NORTHEAST NOW (Assamese)
অসম

লখিমপুৰত শিপিনী সমাৰোহ : ২০ শতাংশ ৰেহাইত শিপিনীক প্ৰদান কৰা হ’ব সূতা

Posted by: এন ই নাও নিউজ October 25, 2018 9:30 pm

মাজুলী, বিশ্বনাথ, ধেমাজি, লখিমপুৰকে ধৰি চাৰিখন জিলাৰ শিপিনী সকলক সামৰি ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প সঞ্চালকালয়ে উত্তৰ লখিমপুৰত আজিৰে পৰা প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে ‘শিপিনী সমাৰোহ-২০১৮’।

আজিৰ সমাৰোহত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱা শিপিনী হিতাধিকাৰী গোটক ২৫ হাজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে মুদ্ৰা যোজনাৰ অধীনত ৫০ হাজাৰ টকা প্ৰদান কৰে।

আজিৰ অনুষ্ঠানত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই বৰ্তমানৰ ৰাজ্য চৰকাৰখনে শিপিনী সকলৰ কল্যাণৰ দিশত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ আলোকপাতেৰে বক্তব্য আগবঢ়ায়।

লগতে মন্ত্ৰী গৰাকীয়ে ১০২ টা হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে ৰাজ্যখনৰ সৰ্বমুঠ ১৬৪৬ গৰাকী শিপিনীক এতিয়ালৈকে জলপানিসহ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে।

আৰু ইয়াৰ জৰিয়তে ১ লাখ উত্তীৰ্ণ প্ৰশিক্ষাৰ্থীক তাঁতশাল আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰাৰ বাবে ২৫ হাজাৰ টকাৰ অনুদানৰ লক্ষ্য লোৱা হৈছে বুলিও মন্ত্ৰী গৰাকীয়ে কয়।

আনহাতে ৰাজ্যখনত এতিয়ালৈকে ২৭ টা সূতা ভঁৰাল স্থাপন কৰা হৈছে বুলি উল্লেখ কৰি এই সূতা ভঁৰাল সমূহত ৰাজসাহায্যৰ জৰিয়তে ২০ শতাংশ ৰেহাই হাৰত শিপিনী সকলক সূতা প্ৰদান কৰা হ’ব বুলি আজিৰ অনুষ্ঠানতে ৰঞ্জিত দাসে উল্লেখ কৰে।

লগতে ৰাজ্যখনত ২ খন হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ আদৰ্শ গাঁও স্থাপন কৰা হ’ব বুলি উল্লেখ কৰি ইয়াৰ বাবে ২ কোটি টকা ধাৰ্য কৰা হৈছে বুলিও মন্ত্ৰী গৰাকীয়ে কয়।

আজিৰ শিপিনী সমাৰোহত বিধায়কদ্বয় ক্ৰমে ৰণোজ পেগু, প্ৰমোদ বৰঠাকুৰ, লখিমপুৰ জিলা উপায়ুক্ত জীৱন বিকে ধৰি বহু সংখ্যক গণ্যমান্য লোক উপস্থিত থাকে।