• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জানেনে? ফৰ্ম 17(C) কি? ভোট গণনা কেন্দ্ৰত ফৰ্ম 17(C)ৰ গুৰুত্ব কিমান?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 3, 2024 4:09 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Conduct of Election Rules, 1961 অনুসৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোট গণনাৰ অন্তত কেন্দ্ৰটোৰ প্ৰিছাইদিং বিষয়া গৰাকীয়ে দুখন ফৰ্ম – 17(A) আৰু 17(C) পূৰণ কৰাটো বাধ্যতামূলক। ফৰ্ম 17(A) ত ভোট গ্ৰহণ কেন্দ্ৰটোলৈ অহা প্ৰতিগৰাকী ভোটাৰৰ সবিশেষ  আৰু ফৰ্ম 17(C)ত ভোট দান কৰা মুঠ ভোটাৰৰ সবিশেষ উল্লেখ থাকে।

17(C) ৰ দুটা ভাগ থাকে। ইয়াৰে প্ৰথম ভাগত ভোট গ্ৰহণ কেন্দ্ৰৰ নাম, তাত ব্যৱহৃত ইভিএম মেচিনৰ সবিশেষ অৰ্থাৎ Control Unit No, Ballot Unit No, VVPat No আৰু কেন্দ্ৰটোত থকা মুঠ ভোটাৰৰ সংখ্যা, ফৰ্ম 17(A) অনুসৰি ভোট দান কৰিবলৈ অহা ভোটাৰৰ সংখ্যা, ফৰ্ম 17(A)ত চহী কৰাৰ পিছত ভোট দান নকৰা ভোটাৰৰ সংখ্যা, ভোট দিবলৈ অনুমতি প্ৰদান নকৰা ভোটাৰৰ সংখ্যা, মক পোলত ব্যৱহাৰ হোৱা ভোটৰ সংখ্যা আৰু ইভিএম মেচিনত পৰা ভোটৰ সংখ্যাৰ সবিশেষ উল্লেখ থাকে।

Apply Now

ভোট দান প্ৰক্ৰিয়াৰ অন্তত এই সকলো তথ্য সন্নিবিষ্ট কৰি ফৰ্ম 17(C)ৰ একোটাকৈ স্বাক্ষৰিত কপি প্ৰিছাইদিং বিষয়া গৰাকীয়ে Conduct of Election Rules, 1961 আইনৰ ধাৰা 49S আৰু 56C অনুসৰি ভোট দানৰ শেষত প্ৰতিগৰাকী প’লিং এজেন্টক দিয়াটো বাধ্যতামূলক।

ফৰ্ম 17(C) ৰ দ্বিতীয় ভাগত প্ৰতিটো কেন্দ্ৰৰ ভোট গণনাৰ ফলাফলৰ সবিশেষ উল্লেখ থাকে। অৰ্থাৎ প্ৰতিগৰাকী প্ৰাৰ্থীৰ নামৰ বিপৰীতে control unit-অত দেখুওৱা ভোটৰ সংখ্যা, মক পোলত উল্লেখ থকা ভোটৰ সংখ্যা আৰু সেয়া বাদ দি প্ৰাৰ্থীগৰাকীয়ে পোৱা প্ৰকৃত ভোটৰ সংখ্যা তাত উল্লেখ কৰিব লাগে। ভোট গণনাৰ পাছত এই সকলো তথ্য সন্নিবিষ্ট কৰি প্ৰিছাইদিং বিষয়া গৰাকীয়ে ফৰ্ম 17(C)ৰ একোটাকৈ কপি নিৰ্বাচন আয়োগলৈ পঠিওৱাৰ আগতেই প্ৰতিগৰাকী প্ৰাৰ্থীৰ কাউন্টিং এজেন্টৰ হাতত জমা দিব লাগে। যাতে যদিহে কিবা বিসংগতি থাকে ততালিকে সংশ্লিষ্ট এজেন্ট গৰাকীয়ে সেই বিষয়ে দৃষ্টিগোচৰ কৰিব পাৰে আৰু প্ৰয়োজন সাপেক্ষে সংশ্লিষণট প্ৰাৰ্থীগৰাকীয়ে উচ্চ ন্যায়ালয়তো গোচৰ তৰিব পাৰে।

এইখিনিতে দুটা কথা অতি গুৰুত্বপূৰ্ণ। প্ৰথম কথাটো হ’ল যদিহে কোনোবা প্ৰাৰ্থীৰ হাতত ফৰ্ম 17(C) ৰ কোনোবাটো কেন্দ্ৰৰ ভোট গ্ৰহণৰ তথ্য সম্বলিত কপি জমা নাথাকে তেনেহ’লে তাৰ বাবে তেওঁ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত ভোট গণনা আৰম্ভ হোৱাৰ পূৰ্বেই আবেদন কৰিব পাৰে। মনত ৰখা ভাল যে ইয়াৰ একোটা কপি সংশ্লিষ্ট ইভিএম মেচিনৰ লগত জমা থাকে। অথবা তেওঁ আন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ পৰাও সেয়া সংগ্ৰহ কৰিব পাৰে।

দ্বিতীয় কথাটো তাতোকৈও গুৰুত্বপূৰ্ণ। ফৰ্ম 17(C)ৰ দ্বিতীয় ভাগৰ অন্তত লিখা থাকে: Whether the total number of votes shown above tallies with the total number of votes shown against item 6 of part 1 Or any discrepancy noted between the two totals(Yes/No).

এই দুয়োটাৰে উত্তৰ যিকোনো এটা Yes বা No হ’ব নোৱাৰে। অৰ্থাৎ যদি প্ৰথমটোৰ মতে tally কৰা নাই, তেনেহ’লে হ’ব No; আকৌ যদি discrepancy আছে তেনেহ’লে হ’ব Yes। গতিকে এই দুয়োটাৰ যিকোনো এটাৰহে উত্তৰ দিয়া উচিত হ’ব। সেয়ে ওপৰৰ অংশ কাটি একমাত্ৰ তলৰ অংশৰহে Yes বা No উল্লেখ কৰা উচিত হ’ব। ফৰ্মখনত কাউন্টিং এজেন্টকে ধৰি সকলোৰে চহী থকাটো বাধ্যতামূলক আৰু প্ৰতিগৰাকী  কাউন্টিং এজেন্টে ভোট গণনাৰ অন্তত এই সকলো তথ্য সঠিকভাৱে পূৰোৱা হৈছে নে নাই সেয়া নিশ্চিত কৰিহে নিজেও চহী কৰা উচিত আৰু এটা কপি সংগ্ৰহ কৰা উচিত।

 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd