• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেৰিবিয়ান তাণ্ডৱত দিশহাৰা জিম্বাবুৱে; টি-২০ বিশ্বকাপৰ ছুপাৰ এইটত ৱেষ্ট ইণ্ডিজৰ বিশাল জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2026 10:02 am
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৱেষ্ট ইণ্ডিজৰ তাণ্ডৱত যেন মুক দৰ্শক হৈ পৰিছিল জিম্বাবুৱে। এদিনীয়া বিশ্বকাপৰ দুবাৰৰ চেম্পিয়ন হৈছে ৱেষ্ট ইণ্ডিজ। টি-২০ বিশ্বকাপতো দুবাৰকৈ জয়লাভ কৰিছে। চলিত টি-২০ বিশ্বকাপতো কেৰিবিয়ানৰ চকু কপালত তুলিব পৰা প্ৰদৰ্শন। এই ৱেষ্ট ইণ্ডিজৰ দলটোৱে ক্ৰিকেট অনুৰাগীসকলক ভিভ ৰিচাৰ্ডছ, গৰ্ডন গ্ৰীনিজ, মেলকম মাৰ্শ্বেলৰ কথা মনত পেলাই দিয়ে।

সোমবাৰে সন্ধিয়া টি-২০ বিশ্বকাপৰ ছুপাৰ এইট পৰ্যায়ত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজ আৰু জিম্বাবুৱেৰ মাজত মুখামুখি হয়। কেৰিবিয়ানৰ আগত অসহায়ভাৱে ধৰা দিলে চিকন্দৰ ৰাজা বাহিনী। ব্ৰেড ইভান্সৰ যুঁজ ব্যৰ্থ হ’ল। কেৰিবিয়ান দলে ১০৭ ৰানত জয়লাভ কৰে।

Apply Now

অৱশ্যে ছেমিফাইনেলৰ পথত টিম ইণ্ডিয়াৰ বাবে ৱেষ্ট ইণ্ডিজৰ এই বিশাল জয়ে বৃহৎ বিপৰ্যয়ৰ সৃষ্টি কৰিছে। ৱেষ্ট ইণ্ডিজ আৰু জিম্বাবুৱেৰ মাজত অনুষ্ঠিত হোৱা খেলখনত ছয়ৰ অভিলেখ গঢ়িল। ২০১৪ চনৰ টি-২০ বিশ্বকাপত এখন খেলত সৰ্বাধিক ৩০টা ছয়ৰ অভিলেখ আছিল। এই মেচখনত ৩১টা ছয়ৰ অভিলেখ গঢ়ে।

জিম্বাবুৱেৰ অধিনায়ক চিকন্দৰ ৰাজাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰি কেৰিবিয়ানে ২২ গজত ধুমুহাৰ সৃষ্টি কৰে। ড্ৰেছিং ৰুমলৈ উভতি অহাৰ পূৰ্বে অ’পেনাৰ দুগৰাকী ব্ৰেণ্ডন কিঙে ৯(১২) ৰান আৰু শ্বাই হোপে ১৪(১২) ৰান সংগ্ৰহ কৰে। কেৰিবিয়ানৰ অ’পেনাৰ দুগৰাকীয়ে বিশেষ প্ৰদৰ্শন দিব নোৱাৰিলে যদিও মিডল অৰ্ডাৰে জিম্বাবুৱেৰ বলিং লাইন আপৰ ককাঁল ভাঙি পেলালে।

তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ অহা শ্বিমৰন হেটমায়াৰে দুৰ্দান্ত ইনিংছ খেলে। তেওঁৰ বেটিং তাণ্ডৱ চাই এনে লাগিল যেন তেওঁ জিম্বাবুৱেৰ বলাৰক প্ৰশিক্ষণহে দিছে। শ্বিমৰন হেটমায়াৰে ৩৪টা বলত ৮৫ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলে। তেওঁৰ ইনিংছত আছিল ৭টা চাৰি আৰু ৭টা ছয়।

শ্বিমৰন হেটমায়াৰক ৰভমেন পাৱেলে ভালদৰে সমৰ্থন কৰিছিল। তেওঁ ৩৫টা বলত ৫৯ ৰান সংগ্ৰহ কৰে। তাৰ পাছত শ্বাৰফেন ৰাদাৰফোৰ্ডে ১৩টা বলত ৩১ ৰানৰ অপৰাজিত ইনিংছ খেলে। ৰোমাৰিয়া শ্বেফাৰ্ডে ২১(১০) ৰান আৰু জেছন হোল্ডাৰে ১৩(৪) ৰান সংগ্ৰহ কৰে।

জিম্বাবুৱেৰ হৈ ৰিচাৰ্ড নাগাৰভাই ২টা, ব্লেছিং মুজাৰাবানীয়ে ২টা, ব্ৰেড ইভান্সে ১টা, গ্ৰেম ক্ৰেমাৰে ১টাকৈ উইকেট দখল কৰে। ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২৫৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত জিম্বাবুৱেই বেটিং কৰিবলৈ নামি দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয়। দুয়োগৰাকী অ’পেনাৰ টাদিৱানাশ্বে মাৰুমানীয়ে ১৪(৮) ৰান আৰু ব্রায়ান বেনেটে ৫(৫) ৰান সংগ্ৰহ কৰি আউট হয়। ডিঅ’ন মায়াৰ্ছে ২৮(১৫) ৰান সংগ্ৰহ কৰি ড্ৰেছিং ৰুমলৈ উভতি আহে।

ৰিয়ান বাৰ্লে স্ক’ৰ বুক খুলিবই নোৱাৰিলে। অধিনায়ক চিকন্দৰ ৰাজাই ২৭ (২০) ৰান কৰে। জিম্বাবুৱেৰ স্ক’ৰব’ৰ্ডত ১৬টা বলত ১৪ ৰান সংযোজন কৰে টনি মুনয়ংগাই। ব্ৰেড ইভান্সে এটা সন্মানজনক যুঁজ দিয়ে। তেওঁ ২১টা বলত ৪৩ ৰানৰ উল্লেখযোগ্য ইনিংছ খেলিছিল। কিন্তু সেয়া কোনো কামত নাহিল।

টপ অৰ্ডাৰ হওক, মিডল অৰ্ডাৰ হওক বা লৱাৰ অৰ্ডাৰেই হওক – জিম্বাবুৱে সকলো ক্ষেত্ৰতে বিফল। ৱেষ্ট ইণ্ডিজৰ হৈ আকেল হোছেইনে ৩টা, মেথিউ ফৰ্ডে ২টা, গুদাকেশ মটিয়ে ৪টা আৰু জেছন হোল্ডাৰে ১টাকৈ উইকেট দখল কৰে। জিম্বাবুৱেৰ ইনিংছ ১৪৭ ৰানতে সমাপ্ত হয়। ৱেষ্ট ইণ্ডিজে বিশাল ১০৭ ৰানৰ ব্যৱধানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd