• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱছেছিভ কম্পালছিভ ডিচঅৰ্ডাৰ কি?

ডাঃ জ্যোতিৰ্ময় দাস by ডাঃ জ্যোতিৰ্ময় দাস
July 8, 2024 3:38 pm
397
VIEWS
Share on FacebookShare on Twitter

আন বহু মানসিক ৰোগৰ দৰেই অৱছেছিভ কম্পালছিভ ডিছঅৰ্ডাৰ(চমুকৈ অ চি ডি)ও এবিধ মানসিক ৰোগেই। এইবিধ মানসিক ৰোগত আক্ৰান্ত ৰোগীজন অনাকাংক্ষিত বা অনাহুত কিছু ভয় বা শংকাৰ্ত চিন্তাধাৰাত ভোগে, যাক অৱছেছন(আৱেশ) বোলা হয়। অৰ্থাৎ ব্যক্তিজন একেধৰণৰ চিন্তা বা আৱেগৰ আৱেশত পৰে আৰু তাৰপৰা মুক্ত হ’ব নোৱাৰে। ফলস্বৰূপে, বাৰম্বাৰ আৰু অহৰহ সেই আৱেশতেই মানসিক অৱস্থা পাৰ হয়। যি একপ্ৰকাৰ বাধ্যতামূলক আৰু এই বাৰম্বাৰ বা অহৰহ কৰি থকা কাৰ্য বা চিন্তাক কম্পালছন বা বাধ্যতামূলক বোলা হয়। এই দুয়োবিধে লগ লাগি এজন ব্যক্তিৰ দৈনন্দিন জীৱনচৰ্যা অসহনীয় কৰি তুলিব পাৰে।

মূলতঃ এই ৰোগত আক্ৰান্ত ৰোগীজনে নিজৰ মানসিক চাপে সৃষ্টি কৰা বাধ্যবাধকতাৰ পৰা মুক্ত হ’ব নোৱাৰি, একেধৰণৰ কাম কৰি থাকে, মানে এটা চক্ৰৱৎ প্ৰক্ৰিয়াত এই মানসিক ৰোগ চলি থাকে। বহুসময়ত আনকি ৰোগীজন নিজৰ এই ৰোগ সম্পৰ্কে বা কি কৰি আছে সেই বিসংগতি সম্পৰ্কে নিজে অৱগত হ’লেও, নিজকে সেই চিন্তা বা আৱেগৰ পৰা মুক্ত কৰিব নোৱাৰে আৰু অসহায়ভাৱে একেধৰণৰ কাৰ্য কৰি থাকে।

বহুতেই এই ৰোগৰ বশৱৰ্তী হৈ একেধৰণৰ কাম যেনে ধুৱাকে ধুৱা, চাফা কৰাকে কৰা, কোনো এটা কাম কৰি উঠাৰ পিছতো বাৰেপতি পৰীক্ষা কৰি থকা, হিচাপ কৰি(মানসিক কাৰ্য)থকা ইত্যাদি কৰি থাকে। অ চি ডিত আক্ৰান্ত বহু লোকে তেওঁলোকৰ এই মানসিক অৱস্থা সঁ‌চা বা বাস্তৱ নহয় বুলি জানে যদিও, তেওঁলোকে নিজকে সহায় কৰিব নোৱাৰে। আন কিছু লোকে আকৌ এই অৱস্থাকেই বাস্তৱ বুলি মানি লয়।

অ চি ডি সাধাৰণতে শৈশৱ বা যৌৱনৰ প্ৰাক ক্ষণতেই আৰম্ভ হৈ যোৱা দেখা যায়। অ চি ডি ত পুৰুষৰ তুলনাত নাৰী সাধাৰণতে অলপ বেছিকৈ ভোগে। অৱছেছন আৰু কম্পালছন সংমিশ্ৰণ হৈ যিহেতু এই ৰোগ হয়, গতিকেই দুয়োবিধৰেই লক্ষণ ভিন ভিন। প্ৰথমেই আহিছোঁ অৱছেছনৰ লক্ষণ লৈ-

১) অৱছেছন(আৱেশ)ৰ লক্ষণ : অ চি ডিত অৱছেছন বা আৱেশ হৈছে দীৰ্ঘসময়ৰ বাবে আহি থকা অনাকাংক্ষিত চিন্তা বা আৱেগ,যিয়ে ৰোগীজনৰ মনত উদ্বিগ্নতাৰ সৃষ্টি কৰে। আক্ৰান্তজনে সাধাৰণতে এই অৱস্থাক এৰাই চলিবলৈ বিভিন্ন নিয়ম-নীতিৰ আশ্ৰয় লয়। এই আৱেশ বা অৱছেছন আকৌ তেতিয়া মনলৈ আহে বা সৃষ্টি হয়, যেতিয়া ৰোগীজনে আন কিবা কৰিবলৈ মনোনিৱেশ কৰে। এনে কিছু লক্ষণ হৈছে –

১) লেতেৰা হোৱাৰ বা দূষিত হোৱাৰ ভয়

২) সন্দেহ আৰু কঠিন সময়ৰ সৈতে অনিশ্চয়তা সহ যুঁজা

৩) সকলো কথা বা কাম বা বস্তু এক নিৰ্দ্দিষ্ট মাপত, হিচাপত আৰু সমতুল হৈ থকাতো বিচৰা

৪) আনক আৰু নিজকে আক্ৰমণ কৰিব বিচৰা অনিয়ন্ত্ৰিত ৰূপত অতি আক্ৰমণাত্মক আৰু ভয়ংকৰ চিন্তা মনলৈ অহা

৫) অনাকাংক্ষিত চিন্তা যেনে আক্ৰমণাত্মক মনোভাৱ, যৌন সম্পৰ্কীয় চিন্তা মনলৈ অহা ইত্যাদি।

উদাহৰণস্বৰূপে –

১) আনে স্পৰ্শ কৰা কিবা বস্তু স্পৰ্শ কৰিলেই নিজে দূষিত বা অপৰিস্কাৰ হ’ব বুলি ভবা

২) দৰ্জাত ভালদৰে তলা বা শলখা লগালে নে নাই অথবা গেছৰ বাৰ্ণাৰ-চিলিণ্ডাৰৰ চুইছ অফ কৰিলে নে নাই এইবোৰ কথাত বাৰে বাৰে সন্দেহ কৰা

৩) কোনো বস্তু নিৰ্দ্দিষ্ট মাপত নেথাকিলে বা এক নিৰ্দ্দিষ্ট দিশত মুখ কৰি নেথাকিলে অত্যন্ত চাপত পৰা বা উদ্বিগ্নতাত ভোগা

৪) অশ্লীল বা অশ্ৰাব্য কথা মনলৈ অহা বা সমজুৱা পৰিবেশত সঠিক আচৰণ কৰা নাই যেন অনুভৱ কৰা

৫) মুঠেও ভাল নলগা যৌনতা সম্পৰ্কীয় ছবি মনলৈ অহা

৬) হেণ্ডশ্বেক কৰাৰ দৰে কাৰ্যৰ পৰা বিৰত থকা, যিয়ে অৱছেছনৰ সৃষ্টি কৰিব পাৰে

 উপৰোক্ত কথাখিনি আছিল অৱছেছনৰ লক্ষণ। এতিয়া আহিছো কম্পালছন বা বাধ্যবাধকতাৰ দিশলৈ।

২) কম্পালছন(বাধ্যবাধকতা) : কম্পালছন বা বাধ্যবাধকতা হৈছে সেই অৱস্থা, য’ত ৰোগীয়ে অৱছেছনৰ বশৱৰ্তী হৈ কিছুমান কাম বাধ্যতামূলকৰূপে কৰিব লগা হয় বা কৰে। এই বাৰম্বাৰ বা পুনৰাবৃত্তি ঘটাই কৰি থকা কাৰ্যবোৰৰ ফলত ৰোগীজনে তেওঁ‌ৰ কম্পালছনৰ ফলত হোৱা এংজাইটি বা উদ্বিগ্নতা কমাব পাৰিব বুলি ভাবে যদিও, সেয়া হৈ নুঠে। কম্পালছনৰ কেইটিমান লক্ষণ হৈছে –

১) বাৰম্বাৰ ধুৱা আৰু চাফা কৰা

২) পৰীক্ষা কৰা

৩) হিচাপ কৰি থকা

৪) নিৰ্দ্দিষ্ট মাত্ৰাত সজোৱা(বস্তু)

৫) এখন কাঢ়া ৰুটিন মানি চলা

৬) পুনৰাশ্বাসৰ দাবী কৰা

কম্পালছনৰ লক্ষণৰ উদাহৰণস্বৰূপে :

১) যিমান পাৰি সিমান ঘহি ঘহি হাত ধোৱা

২) বাৰম্বাৰ দৰ্জাৰ হুক বা শলখা লাগি আছে নে নাই পৰীক্ষা কৰা

৩) গেছৰ চিলিণ্ডাৰ বা ষ্ট’ভৰ চুইছ অফ আছে নে নাই বাৰম্বাৰ পৰীক্ষা কৰা

৪) নিৰ্দ্দিষ্ট কিছুমান ধৰণত হিচাপ কৰা

৫) খুব মনে মনে মুখৰ বা মনৰ ভিতৰতে কোনো শব্দ, পংক্তি বা প্ৰাৰ্থনা আওৰাই থকা

৬) এটা ভাল চিন্তাৰে বেয়া চিন্তাক আতৰাবলৈ চেষ্টা কৰা

৭) বস্তু বা সামগ্ৰী একেধৰণে ৰখাৰ চেষ্টা কৰা ইত্যাদি।

এইসমূহ লক্ষণ যদিহে আপোনাৰ বা আপোনাৰ আপোন কাৰোবাৰ ক্ষেত্ৰত দেখা দিয়ে, অতি শীঘ্ৰেই মানসিক ৰোগৰ চিকিৎসকৰ কাষ চাপক। এনে ৰোগ হোৱাৰ নিৰ্দ্দিষ্ট কোনো কাৰক নাই যদিও কিছুমান কাৰকে এজন ব্যক্তি অ চি ডি ত আক্ৰান্ত হোৱাত অৰিহণা যোগাই। তেনে কেইটিমান কাৰক হৈছে –

১) জৈৱিক কাৰক : অ চি ডি এজন ব্যক্তিৰ শাৰিৰীক ৰসায়ন কিম্বা মগজুৰ পৰিচালনাত অহা বিসংগতিৰ বাবে দেখা দিব পাৰে।

২) জিনগত কাৰক : অ চি ডি সৃষ্টি হোৱাত মানৱদেহৰ জিনৰ উপাদান থাকিব পাৰে, যদিওবা ইয়াৰ কোনো নিৰ্দ্দিষ্ট জিন বিচাৰি পোৱা যোৱা নাই।

৩) দেখি শিকা কাৰক : বহু অ চি ডি ত আক্ৰান্ত ব্যক্তিয়ে অৱছেছনৰ ভয় আৰু কম্পালছনৰ ব্যৱহাৰিক আচৰণবিধি নিজ পৰিয়াল-পৰিজনৰ মানুহে কৰা দেখি দেখিও শিকে।

এইখিনিৰ উপৰিও আন কিছু শংকাৰ কাৰক থাকে অ চি ডি ৰ ক্ষেত্ৰত। অৰ্থাৎ এইবোৰ কাৰকৰ বাবে ব্যক্তি এজন অ চি ডি ত ভোগাৰ শংকা বাঢ়ি যায়। যেনে-

১) পৰিয়ালত কাৰোবাৰ অ চি ডি থাকিলে

২) জীৱনত কায়িক-মানসিক আঘাত পোৱা কিবা দুৰ্ঘটনাজনিত কাৰক থাকিলেও অ চি ডি ত ভোগাৰ সম্ভাৱনা বৃদ্ধি পাই

৩) এজন ব্যক্তিৰ ডিপ্ৰেছন, এংজাইতীকে আদি কৰি অন্যান্য  মানসিক ৰোগ থাকিলেও অ চি ডিৰ শংকা বৃদ্ধি পাই।

আন আন মানসিক ৰোগৰ দৰেই অ চি ডি বা অৱছেছিভ কম্পালছিভ ডিছঅৰ্ডাৰ লৈয়ো দৈনন্দিন জীৱন চলাই নিয়া এজন ব্যক্তি বা ৰোগীৰ বাবে যথেষ্ট কঠিন তথা জটিল হৈ পৰে। ব্যক্তিগত জীৱনকে আদি কৰি কৰ্মজীৱন পৰ্যন্ত ক্ষতিগ্ৰস্ত হ’ব পাৰে। গতিকে উপৰোক্ত লক্ষণসমূহে দেখা দিলে, মানসিক ৰোগ বিশেষজ্ঞৰ কাষ চপাত পলম নকৰিব। অ চি ডি ৰ চিকিৎসা সম্ভৱ।

ডাঃ জ্যোতিৰ্ময় দাস
স্নায়ৱিক মানসিক ৰোগ বিশেষজ্ঞ।
মেডিচিটি গুৱাহাটী।
চিকিৎসকৰ ফোনঃ- ৮০১১২৭২৭২২

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd