• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আশুতোষ ৰাংকাই কয় যে আৰক্ষী প্ৰশাসনে তেওঁক য’ৰ পৰা আটক কৰিছিল, সেই স্থানতে পুনৰ তাতেই মুকলি কৰি দিবলৈ দাবী জনাইছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2026 11:43 am
81
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে নিশা ককৰোচ জনতা পাৰ্টিৰ সহ আহ্বায়ক আশুতোষ ৰাংকা আৰু দলৰ কৰ্মীসকলক অসম আৰক্ষীৰ জিম্মাৰ পৰা মুকলি কৰি দিয়া হয়। মুক্তিৰ পাছতে আশুতোষ ৰাংকাই ইয়াক অসম আৰক্ষীৰ “অবৈধ আটক” বুলি অভিহিত কৰে।

আশুতোষ ৰাংকাই কয় যে আৰক্ষী প্ৰশাসনে তেওঁক য’ৰ পৰা আটক কৰিছিল, সেই স্থানতে পুনৰ তাতেই মুকলি কৰি দিবলৈ দাবী জনাইছিল।

আৰক্ষীৰ জিম্মাৰ পৰা মুক্তি পোৱাৰ পিছত আশুতোষ ৰাংকাই সহকৰ্মীসকলৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰি থকা ফটো শ্বেয়াৰ কৰিছে। তাৰ কেপচনত তেওঁ লিখিছে, “হিমন্ত বিশ্ব শৰ্মা, অসমৰ ককৰোচে মাত্ৰ আৰম্ভহে কৰিছে!”

Apply Now

ইয়াৰ পূৰ্বে দেওবাৰে দলৰ আঞ্চলিক স্বেচ্ছাসেৱক সভাৰ ঠিক পূৰ্বে আশুতোষ ৰাংকাক তেওঁৰ দলৰ সৈতে আটক কৰি নিয়া হৈছিল।

বিগত কিছুদিন ধৰি চিজেপিয়ে দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহ পৰিদৰ্শন কৰি বিদ্যালয়সমূহৰ ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দুৰৱস্থাৰ ওপৰত আলোকপাত কৰি আহিছে।

দেশৰ বহু অঞ্চলৰ চৰকাৰী বিদ্যালয়ৰ অৱস্থা অতি বেয়া বুলি চিজেপিৰ অভিযোগ। আশুতোষ ৰাংকাই জনোৱা মতে, তেওঁ এই উদ্দেশ্যে অসমলৈ আহিছে আৰু স্থানীয় কৰ্মীসকলৰ সৈতে সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছিল।

শনিবাৰে আশুতোষ ৰাংকাই কৈছিল, “গুৱাহাটীলৈ অহাৰ উদ্দেশ্য দেশৰ বাকী অংশৰ দৰেই। দীৰ্ঘদিন ধৰি দেশৰ যুৱক-যুৱতীসকলে মৌলিক সমস্যাৰ সৈতে যুঁজি আহিছে। সমগ্ৰ দেশৰ চৰকাৰে বহু মৌলিক বিষয়ক আওকাণ কৰি আহিছে। আজি আমি আমাৰ বিদ্যালয় আৰু শিক্ষা ব্যৱস্থাৰ উন্নতিৰ বাবে যুঁজিছো।”

তেওঁ লগতে কয়, “ৰাজ্যত আমাৰ এটা বৃহৎ সমৰ্থন ভিত্তি আছে, আৰু বৃহৎ সংখ্যক লোকে আমাৰ সৈতে জড়িত হৈছে। অনাগত দিনত মই ৰাজ্যখনৰ কিছুমান বিদ্যালয় ভ্ৰমণ কৰিম আৰু আমাৰ কিছুমান স্বেচ্ছাসেৱকৰ সৈতে সাক্ষাৎ কৰিম। এছ আই আৰৰ বলি হোৱা সকলকো সাক্ষাৎ কৰিম।”

দেওবাৰে চিজেপিৰ আইনী পৰিক্ৰমা মুৰব্বী ৰত্না সিঙে ইনষ্টাগ্ৰামত আশুতোষ ৰাংকা আৰু তেওঁৰ দলক গ্ৰেপ্তাৰ কৰাৰ আঁৰৰ কাৰণ সন্দৰ্ভত পোষ্ট কৰে। এই পোষ্টটো চিজেপি নেতা সৌৰভ দাসেও শ্বেয়াৰ কৰিছে।

ৰত্না সিঙে লিখিছে, “আশুতোষ ৰাংকা আৰু সহযোগীসকল ৰাতিপুৱাৰ পৰাই থানাত আছে। এতিয়াও তেওঁলোকক আটক কৰি ৰখা হৈছে, আৰু আৰক্ষীয়ে এতিয়া তেওঁলোকক আটক কৰাৰ কাৰণ হিচাপে চিকিৎসা পৰীক্ষাৰ কথা উল্লেখ কৰিছে।”

তেওঁ লগতে কয়, “ইফালে আমাৰ প্ৰতিভাৱান দলটোৱে থানাৰ ৱাশ্বৰুমবোৰ পৰিদৰ্শন কৰিলে। মোক কোৱা হৈছে যে সেইবোৰৰ অৱস্থা অতি বেয়া। দুৰ্গন্ধ ওলাইছে, ফ্লাছবোৰে কাম কৰা নাই, আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাও ঠিক নহয়।”

তেওঁ লিখিছে, “অনুগ্ৰহ কৰি থানাখন ঠিক কৰক।”

দেওবাৰে আশুতোষ ৰাংকাই আৰক্ষীৰ ভ্যানত বহি থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে।

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে যে যদি আমি অসমৰ বিদ্যালয়ৰ প্ৰকৃত অৱস্থা উদঙাই দিওঁ। হিমন্ত মামা, আমি বিদ্যালয়সমূহতো দেখুৱামেই, লগতে আপুনি অসমৰ কি অৱস্থা কৰি দিছে সেইটোও আমি দেশবাসীকো দেখুৱাম।”

ৰাংকাই কয়, “হিমন্ত বিশ্ব শৰ্মাই লগতে ভয় খাইছে যে কাজিৰঙাত পানী-বনাঞ্চল-মাটিৰ বাবে যুঁজি থকাসকলৰ ওপৰত কৰা অত্যাচাৰ জনসাধাৰণৰ আগত দেখুৱাব। জনসাধাৰণক দেখুৱাব যে কেনেকৈ বনাঞ্চল বিক্ৰী কৰি কৰ্পোৰেটক দিয়া হৈছে।”

দেওবাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে এক্সত পোষ্ট কৰি লিখিছে, “গুৱাহাটীত কেইবাজনো অসমীয়া যুৱক, ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী, কৰ্মীক আটক কৰি ৰখাৰ ঘটনাক গৰিহণা দিছো। এয়া সম্পূৰ্ণ অগ্ৰহণীয় আৰু অবৈধ।”

তেওঁ লিখিছে, “যুৱক-যুৱতীক কিয় ইমান ভয় কৰে বিজেপিয়ে? হিন্দু-মুছলমান মেৰুকৰণৰ বিজেপিৰ ৰাজনীতিক যুৱক-যুৱতীসকলে নাকচ কৰাৰ বাবেই নেকি?”

“আতংকিত বিজেপিয়ে তেওঁলোকৰ ভোট চুৰি কৰি তেওঁলোকৰ কণ্ঠ দমন কৰিব বিচাৰিছে। মই অসমৰ যুৱক-যুৱতীসকলৰ সৈতে আছো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm
১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

October 19, 2026 1:55 pm
Allah Miyan’s Workshop : এটি আলোচনা

Allah Miyan’s Workshop : এটি আলোচনা

October 19, 2026 12:53 pm
বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

October 19, 2026 10:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm
১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

October 19, 2026 1:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd