জানেনে? ফৰ্ম 17(C) কি? ভোট গণনা কেন্দ্ৰত ফৰ্ম 17(C)ৰ গুৰুত্ব কিমান?

Conduct of Election Rules, 1961 অনুসৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোট গণনাৰ অন্তত কেন্দ্ৰটোৰ প্ৰিছাইদিং বিষয়া গৰাকীয়ে দুখন ফৰ্ম – 17(A) আৰু 17(C) পূৰণ কৰাটো বাধ্যতামূলক। ফৰ্ম 17(A) ত ভোট গ্ৰহণ কেন্দ্ৰটোলৈ অহা প্ৰতিগৰাকী ভোটাৰৰ সবিশেষ  আৰু ফৰ্ম 17(C)ত ভোট দান কৰা মুঠ ভোটাৰৰ সবিশেষ উল্লেখ থাকে।

17(C) ৰ দুটা ভাগ থাকে। ইয়াৰে প্ৰথম ভাগত ভোট গ্ৰহণ কেন্দ্ৰৰ নাম, তাত ব্যৱহৃত ইভিএম মেচিনৰ সবিশেষ অৰ্থাৎ Control Unit No, Ballot Unit No, VVPat No আৰু কেন্দ্ৰটোত থকা মুঠ ভোটাৰৰ সংখ্যা, ফৰ্ম 17(A) অনুসৰি ভোট দান কৰিবলৈ অহা ভোটাৰৰ সংখ্যা, ফৰ্ম 17(A)ত চহী কৰাৰ পিছত ভোট দান নকৰা ভোটাৰৰ সংখ্যা, ভোট দিবলৈ অনুমতি প্ৰদান নকৰা ভোটাৰৰ সংখ্যা, মক পোলত ব্যৱহাৰ হোৱা ভোটৰ সংখ্যা আৰু ইভিএম মেচিনত পৰা ভোটৰ সংখ্যাৰ সবিশেষ উল্লেখ থাকে।

ভোট দান প্ৰক্ৰিয়াৰ অন্তত এই সকলো তথ্য সন্নিবিষ্ট কৰি ফৰ্ম 17(C)ৰ একোটাকৈ স্বাক্ষৰিত কপি প্ৰিছাইদিং বিষয়া গৰাকীয়ে Conduct of Election Rules, 1961 আইনৰ ধাৰা 49S আৰু 56C অনুসৰি ভোট দানৰ শেষত প্ৰতিগৰাকী প’লিং এজেন্টক দিয়াটো বাধ্যতামূলক।

ফৰ্ম 17(C) ৰ দ্বিতীয় ভাগত প্ৰতিটো কেন্দ্ৰৰ ভোট গণনাৰ ফলাফলৰ সবিশেষ উল্লেখ থাকে। অৰ্থাৎ প্ৰতিগৰাকী প্ৰাৰ্থীৰ নামৰ বিপৰীতে control unit-অত দেখুওৱা ভোটৰ সংখ্যা, মক পোলত উল্লেখ থকা ভোটৰ সংখ্যা আৰু সেয়া বাদ দি প্ৰাৰ্থীগৰাকীয়ে পোৱা প্ৰকৃত ভোটৰ সংখ্যা তাত উল্লেখ কৰিব লাগে। ভোট গণনাৰ পাছত এই সকলো তথ্য সন্নিবিষ্ট কৰি প্ৰিছাইদিং বিষয়া গৰাকীয়ে ফৰ্ম 17(C)ৰ একোটাকৈ কপি নিৰ্বাচন আয়োগলৈ পঠিওৱাৰ আগতেই প্ৰতিগৰাকী প্ৰাৰ্থীৰ কাউন্টিং এজেন্টৰ হাতত জমা দিব লাগে। যাতে যদিহে কিবা বিসংগতি থাকে ততালিকে সংশ্লিষ্ট এজেন্ট গৰাকীয়ে সেই বিষয়ে দৃষ্টিগোচৰ কৰিব পাৰে আৰু প্ৰয়োজন সাপেক্ষে সংশ্লিষণট প্ৰাৰ্থীগৰাকীয়ে উচ্চ ন্যায়ালয়তো গোচৰ তৰিব পাৰে।

এইখিনিতে দুটা কথা অতি গুৰুত্বপূৰ্ণ। প্ৰথম কথাটো হ’ল যদিহে কোনোবা প্ৰাৰ্থীৰ হাতত ফৰ্ম 17(C) ৰ কোনোবাটো কেন্দ্ৰৰ ভোট গ্ৰহণৰ তথ্য সম্বলিত কপি জমা নাথাকে তেনেহ’লে তাৰ বাবে তেওঁ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত ভোট গণনা আৰম্ভ হোৱাৰ পূৰ্বেই আবেদন কৰিব পাৰে। মনত ৰখা ভাল যে ইয়াৰ একোটা কপি সংশ্লিষ্ট ইভিএম মেচিনৰ লগত জমা থাকে। অথবা তেওঁ আন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ পৰাও সেয়া সংগ্ৰহ কৰিব পাৰে।

দ্বিতীয় কথাটো তাতোকৈও গুৰুত্বপূৰ্ণ। ফৰ্ম 17(C)ৰ দ্বিতীয় ভাগৰ অন্তত লিখা থাকে: Whether the total number of votes shown above tallies with the total number of votes shown against item 6 of part 1 Or any discrepancy noted between the two totals(Yes/No).

এই দুয়োটাৰে উত্তৰ যিকোনো এটা Yes বা No হ’ব নোৱাৰে। অৰ্থাৎ যদি প্ৰথমটোৰ মতে tally কৰা নাই, তেনেহ’লে হ’ব No; আকৌ যদি discrepancy আছে তেনেহ’লে হ’ব Yes। গতিকে এই দুয়োটাৰ যিকোনো এটাৰহে উত্তৰ দিয়া উচিত হ’ব। সেয়ে ওপৰৰ অংশ কাটি একমাত্ৰ তলৰ অংশৰহে Yes বা No উল্লেখ কৰা উচিত হ’ব। ফৰ্মখনত কাউন্টিং এজেন্টকে ধৰি সকলোৰে চহী থকাটো বাধ্যতামূলক আৰু প্ৰতিগৰাকী  কাউন্টিং এজেন্টে ভোট গণনাৰ অন্তত এই সকলো তথ্য সঠিকভাৱে পূৰোৱা হৈছে নে নাই সেয়া নিশ্চিত কৰিহে নিজেও চহী কৰা উচিত আৰু এটা কপি সংগ্ৰহ কৰা উচিত।