভিতৰত আব্দুৰ ৰহিম খানে দলীয় টিকট লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

ইপিনে, জনিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰফিকুল ইছলামে এআইয়ুডিএফৰ পৰা টিকট লাভ কৰাৰ সম্ভাৱনা আছে। সংখ্যালঘু অধ্যুষিত সমষ্টিটোত ৰফিকুলৰ যথেষ্ট গণভিত্তি আছে।

ৰফিকুল ইছলাম যোৱা বিধানসভা নিৰ্বাচনত বৰ্তমানৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকৰ হাতত পৰাজিত হৈছিল।

তদুপৰি, আব্দুল খালেকৰ আসনখন খালী হোৱাৰ পাছত সমষ্টিটোত বহুল জনপ্ৰিয়তা থকা কংগ্ৰেছৰ নেতা নাই। লগতে দেশজুৰি কংগ্ৰেছৰ বিপৰ্যয়ৰ মাজতে এই সংখ্যালঘু সমষ্টিটো বিজেপিৰ হাতলৈ এৰি দিব বিচৰা নাই কংগ্ৰেছে।

সেয়েহে এআইয়ুডিএফৰ সৈতে গোপন বুজা বুজিৰ মাধ্যমেৰে এআইয়ুডিএফক আসনখন দিয়াৰ কুচকাৱাজ চলাইছে।

এনে পৰিপ্ৰেক্ষিতত এআইয়ুডিএফৰ সৈতে কংগ্ৰেছে পৰীক্ষামূলক মিত্ৰতা কৰিব বুলি সাংসদ আব্দুল খালেকে কৰা ঘোষণাই বিশেষ মাত্ৰা প্ৰদান কৰিছে।

আনহাতে, ৰাতাবাৰী সমষ্টিতো কংগ্ৰেছৰ দখললৈ আনিবৰ বাবে কংগ্ৰেছে যুঁজ দিছে। এই সমষ্টিতোত কংগ্ৰেছী প্ৰাৰ্থীক জয়ী কৰোৱাত এআইয়ুডিএফে সহায়ৰ হাত আগবঢ়াব বুলি বিভিন্ন মহলত চৰ্চিত হৈছে।

ৰাতাবাৰী সমষ্টিত এইবাৰ কংগ্ৰেছে হিন্দু বাঙালী সম্প্ৰদায়ক অগ্ৰাধিকাৰ দিয়াৰ প্ৰচুৰ সম্ভাৱনা আছে। কিয়নো প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাসকলৰ প্ৰায় কেইজনেই হিন্দু বাঙালী সম্প্ৰদায়ৰ।

ৰাতাবাৰী সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰি কেশৱ চান্দ, প্ৰসাদ ৰজত, দৈবকী নন্দন ৰবিদাস, শ্ৰীমন্ত দাস, সুদুগ্ধ দাস, সুনিতি ৰয়, বীৰবল ৰবিদাসে প্ৰাৰ্থিত্ব বিচাৰিছে।

ইপিনে, সমষ্টিটোত এআইয়ুডিএফৰ তিনিজনে প্ৰাৰ্থিত্ব বিচাৰিছে বুলি জানিব পৰা গৈছে যদিও নামকেইটা বৰ্তমানলৈকে প্ৰকাশ কৰা নাই এআইয়ুডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd