নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত ক’লা পতাকা উত্তোলন বিএইচ্চ মহাবিদ্যালয়ত

IMG-20190125-WA0032

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি প্ৰতিবাদত নামিল বৰপেটাৰ বিএইচ্চ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ৷ নাগৰিকত্ব (সংশোধনী) বিধেয়ক বাতিলৰ দাবীত আজি বিএইচ্চ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ক’লা বেজ পৰিধান কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ৰঞ্জিৎ কুমাৰ দাসৰ প্ৰতিকৃতি দাহ কৰে৷

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়,  সত্ৰক লৈ ৰাজনীতি নচলিব, ধৰ্মক লৈ ৰাজনীতি বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি হুচিয়াৰ, আৰএছএছ হুচিয়াৰ, আদি চৰকাৰ বিৰোধী ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ৷  চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধ্বনি আনহাতে, প্ৰতিবাদী ছাত্ৰীসকলে মহাবিদ্যালয় চৌহদত ক’লা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইপিনে আন্দোলনৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক আঁতৰি থকাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰো তীব্ৰ বিৰোধিতা কৰে ছাত্ৰ সমাজে৷ এই বিধেয়কখনৰ বিৰুদ্ধে ছাত্ৰ সমাজেই প্ৰতিবাদী আন্দোলন গঢ়ি তোলাটো অধিক জৰুৰী বুলি মন্তব্য কৰে ছাত্ৰ-ছাত্ৰীসকলে৷

উল্লেখ্য যে, এই বিধেয়কখনৰ পৰা ১০ বছৰ পিছত ছাত্ৰ সমাজেই অধিক ক্ষতিগ্ৰস্ত হ’ব বুলি মন্তব্য কৰে এগৰাকী প্ৰতিবাদী ছাত্ৰই৷ জাতিধ্বংসী এই বিধেয়কখন বাতিলৰ দাবীত ছাত্ৰ সমাজেই প্ৰতিবাদী আন্দোলনৰ নেতৃত্ব বহন কৰাটো প্ৰয়োজনীয় হৈ পৰিছে৷ চৰকাৰক একনায়কত্বাবাদী মনোবৃত্তি  পৰিহাৰ কৰিবলৈ আহ্বান জনাই প্ৰতিবাদকাৰী ছাত্ৰৰ দাবী অনুসৰি এই বিধেয়কখন বাতিল নকৰিলে ২০২১ চনৰ নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰৰ দিয়া হ’ব বুলিও সকীয়নি দিয়ে প্ৰতিবাদকাৰীসকলে৷