• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ইংলিচ চেনেলৰ পৰা এভাৰেষ্টলৈ : ৮ মাহত ১৩,০০০ কিঃমিঃ পথ অতিক্ৰম মেৰিন কামাণ্ডাৰৰ

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 18, 2025 5:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইংলেণ্ডৰ প্ৰাক্তন ৰয়েল মেৰিন কমাণ্ডাৰ মিচেল হাচক্ৰাফ্টে গঢ়ি তুলিছে এক অভূতপূৰ্ব নজিৰ। ইংলিচ চেনেলৰ পৰা যাত্ৰা আৰম্ভ কৰি এভাৰেষ্টৰ শিখৰত অভিযানৰ অন্ত পেলায় তেওঁ। তেওঁৰ এই অভিযানত মুঠ ৮ মাহ সময় লাগিছিল। সেই সময়ছোৱাত তেওঁ প্ৰায় ১৩,০০০ কিলোমিটাৰ পানী, স্থল, পৰ্বত আদি অতিক্ৰম কৰিছে।

৩২ বছৰীয়া মিচেলে যোৱা বছৰৰ ১৪ ছেপ্টেম্বৰৰ পৰা নিজৰ অভিযান আৰম্ভ কৰিছিল। অভিযানৰ আৰম্ভণিতে তেওঁ ৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ইংৰাজী চেনেল সাঁতুৰি পাৰ হয় । তাৰ পিছত তেওঁ ফ্ৰান্সৰ পৰা ১১,৯২৯ কিলোমিটাৰ চাইকেলেৰে ভাৰতলৈ গৈ পশ্চিম বংগৰ দীঘাত উপস্থিত হয়। ভাৰতৰ পৰা ৯০০ কিলোমিটাৰ চাইকেলেৰে নেপালৰ কাঠমাণ্ডুলৈ গৈ তাৰ পৰা ৩৬৫ কিলোমিটাৰ ট্ৰেকিং কৰি ১৬ এপ্ৰিলত এভাৰেষ্টৰ শিখৰত উপনীত হয়। ১৬ এপ্ৰিল দেওবাৰে নেপালৰ সময় অনুসৰি পুৱা ৭:২০ বজাত এভাৰেষ্টৰ শিখৰত ভৰি দিয়ে।

Apply Now

২১ বছৰ বয়সত হাচক্ৰাফ্টে ৰয়েল মেৰিনত যোগদান কৰে। ৬ বছৰ তাত সেৱা আগবঢ়োৱাৰ পিছত ২০২১ চনত অৱসৰ গ্ৰহণ কৰে। তাৰ পিছত তেওঁ এই অভিযানৰ বাবে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰে। তেওঁৰ দলটোৱে দাবী কৰে যে তেওঁ সাগৰৰ পৰা পাহাৰলৈকে আটাইতকৈ বেছি দূৰত্ব অতিক্ৰম কৰিছে।

অভিযান শেষ হোৱাৰ পিছত হাচক্ৰাফ্টে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত লিখিছে, “মই ৮ বছৰ বয়সৰ পৰাই এভাৰেষ্টৰ শিখৰত উপনীত হোৱাৰ সপোন দেখি আহিছো।” …বছৰ বছৰ ধৰি প্ৰস্তুতিৰ অন্তত ৮ দীঘলীয়া মাহৰ তীব্ৰ শাৰীৰিক কষ্টৰ মাজতো ইংৰাজী চেনেল পাৰ হৈ গ’লোঁ। তাৰ পিছত ১৯খন দেশৰ মাজেৰে চাইকেল চলাই ৯০০ কিলোমিটাৰ দৌৰি এভাৰেষ্টৰ শিখৰত উপনীত হ’বলৈ সক্ষম হ’লোঁ৷

অভিযান সম্পূৰ্ণ কৰাৰ পিছত হাচক্ৰাফ্টে তেওঁৰ প্ৰয়াত পিতৃক স্মৰণ কৰি কয়, “মই ১১ বছৰ আগতে মোৰ দেউতাক হেৰুৱাইছিলো। কিন্তু তেওঁ এতিয়াও প্ৰতিটো খোজতে মোৰ লগত আছে। মই যি কৰিলোঁ সেয়া বৰ কঠিন আছিল। কিন্তু এই কঠিন দুঃসাহসিক অভিযান সম্পূৰ্ণ কৰি মই অতি সুখী।”

বৰ্তমান মিচেল হাচক্ৰাফ্ট ডেভনৰ টৰ্কে অঞ্চলত থাকে। এই অভিযানৰ আগতে তেওঁ কেইবাটাও অভিযানত নামিছিল। বিবিচিৰ এক প্ৰতিবেদন অনুসৰি এই অভিযানসমূহৰ ভিতৰত আটলাণ্টিক মহাসাগৰ পাৰ হৈ ৪৮০০ কিলোমিটাৰ নাওঁ চলোৱা আৰু উত্তৰ আমেৰিকাত ৫০০০ কিলোমিটাৰ চাইকেল চলাইছিল।

তেওঁৰ বৰ্তমানৰ অভিযান ‘প্ৰজেক্ট লিমিটলেছ’ সম্পূৰ্ণৰূপে তেওঁৰ প্ৰডাকচন টিমে চিত্ৰগ্ৰহণ কৰিছিল। যিজনৰ কাম শেষ হৈ এভাৰেষ্ট জয় কৰি বেছ কেম্পলৈ উভতি যায়।

বৰ্তমান তেওঁ SAVSIM নামৰ বন্যপ্ৰাণী সংৰক্ষণ সংস্থা এটাৰ ব্ৰেণ্ড এম্বেছাদৰ। এই সংস্থাটোৰ বাবে তেওঁ ধন সংগ্ৰহ কৰি আছে। সংস্থাটোৱে পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰত আক্ৰান্ত প্ৰবীণ আৰু অনুৰূপ সমস্যা থকা আন লোকসকলকো মানসিক স্বাস্থ্যৰ সহায় আগবঢ়ায়।

অভিযান আৰম্ভ কৰাৰ পূৰ্বে epigram.org.uk ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, “মই এজন অতি সাধাৰণ সাঁতোৰবিদ, মই এজন অতি সাধাৰণ দৌৰবিদ, এজন অতি সাধাৰণ চাইকেল আৰোহী আৰু আমি এই প্ৰকল্পটো কৰি প্ৰমাণ কৰিছো যে অবিশ্বাস্য কামবোৰ লাভ কৰিবলৈ আপুনি ছুপাৰমেন হ’ব নালাগে।”

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd