• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধন বিলাই জনকল্যাণ নহয়; মৌনতা ভাঙি কাক লক্ষ্য বিজেপিৰ জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2025 10:30 am
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ পূৰ্বে নগদ ধন বিতৰণ – নিৰ্বাচনী ৰাজনীতিৰ এই নতুন ধাৰাক লৈ বিতৰ্কত এইবাৰ মুখ খুলিছে বিজেপিৰ জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীয়ে। তেওঁৰ মতে নির্বাচনৰ পূর্বে যিদৰে ধন বিলোৱা হৈছে, মানুহে নিজৰ ভোট কিনি লোৱা বুলি ভাবিবলৈ আৰম্ভ কৰিছে৷

দলৰ প্ৰাক্তন সভাপতি যোশী দীৰ্ঘদিন ধৰি বাজপেয়ী মন্ত্ৰীসভাৰ সদস্য আছিল। বৰ্তমান ৯১ বছৰীয়া যোশী বিজেপিৰ আন এজন জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানীৰ দৰে ৰাজনীতিত সক্ৰিয় নহয়। যদিও শাৰীৰিকভাৱে আদৱানীতকৈ বহু সুস্থ, উত্তৰ প্ৰদেশৰ এইগৰাকী নেতাই দলীয় ৰাজনীতিৰ পৰা আঁতৰি আহিছে।

Apply Now

বহুদিনৰ মূৰত সাম্প্ৰতিক ৰাজনীতিৰ আটাইতকৈ চৰ্চিত বিষয়টোক লৈ দিল্লীৰ এক অনুষ্ঠানত তেওঁ মুখ খুলিছে। প্ৰাক্তন নিৰ্বাচন আয়ুক্ত জিভিজি কৃষ্ণমূৰ্তিৰ ৯১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত এখন সভাত যোশীয়ে দেশৰ নিৰ্বাচনী ৰাজনীতিৰ পৰিৱৰ্তন সন্দৰ্ভত বহু কথা কয়।

বিহাৰত এন ডি এৰ বৃহৎ বিজয়ৰ পাছত ভোট ক্ৰয়ৰ লগতে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি বিৰোধীয়ে শাসকীয় মিত্ৰজোঁটক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। নিৰ্বাচনৰ কেইমাহমান পূৰ্বে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মহিলাৰ বেংক একাউণ্টলৈ ১০ হাজাৰকৈ টকা দিছিল। সেই আঁচনিখনে এই নির্বাচনত শাসকীয় মিত্রজোঁটৰ বাবে যাদুকৰী কাম কৰা বুলি ধাৰণা কৰা হৈছে৷

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত নগদ সুবিধা প্ৰদানৰ কথাও কোৱা হৈছে। প্ৰচাৰৰ সময়ত দলটোৰ মুখখন আছিল খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, যিয়ে কেইবছৰমান পূৰ্বেও নগদ ধন বিতৰণৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল আৰু কেৱল সেয়াই নহয়, কেন্দ্ৰীয় চৰকাৰে এনে সুবিধা প্ৰদান বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়লৈ গৈছিল।

আনহাতে, প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা সভাত নগদ ধন বিতৰণ কাৰ্যসূচীক বাৰে বাৰে সমালোচনা কৰে। অৱশ্যে তেওঁ নিজৰ দলটোক সেই বাটত খোজ দিয়াত বাধা দিয়া নাই। স্বাভাৱিকতে যোশীৰ বক্তব্যৰ লক্ষ্য স্বয়ং প্ৰধানমন্ত্ৰী নেকি সেই বিষয়েও আলোচনা আৰম্ভ হৈছে।

নিৰ্বাচনৰ প্ৰাকক্ষণত এই নগদ ধন বিতৰণ কাৰ্যসূচী সন্দৰ্ভত যোশীয়ে কয় যে ইয়াৰ দ্বাৰা প্ৰকৃত জনকল্যাণ প্ৰদান কৰা হোৱা নাই। সংবিধানত উল্লেখ কৰা সমতাও বিপন্ন হৈ পৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে ভাৰতত উন্নয়ন আৰু সুবিধাৰ ক্ষেত্ৰত আঞ্চলিক বিভাজন আছে। সকলো ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা সমান নহয়। কৰ্ণাটকৰ এজন বাসিন্দাই ভোটৰ বিনিময়ত যি সুবিধা লাভ কৰে সেয়া মৰুৰাজ্য বা উত্তৰ-পূৰ্বাঞ্চলৰ এজন ব্যক্তিয়ে নাপায়। যদিও সকলোৰে ভোটৰ মূল্য সমান।

যোশীয়ে কয় যে সংবিধানৰ ওপৰত বিশ্বাস ৰাখি ন্যায় প্ৰতিষ্ঠা কৰিবলৈ হ’লে ৰাজ্যসমূহ আৰু অধিক বিভাজন কৰিব লাগিব। জনসংখ্যাৰ অনুপাত আৰু লোকসভা আৰু বিধানসভাৰ সংখ্যা সমান কৰি ৰাখি যদি নতুন ৰাজ্যৰ সৃষ্টি হয়, তেন্তে দেশত উন্নয়ন আৰু সুবিধাৰ ক্ষেত্ৰত সমতা অনা সম্ভৱ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd