অসম বাজেট: ১ লাখ নিযুক্তি হ’বনে! কি ক’লে বিত্ত মন্ত্ৰীয়ে

Assam budget

আজি হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ দ্বিতীয় খন বাজেট দাখিল কৰিছে বিত্ত মন্ত্ৰী অজন্তা নেওগে। ইতিপূৰ্বে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই শপত লোৱাৰ পিছতে বছৰি ১ লাখ নিবনুৱাক চাকৰি দিয়া হ’ব বুলি ঘোষণা কৰাৰ পিছত এই সন্দৰ্ভত বাজেটত চৰকাৰে কি নীতি গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় আছিল।

আজি নিজৰ বাজেট ভাষণত মন্ত্ৰী অজন্তা নেওগে পুনৰ দোহাৰে ১ লাখ নিবনুৱাৰ নিযুক্তিৰ প্ৰসঙ্গ। তেওঁ কয় যে যুৱক–যুৱতী সকলক নিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

ভাষণত বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, কোভিড ১৯ৰ সংকট আৰু লকডাউনে ৰাজ্যখনৰ যুৱ সমাজৰ নিয়োগ সুবিধাৰ ক্ষেত্ৰত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে। এই সমস্যা দূৰ কৰাৰ বাবে চৰকাৰে ৰাজ্যৰ ১ লাখ যুৱক–যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

ইয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে বুলিও মন্ত্ৰী গৰাকীয়ে নিজ ভাষণত দোহাৰে।

ইতিমধ্যে স্বাস্থ্য বিভাগত ১০৪ গৰাকী, গৃহ বিভাগত ১২৩ গৰাকী আৰু শিক্ষা বিভাগত ৯৩০ গৰাকী যুৱক–যুৱতীক নিযুক্তি প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে অজন্তা নেওগে।

মন্ত্ৰী নেওগে কয়, “নিযুক্তি প্ৰক্ৰিয়া দ্ৰুত কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ১ লাখ যুৱক–যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু নিয়োগ পত্ৰ প্ৰদান কৰিছো।”

আনহাতে নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ ৰাজ্য চৰকাৰে Assam Direct Recruitment for Analogous Posts in Class-III and Class-IV Act. 2021 প্ৰণয়ন কৰিছে বুলিও সদৰি কৰিছে বিত্ত মন্ত্ৰী অজন্তা নেওগে।

তদুপৰি বিত্ত মন্ত্ৰী গৰাকীয়ে নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে দুখন নিযুক্তি কমিটী গঠন কৰা হৈছে বুলিও উল্লেখ কৰে।

চলিত বৰ্ষৰ ৩১ মাৰ্চৰ পূৰ্বে আয়োগে এই পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিবলৈ সক্ষম হ’ব বুলি বাজেট ভাষণত মন্তব্য কৰে অজন্তা নেওগে।