সোমবাৰে ইডেন গাৰ্ডেনত ইংলেণ্ডৰ ২০২ ৰানৰ লক্ষ্য অনুসৰণ কৰি ইটালীয়ে ১৭৮ ৰান সংগ্ৰহ কৰিছিল। আজি একেখন খেলপথাৰতে ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰি ৬ উইকেটত ১৬৫ ৰান সংগ্ৰহ কৰাৰ পিছত ইটালীৰ অনুৰাগীসকলৰ মনত হয়তো অলপ আশাৰ সঞ্চাৰ হৈছিল। টি-২০ বিশ্বকাপত অভিষেকতে যদি এটা ডাঙৰ দলক পৰাস্ত কৰি অভিযান সামৰিব পাৰি!
ইটালীয়ে নোৱাৰিলে। পাৱাৰ প্লে’ত ৩৭ ৰানত ৩ উইকেট হেৰুৱাই ইটালী ক্ৰমান্বয়ে খেলৰ পৰা বাহিৰ হৈ পৰে। অৱশেষত ১৮ অভাৰত ১২৩ ৰান সংগ্ৰহ কৰি অল আউট হয়। ইতিমধ্যে ছুপাৰ এইটত প্ৰৱেশ কৰা ৱেষ্ট ইণ্ডিজে ৪২ ৰানৰ জয়ৰে গ্ৰুপ পৰ্যায় সমাপ্ত কৰে।
কেৰিবিয়ানৰ পেচাৰ মেথিউ ফৰ্ডে দ্বিতীয় অভাৰত জাষ্টিন মস্কাক ঘূৰাই পঠিয়াই অপেনিঙত ইটালীৰ মস্কা ভাতৃদ্বয়ৰ যুটি ভাঙি পেলায়। স্পিনাৰ আকিল হোছেইনে অলপ মুক্তভাৱে খেলিবলৈ চেষ্টা কৰি ১২ টা বলত ১৯ ৰান কৰা এন্থনী মস্কাক পৰৱৰ্তী অভাৰতে ঘূৰাই পঠিয়ায়। দুটা অভাৰ পিছতে ফৰ্ডৰ বলি হয় ছাইদ নাকভি।
আৰম্ভণিতে তিনিটা উইকেট হেৰুৱাৰ চাপ দূৰ কৰিবলৈ তেওঁলোকক এটা ডাঙৰ যুটীৰ প্ৰয়োজন আছিল যদিও কোনোৱে কৰিব নোৱাৰিলে। কোনো যুটীয়ে ২৫ ৰানতকৈ অধিক ৰান কৰিব পৰা নাছিল। ৬ নম্বৰত বেটিং কৰিবলৈ অহা বেন মানেন্টিয়ে সৰ্বাধিক ২৬ ৰান সংগ্ৰহ কৰে।
প্ৰথম ১০ অভাৰত ইটালীয়ে ৪ উইকেটত ৬১ ৰান সংগ্ৰহ কৰে। ১২ নং অভাৰত স্মাটছ (২৪) আউট হোৱাৰ পাছত ইটালী ক্ৰমান্বয়ে খেলখনৰ পৰা বাহিৰ হৈ পৰে। শেষৰ ৬ অভাৰত জয়ী হ’বলৈ ৭২ ৰানৰ প্ৰয়োজন হৈছিল, হাতত আছিল ৫টা উইকেট। কিন্তু তেওঁলোকে সম্পূৰ্ণ ২০ অভাৰ খেলিব নোৱাৰিলে। কেৰিবিয়ানৰ পেচাৰ শ্বামাৰ জোচেফে ৩০ ৰানত ৪ টা উইকেট দখল কৰে। ফিল্ডাৰ হিচাপেও শ্বামাৰে চাৰিটা কেচ লয়।
পুৰুষ আৰু মহিলা উভয় আন্তঃৰাষ্ট্ৰীয় টি-২০ত এখন মেচত ৪টা উইকেট দখল কৰাৰ লগতে ৪টা কেচ লৈ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় শ্বামাৰ। টি-২০ বিশ্বকাপত উইকেটকীপাৰৰ বাহিৰে আন ফিল্ডাৰ হিচাপে এখন মেচত চাৰিটা কেচ লোৱা শ্বামাৰ পঞ্চমজন ক্ৰিকেটাৰ।
টছত পৰাস্ত হোৱাৰ পাছত প্ৰথমে বেটিং কৰা ৱেষ্ট ইণ্ডিজে ইডেনৰ বেটিং অনুকূল উইকেটত আৰু অধিক ৰান সংগ্ৰহ কৰিব পাৰিলেহেঁতেন। প্ৰথম ১০ অভাৰত তেওঁলোকৰ স্ক’ৰ আছিল ২ উইকেটত ৭৬ ৰান। শেষৰ ১০ অভাৰত তেওঁলোকে ৪ উইকেটত ৮৯ ৰান কৰে। অধিনায়ক ছাই হোপে ৪৬ বলত ৭৫ ৰান কৰে। ৰষ্টন চেজে ২৪ ৰানত আৰু শ্বাৰফান ৰাদাৰফোৰ্ডে ২৪ ৰানত অপৰাজিত হৈ ৰয়।
গ্ৰুপ ‘চি’ৰ পৰা ৪খন মেচতে জয়লাভ কৰি ৱেষ্ট ইণ্ডিজে ৮ পইণ্টেৰে গ্ৰুপ পৰ্যায়ত শীৰ্ষস্থান দখল কৰে। ইটালীয়ে ১খন খেলত জয়লাভ কৰি ৪খন মেচৰ পৰা ২ পইণ্ট লাভ কৰি চতুৰ্থ স্থানত অভিযানৰ অন্ত পেলায়।
সংক্ষিপ্ত স্কোৰ:
ৱেষ্ট ইণ্ডিজ: ২০ অভাৰত ১৬৫/৬ (হোপ ৭৫, চেজ ২৪, ৰাদাৰফোৰ্ড ২৪*; মানেন্টি ২/৩৭, কালুগামাগে ২/২৫)।
ইটালী : ১৮ অভাৰত ১২৩ ৰান (মানেন্টি ২৬, স্মাটছ ২৪, মস্কা ১৯; শ্বামাৰ ৪/৩০, ফৰ্ড ৩/১৯, মটি ২/২৪)।
ফলাফল: ৱেষ্ট ইণ্ডিজে ৪২ ৰানত জয়লাভ কৰে।
মেন অৱ দ্য মেচ: ছাই হোপ (ৱেষ্ট ইণ্ডিজ)।





