• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পাছৰ ছবিখন কেনেকুৱা?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 11, 2024 11:51 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়ালৈকে তিনিটা পৰ্যায়ৰ লোক সভা নিৰ্বাচনৰ ভোট গ্ৰহণ হৈ গ’ল।এই তিনিটা পৰ্যায়ৰ ভোট গ্ৰহণৰ পাছত দেশৰ ৰাজনৈতিক দৃশ্যপটৰ ৰেহৰূপ কেনে? নিৰ্বাচন ঘোষণাৰ এমাহ কি দুমাহ আগলৈকে বিজেপি অতি উৎফুল্লিত হৈ আছিল। কিন্তু ইণ্ডিয়া এলায়েঞ্চৰ অৱস্থা আছিল থৰক বৰক। সেই সময়ত চাৰিওফালে ইডি, চি বি আইৰ প্ৰবল দৌৰাত্ম্য। কংগ্ৰেছৰ পৰা পদত্যাগৰ ধুম।বিজেপিয়ে শ্লোগান দিছিল এইবাৰ ৪০০ পাৰ।সকলোৱে ভাবিয়ে লৈছিল যে বিজেপিয়ে চৰকাৰ কৰাটো প্ৰায় নিশ্চিত।অসমতো আমি ভাবিছিলোঁ এইবাৰনো কি নিৰ্বাচন হ’ব? বিৰোধীয়ে এখন কি দুখন আসন পাব কি নাই সন্দেহ!

 

নিৰ্বাচনৰ দিন ঘোষণা হ’ল।আচৰিত কথা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত লাহে লাহে যেন পৰিস্থিতিটো সলনি হ’বলৈ ধৰিলে।এই সলনি তলৰ পৰা তৃণমূলৰ পৰা হৈছিল।অসমত আমি প্ৰথম তাৰ উমান পাইছিলোঁ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰত।মানুহে গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰলৈ জনোৱা সঁহাৰিত। বিজেপি বিৰোধী প্ৰচাৰৰ নেতৃত্ব দিছিল সাধাৰণ ৰাইজে, বিৰোধী দলবোৰে নহয়। অসমৰ মূল বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছৰ ভিতৰ চ’ৰাৰ কথা আমি ভালকৈ নাজানো।কিন্তু বাহিৰৰ পৰা এনে লাগিছিল সুযোগ সন্ধানী আৰু স্বাৰ্থান্বেষী ব্যক্তিৰে ভৰিপৰা দলটো যেন দিশহাৰা হৈ পৰিছিল।নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাইজেই যেন সকলো চম্ভালি লৈছিল।এই কথাটো অতি সুন্দৰকৈ কৈছিল অৰ্থনীতিবিদ আৰু ৰাজনৈতিক বিশ্লেষক পৰকলা প্ৰভাকৰে।তেওঁ কৈছিল যে এইবাৰৰ নিৰ্বাচনত বিজেপি এফালে আৰু ৰাইজ আনফালে। তেনে এটা পৰিস্থিতিত নিৰ্বাচন অনুষ্ঠিত হৈছে। ইতিমধ্যে তাৰ তিনিটা পৰ্যায় পাৰ হৈ গ’ল । প্ৰথম পৰ্যায়ৰ পিছত মই এটা পৰ্যালোচনা আগবঢ়াইছিলোঁ।

Apply Now

এতিয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হৈ যোৱাৰ পিছত আমি কি দেখিছোঁ? প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ইণ্ডিয়া জোট সন্তোষজনক অৱস্থাত আছিল কিয়নো সেইদিনাই সমগ্ৰ তামিলনাডু আৰু কৰ্ণাটকৰ কেইবাটাও সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল।তামিলনাডুত এনেয়েও এন ডি এই ভাল নকৰে। সেইটো সকলোৱে জানে।কিন্তু, এইবাৰ কৰ্ণাটকৰ পৰিস্থিতিও বিজেপিৰ অনুকূল নহয়, কিয়নো মাত্ৰ এবছৰ আগতে তাত বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দল জয়ী হৈছিল।গতিকে এইবাৰ কৰ্ণাটকতো কংগ্ৰেছে ভাল কৰাৰ কথা। আনহাতে ২০১৯ চনৰ পিছত হোৱা বিধানসভাৰ নিৰ্বাচনৰ ফলাফলো বিজেপি বা এডিএৰ অনুকূল নহয়।তাতোকৈ ডাঙৰ কথা আছিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাধান্য থকা অঞ্চলত ভোটদানৰ পৰিমাণ কম হোৱাটো।গতিকে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছত ইণ্ডিয়া এনডিএতকৈ বেছি সন্তোষজনক অৱস্থাত আছিল।
এতিয়া আহিল দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ কথা।আগৰ ২০১৯ৰ নিৰ্বাচনত দ্বিতীয় পৰ্যায়ত বিজেপিয়ে ৮৭ খন আসনৰ ভিতৰত ৬২ খন আসনেই পাইছিল। এইবাৰ কোনোপধ্যেই বিজেপিয়ে তাৰ পুনৰাবৃত্তি কৰিব নোৱাৰে, কিয়নো এই দ্বিতীয় পৰ্যায়ত কেৰালাৰ সকলোবোৰ আসনতে নিৰ্বাচন অনুষ্ঠিত হৈছে। কেৰালাত বিজেপিয়ে এখনো আসন পোৱাৰ সম্ভাৱনা নাই।

 

তাৰপিছত আহিল কৰ্ণাটক, ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ কথা।কৰ্ণাটকত এতিয়া চৰকাৰ কংগ্ৰেছৰ আৰু বিজেপি তাত বহুধা বিভক্ত।গতিকে বিজেপিয়ে তাত আগৰ দৰে ফল দেখুৱাব পৰা অৱস্থাত নাই। হয়, ৰাজস্থানত এতিয়া বিজেপিৰ চৰকাৰ আছে। কিন্তু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ যিবোৰ ঠাইত হৈছে তাত এতিয়াও কংগ্ৰেছ মজবুট। তাতে, এতিয়া অশোক গেহলট আৰু শচীন পাইলটে নিজৰ মাজত দ্বন্দ-খৰিয়াল কৰি থকা নাই। দুয়ো একেলগে নিৰ্বাচন যুঁজিছে।সেয়ে, কেইখনমান আসন ৰাজস্থানৰ পৰাও ইণ্ডিয়া এলায়েঞ্চে পাব।হয়, মহাৰাষ্ট্ৰত এন চি পি আৰু শিৱ সেনা দুভাগ হৈছে ।নিৰ্বাচন আয়োগে যি সিদ্ধান্তই নিদিয়ক কিয় জনতাৰ আয়োগত কিন্তু এতিয়াও এন চি পি আৰু শিৱ সেনাৰ কৰ্ণধাৰ ব্যক্তিত্ব হ’ল শাৰদ পাৱাৰ আৰু উদ্ধৱ ঠাকৰে।গতিকে মহাৰাষ্ট্ৰত বিজেপিৰ আসন ঠিকে থাকিলেও শিৱ সেনা আৰু এন চিপিৰ আসন কিন্তু ইণ্ডিয়াৰ ফালেহে যাব। বাকী ৰাজ্য সমূহতো দুই এখন আসন এন ডি এৰ কমিব।এই সকলো কথা চালি-জাৰি চাই যোগেন্দ্ৰ যাদৱ আৰু অন্যান্য ৰাজনৈতিক বিশ্লেষক সকলে কৈছে যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ শেষ হোৱাৰ পিছত বিজেপিয়ে অতি কমেও ২০ খন আসন আগৰ তুলনাত কমকৈ পাব।

এতিয়া আহিল তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছৰ পৰিস্থিতিটো।তৃতীয় পৰ্যায়ত নিৰ্বাচন আহি প্ৰায় মাজ মানে এক নিৰ্ণায়ক অৱস্থা পাইছেহি, কিয়নো ইতিমধ্যে ৫৪৩ আসনৰ ২৯৩ খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে।তৃতীয় পৰ্যায়টো বিজেপি বা এন ডি এৰ কাৰণে এক চূড়ান্ত পৰ্যায় বুলি ক’ব পাৰি। তাৰ কাৰণ হ’ল ২০১৯ৰ সাধাৰণ নিৰ্বাচনত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ৯৪ খন আসনৰ ৮০খনতে বিজেপি জয়ী হৈছিল।কি এইবাৰো তেওঁলোকে তাৰ পুনৰাবৃত্তি কৰিব? নাই, এইবাৰ বিজেপিৰ কাৰণে সেই সম্ভাৱনা নাই।যোৱা নিৰ্বাচনৰ তুলনাত বিজেপি কেৱল এখন ৰাজ্যতে সুবিধাজনক অৱস্থাত আছে সেইখন হ’ল গুজৰাট। যোৱা নিৰ্বাচনত তেওঁলোকে গুজৰাটত ২৬ খন আসনৰ ২৬খনেই পাইছিল। কিন্তু এইবাৰ কংগ্ৰেছ আৰু আপৰ মাজত হোৱা বুজাপৰা আৰু জাতিগত সমীকৰণৰ বাবে হয়তো গুজৰাটতো ২৬খনৰ তিনি বা চাৰিখন আসন বিজেপিয়ে হেৰুৱাবও পাৰে। কিন্তু বিজেপিৰ কাৰণে যুদ্ধক্ষেত্ৰৰ ৰাজ্য হ’ল মূলতঃ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ। কৰ্ণাটকত নিৰ্বাচন হৈছে ১৪ খন আসনত। যোৱাবাৰ ১৪খনৰ ১৪খনেই বিজেপিয়ে পাইছিল। এইবাৰ পৰিবৰ্তিত ৰাজনৈতিক পৰিস্থিতিত, ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থকা কাৰণে আৰু জে ডি ইউৰ দুৰ্বলতা আৰু ৰাভান্নাৰ যৌন কেলেংকাৰীৰ বাবে ১৪খন আসনৰ ১০খন আসন এন ডি এই হেৰুৱাৰ সম্ভাৱনা। মহাৰাষ্ট্ৰৰ নিৰ্বাচন অনুষ্ঠিত হোৱা অঞ্চলটো হৈছে পশ্চিম মহাৰাষ্ট্ৰ।তাত ১১ খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছে। এই অঞ্চলটো হৈছে শাৰদ পাৱাৰৰ প্ৰাধান্য থকা অঞ্চল। ইয়াত এন চি পি(শাৰদ পাৱাৰ) আৰু শিৱসেনা (উদ্ধৱ)ই যৌথভাবে ১১খনৰ ৭ খন আসন পোৱাৰ সম্ভাৱনা। তাৰ পিছত মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, অসম, চট্টিশগড় সকলোতে দুখন এখন কৈ পালেও তৃতীয় পৰ্যায়ত আগৰ তুলনাত এন ডি এ প্ৰায় ২০খন আসন হেৰুৱাৰ সম্ভাৱনা।এইটো মোৰ সমীক্ষা নহয়, ইতিমধ্যে উল্লেখ কৰা ধৰণে যোগেন্দ্ৰ যাদৱকে আদি কৰি বিভিন্ন ৰাজনৈতিক বিশ্লেষকে কৰা সমীক্ষাহে। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছত হোৱা এই ৰাজনৈতিক পৰিবৰ্তনৰ কাৰণেই বোধহয় মোদী ডাঙৰীয়াই হতাশ হৈ যি তি ক’বলৈ আৰম্ভ কৰিছে।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd