প্ৰথমবাৰৰ বাবে সাংবিধানিক পদত ৰাহুল গান্ধী : বিৰোধী দলৰ নেতা হিচাপে কি কি ক্ষমতা লাভ কৰিব গান্ধীয়ে?

প্ৰায় ৩ দশকৰ ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ বাবে সাংবিধানিক পদ লাভ কৰিছে ৰাহুল গান্ধীয়ে। দীৰ্ঘদিনে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰি আহিছে ৰাহুল গান্ধীয়ে। ইয়াৰ পূৰ্বে দলৰ সভাপতিৰ পদো লাভ কৰিছিল ৰাহুল গান্ধীয়ে। কিন্তু ইয়াৰ পূৰ্বে কেতিয়াও কোনো সাংবিধানিক পদ লাভ কৰা নাই ৰাহুল গান্ধীয়ে।

দেশৰ আষ্টাদশ লোকসভাৰ সংসদত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী। এই পদত কি কি সুবিধা লাভ কৰিব ৰাহুল গান্ধীয়ে?

বিৰোধী দলৰ নেতাক কেবিনেট মন্ত্ৰীৰ সমতুল্য বুলি গণ্য কৰা হয়। মন্ত্ৰীসকলে চৰকাৰৰ পৰা যিবোৰ সুবিধা পায়, সেই সকলো সুবিধা লাভ কৰিব ৰাহুল গান্ধীয়ে।

সংসদ ভৱনৰ ভিতৰত তেওঁৰ সুকীয়া কাৰ্যালয় থাকিব। ইয়াৰোপৰি চিবিআই (চিবিআই)ৰ সঞ্চালক, নিৰ্বাচন আয়ুক্ত, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ নিযুক্তি সমিতিত স্থান পাব বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে। অৰ্থাৎ সকলো গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় সংস্থাৰ মুৰব্বী নিযুক্তি দিয়াত ৰাহুলৰ কথাই গুৰুত্ব লাভ কৰিব।

দৰাচলতে সংসদীয় গণতন্ত্ৰত বিৰোধী দলৰ নেতাৰ গুৰুত্ব অপৰিসীম। চৰকাৰৰ ভুলবোৰ আঙুলিয়াই দিয়া, চৰকাৰক আইনা দেখুওৱাটো তেওঁৰ কাম।

বহুতে অনুভৱ কৰে যে যদি অধ্যক্ষক আতৰাই ৰখা হয় তেন্তে প্ৰধানমন্ত্ৰীৰ পিছতে লোকসভাত বিৰোধী দলপতিয়েই আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি। বিৰোধীৰ কণ্ঠ হিচাপে তেওঁক মানুহৰ সমস্যাৰ বিষয়ে ক’ব লাগিব।

উল্লেখ্য যে ১০ বছৰৰ পাছত কংগ্ৰেছে লোকসভাত বিৰোধী দলপতিৰ পদ লাভ কৰিছে। বিৰোধী দলৰ নেতাৰ হ’বলৈ কোনো এটা দলে লোকসভাৰ মুঠ আসনৰ ১০ শতাংশ আসনত জয় লাভ কৰিব লাগিব। অৰ্থাৎ ৫৫ জন সাংসদৰ প্ৰয়োজন হ’ব।

২০১৪ আৰু ২০১৯ চনত কংগ্ৰেছে ১০ শতাংশ আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু এইবাৰ পৰিস্থিতি বেলেগ। এইবাৰ কংগ্ৰেছত আছে ৯৯ জন সাংসদ। গতিকে এইবাৰ শক্তিশালী হ’ব বিৰোধীৰ ভূমিকা। বিৰোধীৰ কথাত গুৰুত্ব দিবলৈ বাধ্য হ’ব শাসকীয় পক্ষ।