JNUত প্ৰকৃততে কি হৈছে; ছাত্ৰ বিক্ষোভৰ গুৰি ক’ত?

JNU Protest

জেএনয়ুৰ ছাত্ৰ বিক্ষোভকাৰীৰ আৰু আৰক্ষীৰ টনা-আজোৰা।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (JNU) শিক্ষার্থী সকলে ছাত্রাবাসৰ মাছুল বৃদ্ধি, ড্রেস কোড আৰু কার্ফিউৰ সময়ত প্ৰকাশ পোৱা হোষ্টেল ম্যানুৱেলৰ বিৰুদ্ধে প্রায় তিনি সপ্তাহ ধৰি বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে।

JNU Student Unionয়ে হোষ্টেল ম্যানুৱেল সম্পূর্ণৰূপে প্ৰত্যাহাৰৰ দাবী কৰিছে।

জে এন য়ু প্রশাসনৰ মাছুল বৃদ্ধিৰ যুক্তি হ’ল এই মাছুল ১৯ বছৰ ধৰি সংশোধন কৰা হোৱা নাই। যদিও বিশ্ববিদ্যালয়ৰ Students Unionয়ে বার্ষিক প্রতিবেদনত উল্লেখ কৰিছে যে ৪০% তকৈও বেছি শিক্ষার্থী নিম্ন-আয় গ্রুপত পৰে আৰু এই বৰ্দ্ধিত মাছুল ব্যয় কৰিব নোৱাৰে।

নতুন ছাত্রাবাসৰ চার্জৰ বাবদ শিক্ষার্থীয়ে প্রতি মাহত ১৭০০ টকা চার্ভিচ চার্জ দিব লাগিব। এই বৰ্ধিত মাছুল আগতে লোৱা হোৱা নাছিল।

ছিংগল ঘৰৰ ভাড়া বাঢ়ি ৬০০ টকা কৰা হৈছে যি প্রতিমাহে ২০ টকা আছিল।

ডাব’ল-শ্বেয়াৰিং ৰুমৰ ভাড়া বাঢ়িছে ৩০০ টকা যি প্রতি মাহে ১০ টকা আছিল।

১১ নৱেম্বৰত সমাৱৰ্তন কাৰ্য্যসূচীত বিক্ষোভকাৰীসকল সমবেত হৈছিল য’ত মুখ্য অতিথি আছিল উপ-ৰাষ্ট্রপতি ভেঙ্কাইয়া নাইডু।

১৮ নৱেম্বৰত সংসদৰ প্রথম শীতকালীন অধিবেশন অনুষ্ঠিত হৈ থকাৰ সময়তে বিক্ষোভকাৰী ছাত্ৰসকলে সংসদলৈ পদযাত্রাৰ চেষ্টা চলাইছিল।

ইপিনে, হোষ্টেলৰ মাছুল বৃদ্ধিৰ প্রতিবাদত মঙ্গলবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত (জেএনয়ু) এখন সংবাদমেল অনুষ্ঠিত হৈছিল।

শিক্ষার্থী সকলৰ পক্ষত কোৱা হৈছিল যে তেওঁলোকে ২৩ দিন ধৰি দাবী জনাই অহা সত্ত্বেও কোনোৱে কিন্তু তেওঁলোকৰ কথা শুনা নাই।

শিক্ষাৰ্থীসকলৰ ওপৰত দিল্লী আৰক্ষীয়ে লাঠিচালনা কৰিছিল। শিক্ষার্থীসকলে জনাইছিল যে, আহত অনেক শিক্ষার্থীয়ে সংবাদমেলত অংশ ল’ব পৰা নাই।

সংবাদমেলত শিক্ষার্থীসকলে অভিযোগ কৰে যে, ছাত্ৰী সকলক দিল্লী আৰক্ষীৰ পুৰুষ জোৱানে ধৰি নিছে যিটো সম্পূর্ণ ভুল তথা মৰ্যাদা হানিকাৰক।