ST status for six communities সোমবাৰে জনতা ভৱনত মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু মন্ত্ৰী পিযুষ হাজৰিকাই ৬ জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে। বৈঠকত উপস্থিত থাকে ৬ জনগোষ্ঠী আহোম, কোঁচ-ৰোজবংশী, চুতীয়া, মৰাণ, মটক আৰু চাহ জনজাতিৰ প্ৰতিনিধি।
এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। ২০১৪ ৰ পাছত বহুকেইটা নিৰ্বাচন বাগৰিল, প্ৰতিটো নিৰ্বাচনতে ৰাইজে বিজেপিক হিয়া উজাৰি সমৰ্থন দিলে। কিন্তু সকলোৰে প্ৰশ্ন হ’ল বাস্তৱত বিজেপিয়ে এই ৬ জনগোষ্ঠীক কি দিলে?
লগতে পঢ়ক: Droupadi Murmu: প্ৰকৃত নাম দ্ৰৌপদী নহয়! নিজেই সদৰী কৰিলে ভাৰতৰ নতুন ৰাষ্ট্ৰপতিয়ে
জনজাতিকৰণ কিমান আগবাঢ়িল? সেয়া এক সাঁথৰ হৈয়ে থাকিল। তাৰ মাজতেই সোমবাৰে অসম চৰকাৰে অনুষ্ঠিত কৰে এই বৈঠক।
জনতা ভৱনত অনুষ্ঠিত এই বৈঠকলৈ ছটা জনগোষ্ঠীৰ প্ৰতিনিধিক আমন্ত্ৰণ জনালে। এখন চিঠিৰ জৰিয়তে তেওঁলোকক আমন্ত্ৰণ জনোৱা হয়। চিঠিখনত উল্লেখ কৰা হৈছিল:- Meeting regarding scheduling of 6 communities in ST(P) list of Assam.
কিন্তু জনতা ভৱনৰ চি এম ব্লকত অনুষ্ঠিত এই বৈঠকত কি আলোচনা কৰা হ’ল জানেনে? জনজাতিৰ মৰ্যাদা সম্পৰ্কত কিবা আলোচনা হ’ল নে?
লগতে পঢ়ক: CBI Busts Racket: ১০০ কোটিৰ বিনিময়ত ৰাজ্যসভাৰ সাংসদ বা ৰাজ্যপালৰ পদ; চিবিআইৰ জালত ভুৱা চক্ৰৰ ৪জন
সেয়া এখন ৰুদ্ধদ্বাৰ বৈঠক আছিল, গতিকে আমি নাজানো ভিতৰত কি বিষয়ত কথা পাতিলে। কিন্তু বৈঠকৰ পৰা ওলাই অহা চাহ জনগোষ্ঠীয় নেতা এজনে ক’লে, “আমাক মিটিংখনত নিমন্ত্ৰণ কৰি ৬ জনজাতিৰ জনজাতিকৰণৰ বিষয়ে আলোচনাৰ বাবে মাতিছিল যদিও ভৈয়াম জনজাতিৰ তালিকভূক্ত সম্পৰ্কত আলোচনা কৰা ন’হল। আলোচনা হ’ল সংৰক্ষণ সম্পৰ্কতহে। আলোচনা হ’ল অ’বিচি হিচাপে সংৰক্ষণকলৈহে। কিন্তু আলোচনা নহ’ল জনজাতিৰ মৰ্যাদাকলৈ।”
প্ৰশ্ন হয়, কিন্তু এয়া আচলতে কি? ২০১৪ চনৰ পৰা জনজাতিকৰণৰ নামত আলোচনা বহুত হ’ল। কি দিছপুৰত, কি দিল্লীত। কিন্তু বিজেপিৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে থাকিল। এতিয়া জনজাতি পৰিক্ৰমা বিভাগে নামত সভা-বৈঠক পাতি আলোচনা কৰিলে অ’বিচিৰ নামত সংৰক্ষণকলৈ, অবিচিৰ সুবিধা বৃদ্ধিক লৈহে।
লগতে পঢ়ক: Migraines: মাইগ্ৰেইনৰ সমস্যাত ভূগিছে নেকি? আহকচোন তাৰ বিষয়ে জানি লওঁ কেইটামান গুৰুত্বপূৰ্ণ কথা
ইয়াৰ অৰ্থ কি? নিৰ্বাচনৰ সময়ত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়া এই ৬ জনগোষ্ঠীক প্ৰতাৰণাৰ নতুন কৌশল নেকি বিজেপি চৰকাৰৰ?