পুনৰ বিতৰ্কত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কালি অৰ্থাৎ মঙলবাৰে ছহিদ দিৱসৰ ভাষণত হিমন্তই কয় যে, বহিৰাগতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ো জীয়াই থকাৰ ক্ষেত্ৰত ইজৰাইলীৰ পৰা অসমে শিক্ষা ল’ব লাগিব। বাংলাদেশ, ম্যানমাৰ, আৰু পশ্চিম বংগৰ সৈতে অসমৰ ঐতিহাসিক সংযোগৰ কথা উল্লেখ কৰি তেওঁ অসমৰ অসুৰক্ষিত সীমান্তৰ বিষয়ে আলোকপাত কৰে। শৰ্মাই ৰাষ্ট্ৰক শক্তিশালী আৰু জনসাধাৰণৰ সুৰক্ষা প্ৰদানৰ বাবে জ্ঞান, বিজ্ঞান, প্ৰযুক্তি, আৰু সাহসৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
১৯৮৫ চনত স্বাক্ষৰিত অসম চুক্তি থকা সত্ত্বেও অসমীয়াৰ বিৰুদ্ধে থকা ভাবুকিৰ কথা উল্লেখ কৰে।তেওঁ আঙুলিয়াই দিয়ে যে, ১২খনতকৈও অধিক জিলাত অসমীয়া মানুহ সংখ্যালঘু হৈ পৰিছে, আৰু বেদখল অব্যাহত আছে। ৰাজ্যৰ ভিতৰৰ একাংশই তেনে শক্তিক সমৰ্থন কৰি অসমীয়াক দুৰ্বল কৰি তুলিছে বুলি শৰ্মাই দাবী কৰে।
কিন্তু এইখিনিতে এটা প্ৰশ্নৰ উদয় হয়- মুখ্যমন্ত্ৰীয়ে ইজৰাইলৰ দৰে অসমক হ’বলৈ কোৱাটোৱে কি সূচায়? ইজৰাইলৰ দৰে প্ৰখৰ বুদ্ধিদীপ্ত নাগৰিক সৃষ্টি কৰাটো বুজাইছে নে বৰ্বৰ আৰু আগ্ৰাসী হোৱাটো বুজাইছে?
কাৰণ, ইজৰাইল নিজৰ শক্তিশালী বৌদ্ধিক সংস্কৃতিৰ বাবে পৰিচিত, যিয়ে শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব দি আহিছে। দেশখনত বিজ্ঞান, প্ৰযুক্তি, জটিল চিন্তাধাৰাৰ ওপৰত গুৰুত্ব দিয়া বিশ্ববিদ্যালয়সমূহৰ উচ্চমানৰ শিক্ষা ব্যৱস্থা আছে।
আনফালে, ইজৰাইল মধ্যপ্ৰাচ্যত অৱস্থিত এখন দেশ, উত্তৰে লেবানন, উত্তৰ-পূবত ছিৰিয়া, পূবে জৰ্ডান, দক্ষিণ-পশ্চিমে ইজিপ্ত আৰু পশ্চিমে ভূমধ্য সাগৰ। এই দেশসমূহৰ উপৰিও ইজৰাইল পেলেষ্টাইনৰ ভূখণ্ড মূলতঃ পশ্চিম অংশ আৰু গাজা ষ্ট্ৰিপৰ সৈতে দীৰ্ঘদিনীয়া সংঘাতত জড়িত হৈ আছে। বিশেষকৈ গাজা ষ্ট্ৰিপ ইজৰাইলৰ দক্ষিণ সীমান্তৰ ঘন জনবসতিপূৰ্ণ অঞ্চল, যিটো পেলেষ্টাইনী উগ্ৰপন্থী গোট হামাছৰ দ্বাৰা পৰিচালিত। ভূমি, ৰাজনৈতিক সাৰ্বভৌমত্ব, ধৰ্মীয় তাৎপৰ্য্যৰ বিবাদকে ধৰি ইজৰাইল-পেলেষ্টাইন সংঘাত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট আৰু মানৱ অধিকাৰ উলংঘনৰ দৃষ্টিভংগীৰ পৰা এক ডাঙৰ বিষয়।
এতিয়া যদি মুখ্যমন্ত্ৰীয়ে ইজৰাইলীৰ দৰে অসমীয়াক উদ্ভাৱনী হ’বলৈ কয় সেয়া সুখৰ কথা কিন্তু যিখন ইজৰাইলে ২৬,০০০ লোকক গাজাত মৃত্যুমুখলৈ ঠেলি দিলে তেনে বৰ্বৰ অসমীয়া হোৱাটো আমাৰ কাম্য জানো? নিশ্চিতভাৱে নহয়, সেয়েহে হিমন্তৰ বক্তব্যক বহুজনে তীব্ৰ সমালোচনা কৰিছে।