গৰ্ভাৱস্থা হৈছে প্ৰতিগৰাকী মহিলাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। গৰ্ভধাৰণৰ পৰা আৰম্ভ কৰি সন্তান জন্ম দিয়ালৈকে প্ৰতিটো মুহূৰ্ত এগৰাকী মহিলাৰ বাবে অতি প্ৰত্যাহ্বানজনক।
গৰ্ভাৱস্থাৰ পিছত প্ৰতিগৰাকী মহিলাৰ শৰীৰৰ মাজেৰে হৰম’নৰ পৰিৱৰ্তন ঘটে যদিও তেওঁলোকৰ জীৱনত আন বহুতো পৰিৱৰ্তন ঘটে। প্ৰতিটো খোজতেই এগৰাকী মাতৃয়ে গৰ্ভত থকাজনৰ কথা মনত ৰাখে। শিশুটিৰ বাবে আগতীয়াকৈ বিভিন্ন পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰে।
কিন্তু কেৱল গৰ্ভাৱস্থাতেই নহয়, প্ৰসৱৰ পিছতো নাৰীৰ জীৱনলৈ এনে বহু পৰিবৰ্তন আহে যাৰ প্ৰতি আমি বিশেষ গুৰুত্ব নিদিওঁ। আজি এই লেখাটোত আমি প্ৰসৱৰ পিছত হোৱা কিছু শাৰীৰিক পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিম।
স্তনৰ আকাৰৰ পৰিৱৰ্তন
আমি সকলোৱে জানো যে স্তনপান কৰিলে প্ৰসৱৰ পিছত স্তনৰ আকাৰ বৃদ্ধি পায়। কিন্তু শিশুৱে স্তনপান বন্ধ কৰাৰ পিছত স্তনৰ আকাৰ আকৌ কমি যায়।
ভৰিৰ আকৃতিৰ পৰিৱৰ্তন
গৰ্ভাৱস্থাত মহিলাৰ শৰীৰত বহু পৰিৱৰ্তন ঘটে, যাৰ বাবে কিছুমান সমস্যাও দেখা দিয়ে। গৰ্ভাৱস্থাত বহু মহিলাৰ ভৰি ফুলি উঠে যদিও প্ৰসৱৰ পিছত ভৰিৰ আকৃতি সলনি হ’ব পাৰে। গৰ্ভাৱস্থাত অতিৰিক্ত ওজন থকা মহিলাসকলৰ ২০-২৫ কিলোগ্ৰাম পৰ্যন্ত ওজন বৃদ্ধি পায়, আৰু এই ওজন ভৰিৰ ওপৰত পৰে, যাৰ ফলত ভৰিৰ আকাৰ বৃদ্ধি হ’ব পাৰে। শৰীৰৰ হৰম’নৰ পৰিৱৰ্তনৰ ফলতো এনে হ’ব পাৰে।
পেটৰ আকাৰ
বহুতে ভাবে যে সন্তান জন্ম দিয়াৰ লগে লগে পেটটো আগৰ আকৃতিলৈ ঘূৰি যায়, কিন্তু এইটো সঁচা নহয়। পেটটো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ ৬-৮ সপ্তাহ পৰ্যন্ত সময় লাগিব পাৰে।
যৌন ইচ্ছা কমি যোৱা
মহিলাৰ যৌন ইচ্ছা গৰ্ভাৱস্থাৰ পিছত হ্ৰাস পোৱাৰ প্ৰৱণতা থাকে। এক প্ৰতিবেদন অনুসৰি প্ৰসৱৰ পিছত মহিলাসকলে পুনৰ যৌন ইচ্ছা লাভ কৰিবলৈ এবছৰ পৰ্যন্ত সময় লাগিব পাৰে। দৰাচলতে গৰ্ভাৱস্থাত মহিলাৰ ইষ্ট্ৰজেনৰ মাত্ৰা বৃদ্ধি পায় আৰু প্ৰসৱৰ পিছত দ্ৰুতগতিত হ্ৰাস পায়, যাৰ ফলত যৌন ইচ্ছাৰ অভাৱ হয়।
চুলি সৰা
প্ৰসৱৰ পিছত চুলি সৰা অতি স্বাভাৱিক। গৰ্ভাৱস্থাত ইষ্ট্ৰজেনৰ মাত্ৰা বৃদ্ধিৰ ফলত চুলি সৰা নসৰে যদিও প্ৰসৱৰ পিছত চুলি সৰিবলৈ আৰম্ভ কৰে।