বাজেটত ক্ৰীড়া, চিনেমা, ভ্ৰাম্যমান : শিল্পী, কলা-কুশলী আৰু খেলুৱৈৰ বাবে কি আছে?

06-02-19 Guwahati- Budget present by Himanta (3)

সদনত বাজেট উত্থাপনৰ প্ৰাক্ মুহূৰ্তত মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰী। ফটো : ইউ বি

অসম বিধানসভাত বুধবাৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা ২০১৯-২০ বৰ্ষৰ বিত্তীয় বাজেটত চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে আগবঢ়োৱা বিভিন্ন আঁচনি তথা প্ৰস্তাৱসমূহৰ ভিতৰত ৰাজ্যখনৰ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বাবেও কিছুমান প্ৰস্তাৱ আগবঢ়াইছে।

প্ৰথমতে বাজেটত অসমৰ অতি চহকী হৈ পৰা ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পী আৰু কলা-কুশলীলৈ আগবঢ়োৱা হৈছে বিশেষ উদগনি। থিয়েটাৰত অন্তত: পাঁচ বছৰ কটোৱা প্ৰতিজন শিল্পী আৰু কলা-কুশলীলৈ ৫০,০০০ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে।

ৰাজ্যৰ সাংস্কৃতিক বিভাগে এই আঁচনি কাৰ্যকৰী কৰিব আৰু এই বাজেটত ৫ কোটি টকা ধন আৱন্টন কৰা হৈছে।

আনহাতে, হিমা দাস আৰু ৰীমা দাসে অনুপ্ৰাণিত কৰি ৰখা অসমৰ ক্ৰীড়া আৰু চিনেমা জগতৰ প্ৰতিভাক উৎসাহিত কৰাৰ বাবে তেওঁলোকক স্বীকৃতি প্ৰদান তথা সম্বৰ্দ্ধনা জনোৱাৰ প্ৰস্তাৱ ৰখা হৈছে।

বাজেটত আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি ৰাজ্যখনৰ মুঠ দুহাজাৰ গৰাকী ক্ৰীড়াবিদ আৰু শিল্পী তথা সাংস্কৃতিক কৰ্মীক তেওঁলোকৰ অৱদানৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব।

ইপিনে, বাজেটখনত প্ৰাক্তন ক্ৰীড়াবিদ তথা শিল্পী আৰু কলা-কুশলীসকলৰ বাবে কোনো কল্যাণকামী আঁচনিৰ প্ৰস্তাৱ দাঙি ধৰা নহ’ল। নিজৰ কৰ্ম জীৱনৰ অন্তত অসহায় হৈ পৰা ৰাজ্যখনৰ শিল্পী, কলা-কুশলী কিম্বা ক্রীড়াবিদসকলৰ বহুতেই আৰ্থিক নাটনিত ভোগাৰ উপৰি চিকিৎসাৰ বাবেও সম্বল নোহোৱা হয়।

ৰাজ্যখনৰ ক্ৰীড়া তথা সাংস্কৃতিক ক্ষেত্ৰখনত বহুমূলীয়া অৱদান আগবঢ়োৱা প্ৰবীণ ব্যক্তিসকলৰ প্ৰতি চৰকাৰে এই বাজেটত কোনো প্ৰস্তাৱ দাঙি ধৰা দেখা নগ’ল।