অসমৰ বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ আজি ৮৬ সংখ্যক ওপজা দিন। ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰৰ ধাইআলিত জন্ম গ্ৰহণ কৰিছিল অসমৰ বিশিষ্ট কথাশিল্পী ইমৰান শ্বাহে।
প্ৰতি বছৰৰ দৰে এইবছৰো বিশিষ্ট সাহিত্যিক গৰাকীৰ জন্মদিনটো শিৱসাগৰ সাহিত্য সভাৰ ‘কুঁহি’ অনুষ্ঠানে ‘প্ৰত্যাৱৰ্তনৰ প্ৰতিক্ষাৰে’ শীৰ্ষক অনুষ্ঠানটি উদযাপন কৰি আহিছে। আজি ইমৰান শ্বাহৰ ধাইআলি বাসভৱনৰ প্ৰাংগণত বিয়লি ১ বজাত জন্মদিনৰ অনুষ্ঠানটি অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে শিৱসাগৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক যোগ গগৈয়ে।
আনহাতে বিশিষ্ট সাহিত্যিক গৰাকীক জন্মদিনৰ দিনাই যোৰহাটৰ শব্দ প্ৰকাশনে ‘শব্দ সাহিত্য বঁটা’ প্ৰদান কৰিব। উল্লেখ্য যে শিৱসাগৰৰ ধাই আলিৰ প্ৰখ্যাত নবাব পৰিয়ালত জন্মগ্ৰহণ কৰা ইমৰান শ্বাহে অতি সৰু কালৰে পৰাই সাহিত্য চৰ্চা কৰি আহিছিল।
তেওঁৰ প্ৰথম কবিতা সংকলন ‘বনবাসী’ নৱম শ্ৰেণীত পঢ়ি থকাৰ সময়তেই প্ৰকাশ পাইছিল। তাৰ পৰৱৰ্তী বছৰত ১৯৫২ চনত তেখেতৰ প্ৰথম খন উপন্যাস ‘সংগীতৰ সিপাৰে’ প্ৰকাশ কৰি সাহিত্য জগতখনত ভুমুকি মৰাৰ লগতে বৰ্তমানলৈকে অৰ্দ্ধশতাধিক গল্প, উপন্যাস, প্ৰৱন্ধ, নাটক, বিতা ৰচনাৰে অসমীয়া ভাষা-সাহিত্যৰ ভড়াল চহকী কৰিবলৈ সক্ষম হৈছে।
ঈশান দত্ত নামেৰে পৰিচিত ইমৰান শ্বাহে ২০০৮ চনত ‘আজান পাৰ বঁটা’ লাভ কৰিছিল আৰু ২০১০ চনত তেখেতক ‘অসম উপত্যকা সাহিত্য বঁটা’ প্ৰদান কৰা হৈছিল। ২০১২ চনত ‘অসম সাহিত্য সভাৰ’ বৰপেটা ৰোড অধিৱেশনত সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।
এইজনা মহান ব্যক্তিৰ জন্মদিনত সমগ্ৰ অসমৰ লগতে নৰ্ষ্ট-ইষ্ট নাওৰ তৰফৰ পৰা জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে তেখেতৰ আশু আৰোগ্য কামনা কৰিছো।