শৃংখলাৰ চতুৰ্থখন খেলত যশস্বী জয়ছোৱাল আৰু শুভমন গিলৰ বেটিঙত নিৰ্ভৰ কৰি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৯ উইকেটত জয়লাভ কৰি ভাৰতে শৃংখলাত সমতা স্থাপন কৰিছিল। সেইদৰে, বৰষুণ প্ৰভাৱিত পঞ্চমখন মেচত একে ভূমিকা পালন কৰি ব্ৰেণ্ডন কিং আৰু নিকোলাছ পুৰানে ৱেষ্ট ইণ্ডিজৰ হৈ টি-২০ শৃংখলা দখল কৰে।
কেৰিবিয়ানৰ বেটছমেন দুজনৰ চাপৰ আগত মূৰ দাঙিবই নোৱাৰিলে হাৰ্দিক পাণ্ডিয়াৰ দলটো। ফলত কেৰিবিয়ান দলে টী-২০ শৃংখলাত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰি ৩-২ ব্যৱধানত শৃংখলা দখল কৰে। কেৰিবিয়ান দলটোৱে ১৮ অভাৰত মাত্ৰ ২ উইকেটত ১৭১ ৰান সংগ্ৰহ কৰি মেচখন আৰু লগতে শৃংখলাতো জয়লাভ কৰে।
দেওবাৰে খেলখনত কাইল মায়াৰ্ছক অৰ্শ্বদ্বীপ সিঙে সোনকালে ঘূৰাই পঠিয়াইছিল যদিও কোনো লাভ নহ’ল। কাৰণ কিং আৰু পুৰানে দ্বিতীয় উইকেটত বিস্ফোৰক বেটিঙেৰে মেচখন ঘূৰাই দিয়ে। তেওঁলোকৰ ১০৭ ৰানৰ পাৰ্টনাৰশ্বিপে ভাৰতক পৰাস্ত কৰিলে। অৱশ্যে বৰষুণৰ পিছত যেতিয়া পুনৰ খেল আৰম্ভ হ’ল, তেতিয়া তিলক ভাৰ্মাৰ বলত হাৰ্দিকক কেচ দি নিকোলাছ পুৰাণ আউট হয়। এই বাওঁহতীয়া খেলুৱৈগৰাকীয়ে ৩৫টা বলত ৪৭ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছত ১ চাৰি আৰু ৪ ছয় আছিল।
পুৰাণ উভতি যোৱাৰ পিছত চাই হোপ ক্ৰীজলৈ আহে। ব্ৰেণ্ডন কিঙে তেওঁৰ সৈতে মেচখন জয় কৰাৰ বাকী কামখিনি সহজেই সম্পূৰ্ণ কৰে। ব্ৰেণ্ডন কিঙে ৫৫টা বলত ৮৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। তেওঁ ইনিংছত ৫টা চাৰি আৰু ৬টা ছয়েৰে সজাইছিল। আনহাতে, চাই হোপে ১৩টা বলত ২২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ খেলপথাৰ এৰে।
মাত্ৰ কেইঘণ্টামানৰ আগতে দুই যুৱ অ’পেনাৰ যশস্বী আৰু শুভমনৰ বিস্ফোৰক ওপেনিং যুটিৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতীয় দলটোৱে পুনৰ সমতা লাভ কৰিছিল। কিন্তু কোনে জানিছিল যে কেইঘণ্টামানৰ ভিতৰতে ছবিখন সম্পূৰ্ণৰূপে সলনি হৈ যাব! ক্ৰিকেট হৈছে এক বৃহৎ অনিশ্চয়তাৰ খেল। কোনে কেতিয়া খেলিব সেয়া ভৱিষ্যদ্বাণী কৰা অসম্ভৱ। আৰু সেয়েহে টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত ল’লেও ভাৰতৰ বাবে ই বুমেৰাং হৈ পৰে।
একমাত্ৰ সূৰ্য্য কুমাৰ যাদৱৰ বাহিৰে আন কোনোৱে কেৰিবিয়ান বলাৰৰ আগত তিষ্ঠিব নোৱাৰিলে। ফলত নিৰ্ণায়ক মেচখনত নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত মাত্ৰ ১৬৫ ৰানত আবদ্ধ হৈ পৰে ভাৰত। সূৰ্যই ৬১ ৰান নকৰাহেঁতেন ভাৰতীয় বেটিঙৰ অৱস্থা আৰু অধিক কৰুণ হ’লহেঁতেন৷
কেৰিবিয়ান দলৰ শক্তিশালী বলাৰ আকিল হোছেইনে আৰম্ভণিতে যশস্বী (৫) আৰু শুভমন (৪)ক ওভতাই পঠিয়ায়। ১৭ ৰানত ২ টা উইকেট হেৰুৱাই ভাৰতে যথেষ্ট চাপত পৰিছিল। তিলক বৰ্মা আৰু সূৰ্য্যই তাৰ পৰা দলটোক উদ্ধাৰৰ চেষ্টা কৰে। কিন্তু ফৰ্মত থকা তিলক ব্যক্তিগত ২৭ ৰানত ঘূৰি যোৱাৰ লগে লগে ভাৰতৰ মিডল অৰ্ডাৰ ভাঙি পৰে।
আনকি সূৰ্য্যই এফালৰ পৰা দ্ৰুত ৰান সংগ্ৰহ কৰিবলৈ চেষ্টা কৰাৰ সময়তো ৰোমাৰিয়া শ্বেফাৰ্ড আৰু জেছন হোল্ডাৰৰ শক্তিশালী বলিঙৰ আগত সঞ্জু চেমছন, হাৰ্দিক আৰু অক্ষৰ পেটেল এজন এজনকৈ উভতি গৈ থাকিল। মাত্ৰ দুটা অভাৰতে ৪ টা উইকেটত হেৰুৱায় টিম ইণ্ডিয়াই। কিন্তু এনে বেটিঙ খহনীয়াৰ মাজতো সূৰ্য্যই ৪৫টা বলত ৬১ ৰান সংগ্ৰহ কৰি দলৰ ৰান ১৬৫ লৈ বৃদ্ধি কৰে। ৰোমাৰিয়া শ্বেফাৰ্ডে ৩১ ৰানত ৪ টা আৰু আকিল হোছেইনে ২৪ ৰানত ২ টা উইকেট দখল কৰে। হোল্ডাৰে ৩৬ ৰানত ২ উইকেট লৈ খেলপথাৰ এৰে।
ফৰ্মত থকা কিং আৰু পুৰাণৰ সন্মুখত এই ৰাণ অনুসৰণ কৰাটো একেবাৰেই চাপৰ বিষয় নাছিল। শীতল মস্তিস্কৰে ভাৰতীয় বলাৰসকলক বুজি লৈ দলটোৱে শৃংখলাটো জয় কৰে। এই ছিৰিজৰ পৰাজয়ৰ লগে লগে আকৌ এবাৰ হাৰ্দিকৰ অধিনায়কত্বক লৈ বহু প্ৰশ্ন উত্থাপন হ’ল। এতিয়া যশপ্ৰীত বুমৰাৰ নেতৃত্বত আয়াৰলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ টী-২০ শৃংখলাত ‘মেন ইন ব্লু’ ব্ৰিগেডে কেনে প্ৰদৰ্শন আগবঢ়ায় সেইটোহে লক্ষ্যণীয় হৈ পৰিছে।