পাঁচ ৰাজ্যৰ নিৰ্বাচন: ৰাজনৈতিক দলক সমৰ্থনৰ বাতৰি অস্বীকাৰ কৃষক নেতা ৰাকেশ টিকাইটৰ

Rakesh Tikait

ভাৰতীয় কিষাণ ইউনিয়নৰ (বিকেইউ) নেতা ৰাকেশ টিকাইটে পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কোনো ৰাজনৈতিক দলক সমৰ্থন আগবঢ়োৱাৰ বাতৰি অস্বীকাৰ কৰিছে।

পেৰেড গ্ৰাউণ্ডত কৃষকসকলৰ তিনিদিনীয়া ‘চিন্তান শিবিৰ’ত অংশগ্ৰহণ কৰিবলৈ মাঘ মেলাত উপস্থিত হোৱা টিকাইটে মঙলবাৰে কয়, “আমি এই নিৰ্বাচনত কাকো সমৰ্থন নকৰো।”

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনত বিকেইউৰ সভাপতি নৰেশ টিকাইটে ৰাষ্ট্ৰীয় লোক দল-সমাজবাদী পাৰ্টি মিত্ৰজোঁটৰ সমৰ্থনৰ বাবে আবেদন জনাইছিল।

অৱশ্যে, চিচাউলিত বিজেপিৰ সঞ্জীৱ বালিয়ানৰ সৈতে কেইঘণ্টামানৰ বৈঠকৰ পিছত বিকেইউৰ সভাপতি গৰাকীয়ে তেওঁৰ বক্তব্য প্ৰত্যাহাৰ কৰে আৰু কয় যে তেওঁ কাকো সমৰ্থন কৰা নাই।

কৃষকসকলৰ ‘চিন্তান শিবিৰ’ত ৰাকেশ টিকাইটে কয় যে তেওঁলোকে কেৱল কৃষকসকলৰ সমস্যাৰ ওপৰত চিন্তা-চৰ্চা কৰে।

বিকেইউ নেতাজনে চৰকাৰৰ বিৰুদ্ধে হতাশা ব্যক্ত কৰি দাবী কৰিছিল যে যে চৰকাৰৰ প্ৰতিশ্ৰুতিবোৰ এতিয়াও অসম্পূৰ্ণ হৈ আছে।

“দেশজুৰি কৃষক আন্দোলনৰ সময়ত চৰকাৰে এখন সমিতি গঠন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেইয়া হোৱা নাই। লখিমপুৰ খেৰী ঘটনাত আমাৰ কেইবাজনো লোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। গৃহ ৰাজ্যিক মন্ত্ৰী অজয় কুমাৰ মিশ্ৰ এতিয়াও তেওঁৰ পদত আছে। এইটো এটা ডাঙৰ সমস্যা। শস্য সংগ্ৰহৰ ক্ষেত্ৰত সমস্যা আছে। এইবিষয়বোৰ আলোচনা কৰা হৈছিল।” ৰাকেশ টিকাইটে কয়।